ৰ’দ জিলমিল

ৱিকিউৎসৰ পৰা

[  ]
 

ৰ’দ জিলমিল

 

ৰাষ্ট্ৰীয় পুৰস্কাৰ-প্ৰাপ্ত পুথি

 

জীৱন মাধুৰী নেওগ

 

নন্দন প্ৰকাশ

আজলীতৰা

গুৱাহাটী-৭৮১০০৫

[  ]
 

ROD JILMIL—A National award winning novelette, written in Assamese by Miss Jeewan Madhuri Neog and Published by Nandan Prakash, Ajalitara, Dispur, Guwahati-781005

 

মূল্য : সাত টকা

 

লেখিকাৰ দ্বাৰা সৰ্বস্বত্ত্ব সংৰক্ষিত
বেটুপাত আৰু অঙ্গসজ্জা : শ্ৰীত্ৰৈলোক্য দত্ত
প্ৰথম প্ৰকাশ : মাৰ্চ, ১৯৮৪
মুদ্ৰক : শৰাইঘাট প্ৰিটাছ
  গুৱাহাটী-৭৮১০০৩

 

[  ]

উছৰ্গা

শৰত মঙ্গল নেওগলৈ

নিবদয় কাল-পচোৱাৰ
নিকৰুণ প্ৰথম স্পৰ্শত,
তুমি ফুল সৰিলা হিয়াৰ
জীৱনৰ পূৰ্ণ বসন্তত।

নুশুকাই নজহি এফেৰি
নসহি সলনি একোলই,
গুচি গ'ল'। অভিমান কৰি
চিৰকাল—চিৰকাললই।

তোমাৰ কৰুণ স্মৃতিত

—জোন বাইদেউ

[  ]

ৰ’দ জিলমিল

॥ এক ॥

 কমলা বায়নে শ্যাম ৰাগৰ টানেৰে জোৰা ‘তেজৰে কমলাপতি পৰম্ভত নিন্‌দ। তেৰি চান্‌দ মুখ পেখো উঠৰে গোবিন্দ।' বৰগীতটো যেনিবা গাঁওখনৰ বাবে এটা ঘড়ীহে। পূবে ফেঁহুজালি দিয়াৰ আগেয়ে গাঁৱৰ মাজেৰে এই বৰগীতটো গাই গাই কমলা বায়নে দৰি নইৰ ঘাটলই যায়। এই গীত শুনি গাঁৱৰ জীয়ৰী বোৱাৰীয়ে ঢাৰি পাটী এৰে। হালোৱা- বোৰে হাল ই পথাৰলই যায়। কপাহী, লখিমী আইতাহঁতে ‘ৰাম-হৰি'ৰ নাম লই নাতিনীয়েকহঁতক জগায়। নতুন পুৱা এটাক ওলগ জনাবলই সকলোৱে যেন বায়নৰ এই মধুৰ বৰগীতটোলইকে আশা পালি শেতেলিত পৰি থাকে।

 লাহে লাহে পূবৰ আকাশখন পোহৰ হই আহিবলই ধৰে। চৰাই-চিৰিকতিয়েও নানান মাতেৰে নেদেখাজনলই প্ৰাৰথনা জনায়। ৰিব্‌ ৰিব্‌ কই বলা বতাহ এজাকে পদুম পুখুৰীৰ ঘাটলই পানী আনিবলই যোৱা সোণতৰা, মালতী, পখিলী, ৰঙিলীহঁতৰ আঁচল উৰুৱায়। সিহতৰ হাঁহি মাতবোৰে গোটেই গাঁওখনকে সজীৱ কৰি তোলে। এটা নতুন পুৱাই চাৰিওফালে পোহৰ বিলায়।

 ‘সউখন ছ'ই দিয়া গৰু গাড়ী ৰূপাই দাইটিহঁতৰ ঘৰৰ ফালে অহা নাইনে মালতী?’—সোণতৰাই বেঙা মেলি মনিব পৰালইকে চাই চাই সুধিলে।

