পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

কিবা হেতু কৃষ্ণ সেহি অঙ্গ মালা
 মাথাত আনি লৈলন্ত।
কহিয়ো কাৰণ  মোৰ ইষ্ট বন্ধু
 তহিত কোন ভৈলন্ত॥
পূৰ্ব্বে বৈকুণ্ঠত  কৃষ্ণে আদেশিলা
 যিটো নিজ বনমালা।
কংস বধিবাক  যাহন্তে পথত
 সুদাম তাকেসে দিলা॥ ৩১৬॥
তাতে মহা তুষ্ট  হুয়া পাছে মই
 অচলা ভকতি দিলো।
সেহি বাসনায়ে  সুদামৰ জানা
 থানক দুনাই আসিলো॥
কৈবৰ্ত্ত কুলত  পৰীক্ষিত নামে
 পৰম বৈষ্ণৱ ভৈলা।
মহা ভক্তি ভাৱে  অহিতো তেহেন্তে
 আমাৰ মালিয়া ভৈলা॥ ৩১৭॥
সেহি তৈৰ মালা  আসিয়া অহিত
 মালতী পুষ্প ভৈলন্ত।
পৰীক্ষিতে তাৰ  মালাক গাঁঠিয়া
 নিতান্তে মালা যোগান্ত॥
তুমি শুদ্ধ চিত্ত  গম্ভীৰতো ধীৰ
 সাক্ষাতে আমাৰ প্ৰাণ।
যিকাৰণে দাস  ভাব ভৈলা তুমি
 তাহাৰ শুনা কাৰণ॥ ৩১৮॥
বলভদ্ৰ তুমি  আছিলা যৈসানি
 ৰেৱতী তযু সুন্দৰী৷
নাট মন্দিৰত  নিতে নৃত্য কৰে
 চাইলা তাক ৰঙ্গ কৰি॥

৫০