পৃষ্ঠা:অমূল্য ৰত্ন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

শুনিয়া মাধৱ অতি হৰাষত ভৈলা।
পুনু নমস্কাৰ কৰি বুলিবাক লৈলা॥৩৪॥
মহেশৰ অলঙ্কাৰ যতেক আছয়।
কোনে কোন স্থানে আছে কহিবে লাগয়॥
শুনিয়ো মাধৱ আৱে মোহোৰ বচন।
মোহোৰ পাৱৰ পদ্মচয় বিতোপন॥৩৫॥
তাৰ এক নখ গৈয়া মাথাত নিচয়।
অৰ্ধচন্দ্ৰ কলা ৰূপে প্ৰকাশ কৰয়॥
নাৰদৰ হাতে যিটো বীণা যে আছয়।
হাতৰ ডম্বৰু সিটো জানিবা নিশ্চয়॥৩৬॥
তোমাৰ যে অঙ্গে কঙ্কণ সৰ্পয়েসে হাৰ।
সৰ্ব্ব গায়ে আসিয়া ভৈলেক অলঙ্কাৰ॥
সুধন্বা সুৰথে ভক্তি পূৰ্ব্বে কৰিলন্ত।
তান মুণ্ড মালা নিয়া গলত লৈলন্ত॥৩৭॥
একান্ত ভকতি আৰু সতী কৰি চন্ত।
দক্ষৰ যত সতী প্ৰাণ ত্যজিলন্ত॥
জনমে জনমে সতী পাৰ্ব্বতী মৰন্ত।
ভকত মানিয়া হৰে তান মুণ্ড লন্ত॥৩৮॥
ৰামৰ বাকলি বাঘ ছাল যে ভৈলন্ত।
বামনৰ পদ ধূলা ভস্ম যে ভৈলন্ত॥
গৰুড়ৰ অংশে আসি বৃষভ ভৈলন্ত।
হৰৰ বাহন হৈয়া কৈলাশে ৰৈলন্ত॥৩৯॥
কোন ভক্তে কোন কোন ভক্তি কৰিলন্ত।
কোন কোন ভক্ত ইথানক আসিলন্ত॥
ব্ৰহ্মা হৰ মনু আদি যত ভক্তগণ।
তেৰা সৱে বৈকুণ্ঠত ভৈলা উৎপন॥৪॥
পঙ্কজ বৈকুণ্ঠে মই আছো ৰঙ্গ মনে।
বাৰ জন ভক্ত গৈলা দেখিবাক মনে॥