 গাড়ীৰ টিলিঙাৰ মাতটো ৰিণি ৰিণি শুনা গ'ল। ‘ইমান ধলপুৱাতে কোন আহিব পাৰে বাৰু।' বুলি কই পখিলীয়ে মালতীৰ মুখলই চালে। [  ]  ‘বোধকৰো ৰেলেৰে আহি তিনিমান বজাতেই পালেহি। তাৰপৰাহে ছাগে এইছোৱা গৰু গাড়ীৰে আহিছে। মালতীয়ে ক'লে।

 সেয়ানো কোন হব পাৰে—এনে এটা ভাবত সোণতৰাই ৰঙিলীলই চাই ভাবিলে—সুদীপ নহয়তো! ৰূপাইৰ ল’ৰা!!

 গাঁওখনৰ মুখ উজলাই চহৰলই পঢ়িবলই যোৱা সুদীপৰ কথা মনলই অহাত সোণতৰাৰ মনটো উলাহতে নাচি উঠিল।

 পদুম পুখুৰীৰ ঘাটলই পানী নিবলই অহা কেউজনীয়ে লৰালৰিকই নিজ নিজ কাম শেষ কৰি কাষত ভৰা পানীৰ কলহ লই ৰূপাইৰ ঘৰৰ আগেদিয়েই ঘৰলই বুলি খোজ ল'লে।

 হয়, ছ'ই দিয়া গৰু গাড়ীখন ৰূপাইহঁতৰ পদূলিতে ৰ’ই আছে। কাষতে ঘাঁহ খাই থকা এৰাল দিয়া গৰুহালৰ পিঠিত ৰতি গাড়োৱানে মৰমেৰে হাত বুলাইছে।

 ৰূপাইৰ ঘৰৰ চোতালখন উদুলি-মুদুলি। চহৰৰ পৰা সুদীপ আহিছে। পঢ়া-শুনা কৰি ডাঙৰ মানুহ হই আহিছে। আজি তিনি বছৰৰ মূৰত সুদীপক পাই ওচৰ-পাজৰৰ ল'ৰা- ছোৱালীবোৰে বেঢ়ি ধৰিছে। মাজতে মূঢ়া এটাত সুদীপ বহি সবাৰে বা-বতৰা লইছে। মেথো ককা আৰু আঘোণা দাইটিয়ে মূৰত হাত বুলাই আশীষ জনাইছে। ৰূপাই দদাই আৰু সেন্দুৰী খুৰীয়ে হৰষত ইফাল সিফাল কৰি ফুৰিছে। অলপ পাছত কপাহী আইতাও লাখুটিডালত ভৰ দি সেইখিনি ওলালহি। কঁকালটো পোনাই মূৰৰ চুলিৰ সমান আয়ুস বঢ়াৰ আশীৰ্বাদ দি উপ্কৰে সুদীপৰ গালত এটা চুমা খালে।

 পানীভৰা কলহ লই সোণতৰাহঁতো জুমটো ঠেলি সুদীপৰ কাষ পালেহি। সুদীপে হাঁহিমুখে থিয় দিলে।

 ‘আমি থিকেই ভাবিছিলোঁ—তুমিয়েই আহিছা’—মালতীয়ে এমোকোৰা হাঁহিৰে ক’লে।

 ‘মই অহাত বেয়া পাইছ নেকি আক'।'—মিচিকিয়াই সুদীপে ক'লে। [  ]  “ইস! কিমান ভাল পাইছোঁ!! তুমি আজি তিনি বছৰৰ মূৰত আহিছা। ইমান দিন চহৰত কি কৰি আছিলা? বহুত পঢ়িলা নহয়? একে উশাহতে পখিলীয়ে সুধিলে।

 ‘আমাৰ তোমালই সদায় মনত পৰে। তোমাৰ কথা কিমান পাতো আমি, তুমিহে ছাগে পাহৰি গইছিলা’—ৰঙিলীয়ে অভিমান ভৰা হাঁহিৰে ক'লে।

 ‘বাঃ এই কেইবছৰতে দেখিছোঁ তহঁত বেছ ডাঙৰ হলি। টপ্ টপ্ কই কথাও কবলই শিকিছ। সুদীপে হাঁহি সোণতৰালই চালে।

 লাজৰ ফাকুগুৰিৰে মুখখন বোলাই লই সোণতৰাই কোনোমতে সুধিলে—“ভালে আছা নহয় দীপ ককাইদেউ!”

