পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

এহিসে কাৰণে তোমাৰ জানিবা
 ত্ৰিবিধ প্ৰকাৰ ভৈলা।
দেৱী পূজা কৰ্ম্ম দাস ভাৱ আদি
 জ্ঞান শ্ৰুতি পাসৰিলা॥ ৩২৬॥
শঙ্কৰ স্বৰূপ  জগত ঈশ্বৰ
 ধৰা তান গুণ নাম।
বোলন্ত মাধৱে  ভকত সকলে
 ডাকি বোলা ৰাম ৰাম॥
ভাৰ্য্যা পুত্ৰধন  অথিৰ জীৱন
 পদ্ম পত্ৰ জল সম।
নেনা আলে জালে  ধৰি আছে কালে
 নিৰন্তৰে বোলা ৰাম॥৩২৭॥

———

পদ।

হেন পৰম ব্ৰহ্ম প্ৰভূ নাথ নিৰাকাৰ।
তোমাৰ চৰণে কোটি কোটি নমস্কাৰ॥
মই ভিক্ষুকক প্ৰভূ দিয়া উপদেশ।
হৃদয়ত থাকি মোৰ নাথ হৃষীকেশ॥ ৩২৮॥
হে হে পৰম গুৰু দৈৱকী নন্দন।
ব্ৰহ্মা আদি দেৱে সেৱে যাহাৰ চৰণ॥
সহস্ৰ বয়নে যাৰ অন্তক নপাই।
সনক সুনন্দ সিদ্ধে যাৰ গুণ গাই॥ ৩২৯॥
ভানুৰ উদয়ে যেন অন্ধকাৰ ক্ষয়।
তেনমতে অন্ধকাৰ নাশিল নিশ্চয়॥
যেন সিংহনাদে মৃগগণ হুয়া ভয়।
অৰণ্যক এৰি বহু দূৰক পলায়॥ ৩৩॥

৫৩