পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

যেন মহা অৰণ্যক অগ্নি কৰে ক্ষয়।
পাষণ্ড অৰণ্য ভৈলা তুমি অগ্নিময়॥
যেন হৰি দেৱতাক মৃত ভূঞ্জাইলা।
অদ্যাপিও সেহিমতে ভক্তি সব দিলা॥৩৩১॥
অমৃত ভূঞ্জিয়া দেৱ উন্মত ভৈলন্ত।
ভযু ভক্তি মৃত প্ৰভূ সিমত নোহন্ত॥
যিটো ভক্তি ৰস পান কৰে ভক্ত গণে।
তোমাৰ চৰণ চিন্তে কায় বাক্য মনে॥৩৩২॥
তাসম্বাৰ সঙ্গী প্ৰভূ ভৈলো মই যেন।
মহা গুৰুতৰ সঙ্গ আছা নাৰায়ণ॥
মালাৰ কাৰণ আবে কৈয়ো গুৰুদেৱ।
তুমি বিনে মোহোৰ বান্ধৱ নাহি কেৱ॥৩৩৩
শুনিয়ো মাধৱ তুমি চিত্ত থিৰ কৰি।
পৰম শ্ৰদ্ধায়ে যিটো সোধয় সাদৰি॥
তাহাত কহিবা ইটো মহাজ্ঞান তত্ত্ব।
নকহিবা ইটো জ্ঞান দাম্ভিক জনত॥৩৩৪॥
প্ৰথমৰ গুৰু কৃষ্ণ জানিবা নিশ্চয়।
দ্বিতীয়ৰ অক্ষৰক দেৱ বুলি কয়॥
তৃতীয়ৰ হৰিনাম বুলিয়া জানিবা।
চতুৰ্থৰ নাম নিজ ভক্ত বুলি লৈবা॥৩৩৫॥
শৰণ প্ৰকাৰে চাৰি বস্তু মানি লৈবা।
এহিসে কাৰণে আক গোপ্য কৰি কৈবা॥
আৰু প্ৰথমৰ কৃষ্ণ মৎস্য অৱতাৰ।
দ্বিতীয়ত জানা ভৈলা কুৰ্ম্ম অৱতাৰ॥৩৩৬
তৃতীয়ৰ কৃষ্ণ নৰসিংহ বুলি কয়।
চতুৰ্থৰ অষ্ট বামনৰ শক্তি চয়॥
পঞ্চমৰ কৃষ্ণ শুনা পৰশু ৰামৰ।
ষষ্ঠৰ যে শক্তি ভৈলা হলি যে ৰামৰ॥৩৩৭॥

৫৪