পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুলড়ি।

পুনুহো মাধৱে বোলে প্ৰভূ আবে
 ছেদিয়ো মোৰ সংশয়।
পূৰ্ণ নাম কাক বোলে মোত আবে
 কহিয়ো কৰি নিশ্চয়॥
তযু মুখে শুনি  গোপানি ভকতি
 মনে খেদ বাঢ়ি যাই।
ইবাৰ যিমতে তোমাৰ অভয়
 পদে হোৱে মোৰ ঠাই॥৪২৬॥

হেন শুনি আতা  শঙ্কৰে বোলন্ত
 শুনিয়ো মাধৱ প্ৰাণ।
তোমাত বিনাই  কৈত মোৰ আৰু
 ইষ্ট দেৱ আছে আন॥
যি কথা পুছিলা  ইটো মহা গোপ্য
 আক কেৱে নজানন্ত।
এতেকে পৰম ঋষি ধৰ্ম্মত্তম
 নাৰদে মাত্ৰ জানন্ত॥ ৪২৭॥

তথাপি তোমাক  কহিবো ইহাক
 তুমি কাতো নকহিবা।
একান্ত স্বৰূপে  বুদ্ধি অনুৰূপে
 হৃদয়ে মাত্ৰ চিন্তিবা॥
বাসুদেৱ জগ- ন্নাথ নিত্যানন্দ
 শঙ্খ চক্ৰ গদাধৰ।
অনাদি অনন্ত  শান্ত নিজানন্দ
 শুদ্ধ সত্ব হৰিহৰ॥ ৪২৮॥

৬৯