পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

বিশ্বামিত্ৰে বিকিবে তোক চণ্ডালে কিনিবো।
শাপৰ জানিবা অন্ত তেবেসে হইবো॥ ৩০৭
চণ্ডাল যি হইবো তাৰ শুনিয়োক কথা।
চণ্ডাল স্বৰূপে ধৰ্ম্ম আসিবেক এথা॥
বশিষ্ঠৰ শাপে তেহে চণ্ডাল ভৈলন্ত।
মহা নিগ্ৰহতো তভো ধৰ্ম্ম নেৰিলন্ত॥৩০৮॥
নমস্কাৰ কৰি দুনাই মাধৱে বুলিলা।
মনৰ সংশয় মোৰ সমস্তে গুচিলা।
আৰু এক কথা পোছো শুনা কৃপাময়।
মহা বিপৰীত মোৰ সংশয় আছয়॥৩০৯॥
গোকুলৰ গৰু গোপ তৃণ বন যত।
বোলা সবে ঐক আসি আছয় সমস্ত॥
শুনা সভাসদ পদ অমূল্য ৰত্নৰ।
বোলা হৰি হৰি সামাজিক নিৰন্তৰ॥৩১ ০॥

দুলৰি।


শিঙ্গা বেত বেণু উৰুখল ৰজু
 কোনে কোন বিধ ভৈলা।
তোমাৰ পাৱত কোনজন আসি
 কোন ৰূপে সেৱা কৈলা।
ইহাৰ কাৰণ কহিয়োক বাপ
 অনাথৰ নাথ তুমি।
হে প্ৰাণ বন্ধু তোমাৰ চৰণে
 শৰণ পশিলো আমি॥ ৩১১॥
মাধৱৰ বাণী শুনিয়া শঙ্কৰ
 বুলিলা পাছে বচন।
যিবা বস্তু যিবা ৰূপে আসি ঐত
 আমাৰ সেৱে চৰণ॥

৪৮