পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

মনখায়ে কেতাইখায়ে জানা তুমি য়াক।
যুৱঁলিয়ে চূণ পৰা জানিবা তাহাক॥ ১৩২
আৰো এক কথা কহো তাহাক শুনিবা।
বৰুৱা নামক ধৰি দাৰুকে জন্মিব॥
আগ্নিলণ্ডা দেৱচন্দ্ৰ ভৈলা চণ্ডীবৰ।
বৰুণে জয়ন্ত দলৈ বায়ু ৰাজধৰ॥১৩৩॥
সূৰ্য্যে সূৰ্য্যবৰ একি অশ্বিনী কুমাৰ।
হলায়ুধে ভৈলা জানা আসিয়া কুৱেৰ॥
অনেক ভকতি ভাৱে মাধৱে পুছয়।
চাৰিটি শৰণ কোনে কহিয়ো নিশ্চয়॥১৩৪
শুনিয়া শঙ্কৰে পাছে কহিবে লাগিলা।
অংশে আসি ভাণ্ডিৰ যে বটবৃক্ষ ভৈলা॥
বস্ত্ৰ লৈয়া আসি যিটো কদম্বে চৰিলা।
যমুনাৰ তীৰে চক্ৰ সেহি বৃক্ষ ভৈলা॥১৩৫
কেলি কদম্ব সদা জানিবা তহিত।
পদ্ময়ে জানিবা তান দেখিবা সাক্ষাত॥
মহা গুৰুতৰ ইটো পৰম গোপীনী।
কহিবো ৰহস্য কথা থাকিবাহা শুনি॥১৩৬
শৃঙ্খ চক্ৰ গদা পদ্ম অস্ত্ৰ চাৰি খান।
মোহোৰ নামক মাত্ৰ স্মৰিবা সঘন॥
গুৰুৰ দুইভূজ দেখি শৰণ কৰিবা।
তেন মতে দুইভূজ দেৱক ভজিবা॥১৩৭॥
ভক্তৰ যে দুইভূজ হৃদয়ে ধৰিবা।
পূৰ্ণকৃষ্ণ নাম আনি মনত অৰ্পিবা॥
শঙ্খে গুৰু চক্ৰে দেৱ জানিবা নিশ্চয়।
গদা নাম পদ্ম ভক্ত এহিসে নিৰ্ণয়॥১৩৮॥
এহি চাৰি অস্ত্ৰ মোৰ দেখিবা সাক্ষাত।
গুৰুদেৱ নাম ভক্ত অৰ্পিবা আমাত॥

২০