 ‘অঁ ভালেই। তহঁতৰ আটাইৰে ভাল নে? পখিলী, তই গই দিগেনক পঠিয়াই দিবি দেই? এতিয়া বহছোন তহঁত। ‘এতিয়া নবহোঁ—পিচত আহিম” বুলি কই কেউজনী সাউতকই গুছি গ'ল।

 সুদীপ আকউ জুমৰ মাজত সোমাই পৰিল। অঘোণা- কাইয়ে ল'ৰা-ছোৱালীবোৰলই চাই ক'লে—“সুদীপছোন গাঁৱৰে ল'ৰা। আহিছে যেতিয়া দুই চাৰিদিন থাকিব নহয়! তহঁতে এইদৰে চালি ধৰি থাকিলে কেনেকই হয়? যা, যা বোপাই, কাপোৰ-কানি সলাই হাত-মুখ ধুই ল। বাকীবোৰেও কথাখিনি শলাগি দিহা দিহি উঠিল।

 সুদীপৰ মনটো আজি কিবা ফৰকাল ফৰকাল লাগিছে। চহৰৰ বতাহতকই যেন এই গাঁৱৰ বতাহ বেছি মুকলি। গাঁৱৰ ধূলিত উমলি ডাঙৰ হোৱা, ইয়াৰ বতাহ-পানী পোৱা, সেউজত শুই সোণালী সপোন দেখা সুদীপৰ মনটোৱে গাঁও- খনৰ বিষয়ে সবিশেষ জানিবলই উচ্ পিচাই উঠিল। বাতৰি কাগজত পঢ়িবলই পায়-চৰকাৰে গাঁওবোৰৰ উন্নতিৰ কাৰণে বছৰে বছৰে বহুতো টকা-সিকা ভাঙে, নতুন নতুন আঁচনি [  ] লয়। সঁচাকইয়ে বাৰু সুদীপহঁতৰ এই নাহৰকলি গাঁওখনৰ কিবা উদ্‌গতি হইছেনে? এনেবোৰ কথাই সুদীপৰ মনটোত তোলপাৰ লগায়।

 গা-পা ধুই চাহ বাটিত চুমুক দিয়াৰ লগে লগে দিগেনে নগুলামুখৰ পৰাই মাত লগালে,-“সুদীপ ঐ, আছ নহয়? পখিলীৰ পৰা বতৰা পায়েই লৱৰি আহিছোঁ।

 সুদীপে ওলাই আহি দিগেনক সাৱটি ধৰিলে। সৰুৰে পৰা এক গল এক নল হই গাঁৱত ঘূৰি ফুৰা দিগেনক বহু দিনৰ মূৰত লগ পাই সুদীপৰ বুকুখন এবেগেত এমুঠন ফুলি উঠিল। দিগেনলইও এবাটি চাহ আহিল। পিৰালীতে বহি দুয়ো দুয়োৰে বা-বতৰা ল'লে। দিগেন আৰু আগৰ দৰে নাই। বিমৰিষ হই থাকে। খিনাইছেও। পঢ়া-শুনা সৰহ কৰিব নোৱাৰাত গাঁৱতে টুক-টাককই দুই চাৰিটা কাম কৰে। অলপ অচৰপ খেতি-বাতিও চোৱা-চিতা কৰে। গাঁৱত বিহু পতা, ভাওনা সবাহ পতাত দিগেন হ’লে আগৰণুৱা। গাঁৱৰ সক- লোৱে দিগেন, চিকেনহঁতক সমীহৰ চকুৰে চায়। সত্ স্বভাৱৰ বাবেই ডেকা ল'ৰা যদিও বুঢ়া মেথাইও সিহঁতৰ কথাত কান দিয়ে। সহায়-সহযোগ কৰে।

 চাহ বাটিত শেষ সোহাটো মাৰি দিগেনে ক'লে—“গ’লি যে গ’লিয়েই, আজি তিনি বছৰে এবাৰতো আহি যাব পাৰ! গাঁওখনৰ কিমান আলাই-অথানি গ’ল!

