পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

পঙ্কজ বিলাস  বৈকুণ্ঠ আসিয়া
 বৃন্দাবন আসি ভৈলা॥
এতেকে আসিয়া অৱতাৰ ভৈলা
 সিটো বৃন্দাবনে যাই।
সাতো বৈকুণ্ঠৰ চৈধ্য ভুৱনৰ
 মোক্ষ ভৈলা সেহি ঠাই॥ ১৬২৷।
আমাৰ বিভূতি  ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰ
 আনে যত দেৱগণ।
গোকুলত আসি সবেয়ো জন্মিলা
 হুয়া গোপ গৰু তৃণ॥
আন যত পখী পশু নিৰন্তৰ
বৃন্দাবন ভৈলা গৈয়া।
দেৱতাগণৰ কিনো ভাগ্যোদয়
 ব্ৰজত জন্ম লভিয়া॥ ১৬৩॥
অনেক কাকূতি  কৰিয়া মাধৱ
 পুছিলা দুনাই তথা।
কেন মতে বৃন্দা-  বন ভৈলা নাম
 কহিয়ো তাহাৰ কথা॥
শুনিয়া শঙ্কৰে বুলিলন্ত আবে
 শুনিয়ো তাৰ উত্তৰ।
বৃন্দা নামে এক  দুৰ্ঘোৰ ৰাক্ষসী
 আছিলন্ত নাম তাইৰ॥১৬৪॥
বৃন্দাবন হেন নামৰ অণ্বয়
 এহিসে কাৰণে ভৈলা।
পৰম পুৰুষ। নিজা নন্দ সূক্ষ্ম
 কৃষ্ণ বৃন্দাবনে গৈলা॥
অঙ্গ পৰি পান্তি দেখিয়া কৃষ্ণৰ
 যশোদা আনন্দ ভৈলা।

২৬