পৃষ্ঠা:অমূল্য ৰত্ন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

ৰমানন্দৰ পত্নী জাম্বৱতীয়ে আসিব।
হৰিচৰণৰ ভাৰ্য্যা কালিন্দীয়ে হৈব॥ ৮৩॥
পুৰুষোত্তমেও তিনি কন্যা বিহাইবেক।
ভদ্ৰা মিত্ৰা বিন্দা তেবে তিনি আসিবেক॥
চতুৰ্ভূজৰ ভাৰ্য্যা হুইবে জানা তিনি।
সত্যভামা সত্য আৰ সুন্দৰী ৰুক্মিণী॥৮৪॥
কৃষ্ণভাৰ্য্যা ৰুক্মিণীক তেহে বিহাইৱন্ত।
দুনাই মাধৱে কৰযোৰে বুলিলন্ত।
তোমাথেৰ পত্নী কেনে পুত্ৰে বিহাইৱন্ত।
তুমি পূৰ্ণ ব্ৰহ্ম হৰি নিত্যানন্দ সন্ত॥ ৮৫॥
অংশ কলা বিভূতিক আনিলা আনন্দে।
শুনিয়া শঙ্কৰে পাছে বুলিলা বিচান্দে॥
ছেদোহে সংশয় আবে কৰা ৰঙ্গমন।
ৰামচন্দ্ৰ ভৰত লক্ষণ শত্ৰুঘন॥ ৮৬॥
চাৰি অংশে দ্বাপৰত ভৈলা উতপন।
বলভদ্ৰ শাম কাম গদ চাৰিজন॥
সাত্যকিয়ো অনিৰুদ্ধ মোৰ অংশগণ॥
তোমাত কহিলো মই স্বৰূপ বচন॥ ৮৭॥
কৃষ্ণ অৱতাৰে মই সবাকে আনিবো।
সবাহাঙ্কে নিয়া নিজ থানত থাপিবো।
ইটো অৱতাৰে মই আনি আছো যত।
ইবাৰ যে যাইৱো লীন মোৰ শৰীৰত॥৮৮॥
ৰাম আদি কৰি মোৰ অৱতাৰ যত।
ইতো অৱতাৰে মই আনিবো সমস্ত॥
ৰাম আদি কৰি মোৰ যত অৱতাৰ।
সবাতো কৰিয়া শ্ৰেষ্ঠ কৃষ্ণ অৱতাৰ॥৮৯॥
তাতো শ্ৰেষ্ঠ ইটো অৱতাৰ স্বৰূপত।
নিজ গুণ যশ প্ৰকাশিব জগতত॥

১৩