পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

আৰু তিনি পথ জানা হইব মতান্তৰ।
দামোদৰ হন্তে মূৰ্ত্তি হৈব ব্ৰাহ্মণৰ॥২৭২
প্ৰতিমাত কাস্তা তাৰ হৈবে তীৰ্থ বুদ্ধি।
মন বাক্য শৰীৰৰ নুহিবেক শুদ্ধি॥
যদি শুদ্ধ ভাবে কাস্তা তাহাত কৰয়।
একবিধ মুকুতিক পাইবেক নিচয়॥২৭৩
শুদ্ধ চিত্ত মনে যদি তভো কাস্তা নাই।
মুকুতিক বঞ্চিবেক মোক্ষক নপাই॥
তোমাৰ মতক বুলি লোকত কহিবো।
ভাণ্ডি চুৰি কৰিয়া শৰীৰ প্ৰবৰ্ত্তাইবো॥২৭৪
ভাৰ্য্যা ধন বিত্ত আশায় এৰিব বিশ্বাস।
শিষ্যৰ ভাৰ্য্যাক গুৰু কৰিবেক আশ॥
গোপৰ বীৰ্য্যক মাৰি আৰু ধুৱাই খাইবো।
এহি মহা ধৰ্ম্ম বুলি লোকত কহিবো॥২৭৫
সেহি শিক্ষা শিষ্যে দৃঢ় কৰিয়া ধৰিবো।
আমাৰ নামক পাছে গুপুত কৰিবো॥
তাৰ যেন গতি হৈবে তাক শুনিয়োক।
অৱশ্যে গৰ্ত্তক নিবে জানিবা তাহাক॥২৭৬
অম্ৰাৱতী পুৰে কুশ কণ্টক নগৰ।
তাহাৰ মধ্যত থান হৈবেক তাহাৰ॥
পুৰুষোত্তম চতুৰ্ভূজে শুদ্ধ ধৰ্ম্ম কৈবো।
আসাম দেশৰ বাহ্ৰ ভকত আসিবো॥২৭৭
চতুৰ্ভূজ সঙ্গে আৰু হৈব পাঞ্চ জন।
মোক গুৰু বুলি সবে কৰিবো শৰণ॥
তাৰা সবে গৈয়া মোৰ থানক পাইৱন্ত।
তাসম্বাৰ পুত্ৰ নাতি যেন কৰিৱন্ত॥২৭৮॥
উচ্চাসনে বসি মহা ধৰ্ম্ম বিহিৱন্ত।
গুৰু দেৱ ভক্ত পদ আপুনি লৈৱন্ত॥

৪৩