 ‘দিগেন, তই নুবুজিবি। মোক পলুৱাওঁতে পিতাইৰ ৰূপিত মাটি কেইডৰাও গ'ল। নগৰ-চহৰত থকা-খোৱা, পঢ়া-শুনাৰ খৰচতো জানই। ওলালেই টকা লাগে। পঢ়া-শুনাৰ ফাঁকে ফাঁকে এখন বাতৰি কাগজত কাম কৰিছিলোঁ। যিখিনি পা-পইচা ৰাহি হয়, ঘৰলই পঠিয়াও। আৰু ঘৰলই আহিনো কি কৰিম! আই-পিতাইক চাবলই তহঁতবোৰতো আছই!’ সুদীপে একে উশাহতে কথাখিনি কই সকলো ভৰসা কৰিব পৰা দিগেনৰ চকুযুৰিলই চালে। [  ]  মিচিকিয়াই কথাখিনি শলাগি দিগেনে সুধিলে-‘পিছে, কিমানলইনো পঢ়িলি?’

 ‘অনাৰচ লই বি-এ পাছ কৰিলোঁ। প্ৰথম বিভাগেই পালোঁ।’ সুদীপে উত্তৰত ক'লে।

 ‘পাবি, পাবি। তোক মণি পণ্‌ডিতে তাহানিতে জানো কোৱা নাছিল-সুদীপৰ বুধি বৰ ভাল, ঈচৰে কৰিলে এদিন বৰ মানুহ হব। মনত পৰেনে?’—দিগেনৰ কথাখিনি শুনি সুদীপৰ মনটোৱে দূৰ অতীতলই উৰা মাৰিলে।

 চাৰি মাইলমান আঁতৰত থকা চটাই গাঁৱৰ পঢ়াশালিলই পঢ়িবলই যোৱাৰ কথা। দিগন-টিকেনহঁতে পঢ়িবলই এৰাৰ পাছতো অকলে অকলে গই পঢ়া-শুনা কৰা। কি যেন এটা সপোনে সুদীপক খুলি খুলি খাইছিল। বৰ মানুহ হোৱাৰ সপোনে সুদীপক লই গইছিল নাহৰকলি গাঁৱৰ পৰা চহৰৰ বুকুলই। ঘৰুৱা শিক্ষকতা কৰি, বাতৰি কাগজত এটা সাধাৰণ কাম কৰি পৰথম বিভাগত অনাৰচ লই বি-এ পাছ কৰা সুদীপেই গাঁওখনৰ পৰথম ডেকা।

 সুদীপ কিছুসময় নিমাত হই থকাত দিগেনে সুধিলে- ‘কি ভাবি আছ অ’। এতিয়া পিছে চাকৰি-বাকৰি কি কৰাৰ মন? তই হাকিম-মুনছিফ্‌, কিবা এটা হ’লে গাঁওখনৰে সুনাম এটা হয়। উন্‌নতিও হয়।’

