পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 এই অমূল্য ৰত্ন শাস্ত্র খনি প্রায় দুবছৰৰ আগৰ পৰা বিচাৰি নাপাই মন বৰ অশান্তিত আছিল। বর্ত্তমান ১৩৫৩ চনৰ ফাগুন মাহত এজন বৰপেটাত থকা আধাকেউলীয়াৰ পৰা পাই পঢ়ি শাস্ত্ৰ খনত লিখকৰ নাম নাপালাে । সাঁচিপতীয়া কাইথেলী আখৰেৰে, ১৭৬৪ শকৰ ২১ আহিনত লিখা তাৰিখ আছে। আৰু কোনাে কোনাে পদৰ দুই চাৰিটা অমিল যেন পাই, মােৰ পৰম পূজ্য খাটীকুছি শলাগুৰি সত্ৰৰ শ্ৰীযুক্ত ধর্ম্ম চন্দ্র দেৱ অধি- কাৰ গুৰুদেৱৰ ওচৰলৈ লৈ গলো। তেখেতৰ সেৱক আৰু মােৰ পৰম বন্ধু শ্ৰীযুত নন্দৰাম বড়া তিনিওজনে আগৰ ছপা পুথি এখনৰ লগত মিলাই চালো। কেইমাহ মানৰ পাছত সাচিপাতৰ সুন্দৰ আখৰৰ ১৫০ বছৰৰ আগৰ পুথি এখনেৰে মিলাই বহু যত্নেৰে এই শাস্ত্র খনি প্ৰকাশ কৰিবৰ মন কৰি ৰাইজৰ আগত দাঙি ধৰিলো।