পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমুল্য ৰত্ন


হেন শুনি হৰি পাছে দিলা সমিধান।
কি কাৰ্য্যে শাপিলো তোক কহিব কাৰণ॥১৮০॥
তথাপিতো প্ৰসাদ যে দিবো তোক মই।
মোৰ পাঞ্চ চিহ্নক ধৰিবি মাথে তই॥
কাশ্যপৰ বীৰ্য্যে জন্ম ধৰিবিহি যাই।
গৰুড় সহিতে বাদ কৰিবি সি ঠাই॥১৮১॥
সৌভৰিৰ মস্য গৰুড়ে ধৰি খাইব।
ঋষি শাপে গৰুড় যে হ্ৰদক নযাইব॥
গৰুড়ৰ ভয়ে তই সেহি হ্ৰদে যাইবি।
চিৰকাল যাই তই হদত থাকিবি॥ ১৮২॥
বৃন্দাৱনে গৰু চাৰি ফুৰিবো আপুনি।
নজানিয়া গোপ গৰু খাইব বিষ পানী।
দুৰ্ঘোৰ বিষৰ জালে মৰিব তেখনে।
জীয়াইবোহো মই গৈয়া অমৃত নয়নে॥১৮৩
মহাদেৱে কদম্ব হইবেক সেহি ঠাই।
বস্ত্ৰ কাচি আমি তাতে চৰিবোহো যাই॥
শুনিয়া মাধৱে পাছে বুলিলা বচন।
মহাদেৱে বৃক্ষ তথা ভৈলা কিকাৰণ॥ ১৮৪॥
যি কালত বামণে কটাহ ফুটাইলন্ত।
মহাদেৱে তাতে মাথা পাতিয়া লৈলন্ত॥
বামণক কান্ধে লইবে প্ৰাৰ্থিলন্ত হবে।
হেন শুনি হাসি হৰি দিলন্ত উত্তৰে ॥১৮৫॥
কৃষ্ণৰূপে বৃন্দাবনে কুড়ি বোহো যাই।
হ্ৰদে গৈয়া কদম্ব হৈবাহা সেহি ঠাই॥
কালীক দমিবে মনে চৰিবোহো তাতে।
পৰম প্ৰসাদ তুমি পাইবাহা সাক্ষাতে॥ ১৮৬
এহি হেতু কদম্ব হৈবাহা যাই তুমি।
কালীক দমিবো তযু কান্ধে চৰি আমি॥

৩০