পৃষ্ঠা:অমূল্য ৰত্ন.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাম ৰাইৰ পুত্ৰ পাছে হইব শ্ৰী ৰাই।
মহা ধৰ্ম্ম মতি তেন্তে জন্মিবেক যাই॥ ৬৯
অনন্ত ৰায়ৰ বীৰ্য্যে কাম দেৱৰ অংশত।
কেশ ৰায় নামে তেহো আসি ভৈলা জাত॥
মহা শুদ্ধ ধৰ্ম্ম পাছে তেহো প্ৰৱৰ্ত্তিব।
সেহি নাম ধৰ্ম্ম ধৰি বৈকুণ্ঠে চলিব॥ ৭০॥
শাম্ব অংশে আসি জানা তান পুত্ৰ ভৈলা।
লক্ষ্মীকান্ত নাম লৈয়া তহিতে জন্মিলা॥
গুৰু দেৱ নাম ভকতত প্ৰীতি কৰি।
অনায়াসে চলি যাইব বৈকুণ্ঠ নগৰী॥ ৭১॥
শুদ্ধ সত্ত্ব ধৰ্ম্ম মাত্ৰ তাহান্ত কহিব।
তেহে আৰ ভৈলে পাছে লুপুত যে হইব॥
তাহান পাছত অন্য ধৰ্ম্ম প্ৰৱৰ্ত্তিব।
ইটো নাম ধৰ্ম্ম আৰ কিন্তু নুশুনিব॥ ৭২॥
ভীমৰাজ অংশে সুমিত্ৰাৰ গৰ্ভে যাই।
তান অংশে পুত্ৰ হৈব কৈলো অভিপ্ৰায়॥
আৰ তান দুই পুত্ৰ গৰ্ভে আসিবেক।
কালিন্দ্ৰীৰ দুই পুত্ৰ তান্ত জন্মিবেক॥৭৩
যদু বংশে যত যত আছে পত্নী গণ।
পাণ্ডৱৰ পত্নী গণ আছে যত মান॥
যতেক গোপীৰ কৃষ্ণে তন ভূঞ্জিলন্ত।
দেৱ নাৰী অংশে আসি তেসম্বে ভৈলন্ত॥ ৭৪
গোকুলৰ মথূৰৰ তৃণ তৰু মানে।
সবাহাঙ্কে আমি আনি আছো এহি থানে॥
অষ্টাধিক একশত ষোড়শ হাজাৰ।
যদু বংশে জীৱবধু যতেক আমাৰ॥ ৭৫॥
তাৰা সবো আমাৰ যে লগে আসিচয়।
ভালুক বানৰ হুয়া সবেও জন্ময়॥