পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

সহিবে নপাৰি আতি শোকৰ জালত।
তমোময় দেখি পৰিলন্ত চৰণত॥২৬৫॥
মোক এৰি যাহা আবে বাপ জগন্নাথ।
কান্দি কান্দি পৰি চৰণত থৈয়া মাথ॥
শুনিয়া শঙ্কৰে পাছে বুলিলা হাসিয়া।
নযাইবো মাধৱ আমি তোমাক এৰিয়া॥২৬৬
তথাপিতো থাকিবাৰ কহো মোৰ ঠাই।
স্থিৰ মনে শুনা তুমি আৰ অভিপ্ৰায়॥
মোহোৰ থানৰ আবে শুনিয়ো মহিমা।
নপাওঁ আদি অন্ত মই কহি তাৰ সীমা॥২৬৭
নাহিকয় গঢ় দ্বাৰ নাৰীৰ সঞ্চাৰ।
ব্ৰহ্মা বিষ্ণু হৰ ইন্দ্ৰ নপাৱে ওচৰ॥
তৈৰ হন্তে আসি আমি আছো এহি ঠাই।
সংসাৰী জীৱক আমি তাৰিবো সদাই॥২৬৮
ধৰ্ম প্ৰচাৰিবে দেখা দিয়া আছো আমি।
তাহাৰ জানিবা সূক্ষ্ম বেশ নিয়া তুমি॥
মহা থিৰ বুদ্ধিমন্ত যিটো নৰ চয়।
মহা দিব্য ৰত্ন কিছু ৰেসাউক নিচ্ছয়॥২৬৯
মোক যিটো জনে কায় বাক্য মনে ধৰে।
এক চিত্ত মনে যিটো গুৰু বুদ্ধি কৰে॥
মুকুতি পৰম পদ তাকো চেৰাই যাইব।
মোহোৰ পাশত থান তাৰা সবে পাইব॥২৭০
মহাশুদ্ধ ভাৱে ত্ৰিশকোটিয়ে বিৰিবো।
ইটো দেহা এৰি সবে মোৰ সঙ্গ পাইবো।
বচনে কেৱল মাত্ৰ গুৰু বুলিবেক।
মনে চিতে জানা সিটো আন ভাবিবেক॥২৭১
যি শিক্ষা দিবে তাক নধৰিব মনে।
আঠ কৌটি নৰকক যাইব এহি গুণে॥

৪২