পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন


মাধবে বেলন্ত ইটো গৃহী নে উদাস।
হেন শুনি শঙ্কৰে যে তুলিলন্ত হাস।
বুঢ়া খাৰ সমীপত তাহাৰ যে ঘৰ।
সিটো গৃহ এৰি সঙ্গ লৈলে ভকতৰ॥৪০৬
হাটীৰ মুৰত বাসা তেহেযে লৈলন্ত।
গৃহক গৈলেক বুলি কেহো নেসোধন্ত॥
বলোৰাম সৰ্ব্বজয় ভকত সকল।
বোলে নাম নলৈলেক আৰ কিবা ফল॥৪০৭
হেন শুনি মোৰ মনে বিষাদ মিলিলা।
আমি তান গৃহে গৈলো জানিয়া উঠিলা॥
তিনি পৰ মান সিটো বাসায় আছিলা।
মোৰ নাম লৈয়া সিটো নিজ থানে গৈলা॥৪০৮
শুনি মাধৱৰ মনে সংশয় মিলিলা।
পুনৰপি কৰযোৰে পুছিবে লাগিলা॥
অক্ৰুৰৰ ৰথখান কোনে তৈত ভৈলা।
শুনি ইষ্ট বন্ধু মোত কহিবাক লৈলা॥৪০৯
গৰুড়ৰ দুই পাখা দুইগোটা পাৱ।
চাৰি ঘোৰা আসিয়া ভৈলন্ত সেহি ঠাই।
ৰথৰ যুঁৱলি ভৈলা গাণ্ডি গোট যাই।
ঠোঁট গোটে ভৈলা জানা ধজৰ পৰাই।
আৰু পখা সৱ জানা বাঘ জুৰী ভৈলা।
ৰথৰ চাবুক অক্ৰুৰৰ খেদ ভৈলা॥
আপোন বাহন জানি তাতেসে উঠিলো।
তুমি আমি তাতে উঠি মথুৰাক গৈলো।১১
মহা অদভূত শুনি বিস্ময় লভিলো।
অনেক কাতৰ কৰি কথাক সুধিলো॥
তোমাৰ বাহনে বাপ যেবে ৰথ ভৈলা।
কিনো ভাগ্য অক্ৰুৰৰ তাহাতে চড়িলা?

৬৬