পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন


যতেক শকতি মোৰ সমস্তকে নিবো।
বসুদেৱ গৃহে মই আপুনি জন্মিবো॥
পাণ্ডৱৰ ঘৰে গৈয়া নৰো জন্মিবেক।
কৃষ্ণ-ধনঞ্জয় দুয়ো নাম ধৰিবেক॥ ৩৫৯
অধম গোৱল মধ্যে মোক্ষ হইবি তই।
এহি অস্ত্ৰে ডাঙ্গ হৈবে বুলিলোহো মই॥
কৃষ্ণে বৈকুণ্ঠক যান্তে সবে শক্তি নিবো।
অৰ্জ্জুনৰ যত বল সমস্তে টুটাইবো॥৩৬০
দম্ভ তই হুইবি গৈয়া অধম গোৱাল।
অৰ্জ্জুনক জিনিবিহি বুলিলো সকাল॥
কৃতাঞ্জলি কৰি নৰে বুলিলা বচন।
কি কাৰণে শাপিলাহ প্ৰভূ নাৰায়ণ॥৩৬১
শুনি নাৰায়ণে পাছে বুলিলা বচন।
তোমাৰে আমাৰে জানা একে জীৱপ্ৰাণ॥
তুমি মহা প্ৰিয়তম সুহৃদ পৰম।
নাহিকে বান্ধৱ আন তুমি মোৰ সম॥৩৬২॥
নেদো শাপ মই ইটো বৰসে প্ৰধান।
ই শাপৰ আৰে মই কহিবো নিদান।
ইটো দেহ এৰি হৈবা ধনঞ্জয় নাম।
শতেক কৌৰবে যাৰ নুহিবেক সম॥৩৬৩
মহা পৰাক্ৰমী হৈবা বীৰ মধ্যে সাৰ।
আমি সমে দুয়ো হৰিবোহো ভূমিভাৰ॥
কৃষ্ণ বৈকুণ্ঠক যান্তে লগক নপাইবা।
জীয়ন্তে মুকুত হুইয়া উত্তৰক যাইবা॥ ৩৬৪॥
সিটো দেহা এৰি আবে শুনিয়ো কাহিনী।
যাঠি সহস্ৰ যুগত কহিলো যৈসানি॥
বল ভক্তি শক্তি মই সমস্তকে নিবো।
শঙ্কৰ স্বৰূপে শূদ্ৰ কুলে উপজিৱে॥ ৩৬৫॥

৫৮