পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

বৰাহৰ শক্তি আৰু সপ্তমক জানা।
শ্ৰীৰামৰ শক্তি আৰু অষ্টম প্ৰধান॥
নবমৰ আকাৰক বোধক কহিলো।
দশমৰ শক্তি কল্কি বুলিয়া মানিলো॥৩৩৮॥
দশ অক্ষৰৰ এহি অম্বয় কহিলো।
শৰণক নাম কৰি মালা মধ্যে থৈলো॥
মোৰ নিজ জায়া লক্ষ্মী ভক্ত আতিশয়।
মালাৰূপ হুয়া দেখা গলে প্ৰকাশয়॥৩৩৯॥
মালা ডোৰ ভৈলা তান্ত একান্ত ভকত।
গুহ্যতো পৰম গুহ্য কহিলো তোমাত॥
মহা গুহ্যতম আৰু কথা শুনিয়োক।
ইন্দ্ৰে বোলে শুনা আবে অপেস্বৰালোক॥৩৪০॥
মোৰ পদ লৈবে খোজে নৰ নাৰায়ণ।
তাহাক মোহিও গৈয়া কৰিয়ো যতন॥
ইন্দ্ৰ আজ্ঞা পাইয়া পাছে অপেস্বৰাগণ।
বদৰিকাশ্ৰমক গৈলেক তেতিক্ষণ॥৩৪১॥
তপ কৰি আছে দুই নৰ নাৰায়ণ।
বিদ্যাধৰ অপেস্বৰা পাইলা সেহি থান॥
মৃদঙ্গ দুন্দুভি বাই নাচিবে লাগিলা।
নাৰায়ণ আগে বহু ভাৱ দৰশাইলা॥৩৪২
পঞ্চ সুৰ তুলি ৰাগ দিলন্ত উচ্চাই।
মদগৰ্ব্বে বিদ্যাধৰে মৃদঙ্গ বজাই॥
নাচিবে লাগিলা অপেস্বৰা ভঙ্গীভাৱে।
কাষ পিঠি দেখাইৱন্ত বস্ত্ৰ খসাই গাৱে॥৩৪৩
কামদেৱ পুষ্পবাণ হানিলা সন্ধানে।
কটাক্ষ নকৰে তাক দেৱ নাৰায়ণে॥
নাৰায়ণে বোলে শুনা ইন্দ্ৰ অনুচৰ।
কম্বক নিলাজ পাপ অধম বৰ্ব্বৰ॥৩৪৪॥

৫৫