পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

জগজীৱ জগ পালক অচ্যুত
 কংসাৰি মধু দৈত্যাৰি।
হিৰণ্য বিদাৰি ভৱ ভয় হাৰী
 পৰশুৰাম মুৰাৰী॥
বিত্ত বিস্মন্তৰ সনত কুমাৰ
 অজ ব্ৰহ্ম বিত্ত্ব সন।
নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ
 জগত জন বন্দন॥ ৪২৯॥
কমল লোচন কলুষ মোচন
 শ্ৰীৰাম ৰঘুপতি।
মৎস্য নৰসিংহ বৰাহ বিৰিঙ্গ
 জয় জয় যদুপতি॥
পীতাম্বৰ ধৰ শ্ৰীবৎস লাঞ্চল
 উপেন্দ্ৰ বটু বামন।
হলিৰাম ৰাম হলায়ুধ কুৰ্ম্ম
 শিৱ নাথ জগজন॥ ৪৩০॥
বুদ্ধ কল্কি খ্যাত শ্ৰীমন্ত সনত
 বিশ্বধৰ নৰহৰি৷
এতেকে নামৰ  শক্তি বহুতৰ
 একে কৃষ্ণে আছা ধৰি॥
ফণায়ে অনন্ত  ছত্ৰ ধৰিলন্ত
 দৈৱকীত জাত ভৈলা।
বসুদেৱ সন্ত  কৃষ্ণক লৈলন্ত
 নন্দ গৃহে নিয়া থৈলা॥৪৩১॥
গোকুলত হৰি শিশু লীলা কৰি
 চলি গৈলা বৃন্দাবন৷
তাসম্বাৰ গৰ্ব্ব বাঢ়িল দেখিয়া
 ভৈলা হৰি অন্তৰ্দ্ধান॥

৭০