পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশকৰ গোহাৰি।

 পাঠকসকল, মই এজন অতি সামান্য অৰ্থ আৰু বিদ্যাহীন নগণ্য প্ৰাণী। মোৰ ভুল পদে পদে হব পাৰে। পাৰে কি হবই। তথাপি

চণ্ডালে হৰিনাম লৱে মাত্ৰ।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ॥

কিন্তু ইয়াত লিখা হৈছে ভগবানৰ গুণ, আৰু চৰিত্ৰ।

ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল। (কীৰ্ত্তন)
দাতাত চোৰত যেন দৃষ্টি একতুল॥
কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মা ৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥
নীচত সাধুত যাৰ এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয়া সৰ্ব্বজন॥

 এতেকে—সাধু সকলে ঘৃণা বোধ নকৰি, হৰি নাম বুলি ভাবি এবাৰ চকু ফুৰালে মোৰ অধমৰ লিখাৰ সাৰ্থক হয়। আৰু পাখা অনুমানেহে পখী উৰিব পাৰে।

আৰু অলপ কবলগীয়া

 আজি মোৰ বয়স ৫৬ বছৰ পাৰ হ’ল। আজি প্ৰায় ৮৷৯ বছৰৰ পৰা ভাগৱত, গীতা, মহাভাৰত, ৰামায়ণ, পুৰাণ, কীৰ্ত্তন, নাম- ঘোষা, প্ৰেমাৱলী, ৰত্নাৱলী, ৰত্নাকৰ, নাম মালিকা, পদ্মপুৰাণ, স্বৰ্গখণ্ড, ভক্তিপ্ৰদীপ, গৰুড় পুৰাণ, আৰু ৰাজ বংশাৱলী, ও মহাপুৰুষসকলৰ চৰিত্ৰ কিছু কিছু পঢ়িলো। কিন্তু ব্ৰহ্মা, হেশ, অনন্তেও যাৰ অন্ত নাপায়, আমি মুঢ়ই কেনেকৈ অন্ত পাম! তথাপি যাৰ যেনে শক্য, সেইদৰে কিছু লিখা হল। এতিয়া অলপ ভাগৱত কোৱা হওক। ওঁ নমো ভাগৱতে বাসুদেৱায়। এইবাৰ আখৰেৰে বাৰ স্কন্ধ ভাগৱত।