পৃষ্ঠা:অমূল্য ৰত্ন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৷৶৹

 গধূলিৰ প্ৰসঙ্গঃ- প্ৰথমে গুৰু ভট্টিমা “জয় গুৰু শঙ্কৰ” গাই টোটয়, চপয় বা আন ভট্টীমা এটি গাব। তাৰ পিচত গুণমালা এটি গাব। পিচত লীলা মালা দুটি গাব। তাৰ পিচত উপদেশ ৪ টি গায় গুণমালা সামৰিব। তাৰ পিচত বড়গীত এটা গাই নাম-প্ৰসঙ্গ আৰম্ভ কৰিব। ডাকা আৰু সামৰণি প্ৰণালী একেই। তাৰ পাছত ঘোষা ছন্দ
৪ টি গাব। তাৰ পাছত কীৰ্ত্তন গাই সামৰণি কৰিব।

 ভাগৱত পাঠ কৰি— জয়ওঁ সামৰণি কৰিব।

 এই প্ৰসঙ্গ যিসকলে সুচাৰু ৰূপে বুজি নাপায় তেখেত সকলে সুশিক্ষিত গুৰুৰ ওচৰত শুধৰাই লব॥ এই প্ৰসঙ্গৰ নিয়ম মোৰ গুৰুদেৱ খাটীকুছি সলাগুৰী সত্ৰৰ শ্ৰীশ্ৰীযুক্ত ধৰ্ম্ম চন্দ্ৰদেৱ অধিকাৰৰ অনুমতি লৈ লিখা হল।

 প্ৰকাশকঃ- শ্ৰীকৃষ্ণকান্ত দাস। বায়ন
পোঃ নলবাৰী, সাং সন্ধা
কামৰূপ অসম॥

 এই অমূল্য ৰত্নগ্ৰন্থ প্ৰচাৰ কৰোতে আমাৰ অনেক ভুল হব পাৰে। এই বাবে জগত গুৰু শ্ৰীশ্ৰীশঙ্কৰদেৱৰ চৰণত আৰু তেওঁৰ ভক্তসেৱক সকলৰ চৰণত ক্ষমা মাগিলো॥ বটদ্ৰৱাৰ শ্ৰীশ্ৰীশঙ্কৰ দেৱৰ বংশধৰ বৰ্ত্তমান খাটীকুছি সলাগুৰি সত্ৰৰ শ্ৰীশ্ৰীযুক্ত ধৰ্ম্মচন্দ্ৰ দেৱ অধিকাৰ আৰু মোৰ পৰম বন্ধু শ্ৰীযুত নন্দ ৰাম বড়া খাটিকুছি সলাগুৰি সত্ৰৰ সেৱক তেখেত সকলে যথেষ্ট সহায় কৰিছে গতিকে তেখেত সকলৰ মই চৰণ প্ৰাৰ্থী হৈ শলাগ ললো।

নলবাড়ী, সাং সন্ধা
১৩৫৩ চন, ২১ আহাৰ

বিনীত
শ্ৰীকৃষ্ণকান্ত দাস