 দিগেনৰ কথাখিনি শুনি সুদীপৰ হুমুনিয়াহ এটা ওলাই আহিল। লাহে লাহে কবলই ধৰিলে, ‘তই ঠিকেই কইছ— দিগেন, এদিন ভাবিছিলোঁ পঢ়ি-শুনি বৰ মানুহ হ’ম। নগৰ চহৰত চাকৰি কৰিম। পিতাইহঁতৰ সুখ হব। কিন্‌তু কি জান, আজি কেইমাহমানৰ পৰা মনটোৱে গাঁৱলই উৰা মাৰিছে। এইখন গাঁৱে—নাহৰকলিয়ে, দৰি নইয়ে যেন বাৰে বাৰে হাত বাউল দি মোক মাতিছে। আঘোণা কাইটি, মেথো ককা, কেনা, নেউলা, কলীয়া, ইৰ্‌ছাদ, অহেদ আলী সকলোৰে [ ১০ ] মুখবোৰ চকুৰ আগত উজলি উঠিছে। তহঁতৰ কথা বৰকই মনত পৰিছে। ভাব হইছে অকল ময়েইতো ডাঙৰ হ'লে নহ'ব —গাঁওখনৰ ল'ৰা-ছোৱালীবোৰে সা-সুবিধাৰ অভাৱত চিৰ- দিন এলইবাদু হই থাকিব। বুজিছ দিগেন, গাঁওখনক পোহৰ লাগে—বহুত পোহৰ। সকলোৰে জীৱনবোৰ আমি ধুনীয়াকই সজাই দিব লাগিব। সেইকাৰণে মই চাকৰিৰ মোহ এৰি গাঁৱলই গুছি আহিছোঁ। আমি সকলোৱে মিলি কাম কৰিম। আমি কিবা এটা কৰিবই লাগিব।'

 কথাবোেৰ ঠিক বুজিব নোৱাৰি দিগনে একেথৰে বহুপৰ সুদীপৰ মুখলই চাই ৰ'ল। সুদীপে এইবোৰ কি বলকিছে। ইমান যতন কৰি পঢ়িছে, ভালদৰে পাছ কৰিছে। সিহঁতৰ দৰে গাঁৱত সোমাই থাকিব কিয়? গাঁৱত থাকিলে সুদীপ বৰলোক হব কিদৰে? গাঁওখনৰ মুখ উজলাবই বা কেনেকই? ⸺এনে বহুত আৰ-বেৰ নোহোৱা কথাই দিগেনৰ মনটো ছাটি ধৰিলে।

 সেউতী পেহী আৰু ৰহিমলা বাইটি সোমাই অহাত দিগেন-সুদীপৰ কথাৰ যতি পৰিল। দুয়ো গৰাকীয়ে সুদীপৰ কুশল বাতৰি লোৱাত লাগিল। দিগনে মন কৰিলে কিবা এটা চিন্‌তাই যেন সুদীপক অহৰহ আমনি কৰি আছে। দিগেনৰ সমাজিক দেখাৰ দৰে লাগিল - সুদীপ যেন কেৱল গাঁৱৰ এজন ডেকা নহয়⸺ এচেৰেঙা নতুন পোহৰ।

 সেউতী পেহীহঁত ভিতৰ সোমোৱাত দিগেনৰ লগত সুদীপেও গাঁও ফুৰিবলই বুলি ওলাই গ'ল। গাঁওখনৰ চিনাকি গছ-গছনিৰবোৰ, বৰ আঁহতজোপা, বাট-পদূলিবোৰ, নামঘৰ, পদুম পুখুৰী আদি নতুনকই চোৱাৰ হেঁপাহ এটা লই সুদীপৰ মনটো থউকি-বাথউ লাগিল। তিলউৰ বাৰীৰ আম চুৰ কৰি খোৱাৰ কথা মনত পৰাত সুদীপৰ নিজৰে হাঁহি উঠি গ'ল।

 গাঁওখনত সেউজৰ খেলা। দূৰ-দূৰণিলই চাই পঠিয়ালে সুদীপে। যিমান ধান হ'ব লাগিছিল, সিমান নাই। সেৰেঙা। [ ১১ ]


বানপানীয়ে সকলো শইচ মহটিয়াই গ'ল। বহু ঠাইত নতুন কঠিয়া পাৰিছে। গৰু-গাইবোৰ তেতিয়া পথাৰত। ঠায়ে ঠায়ে সৰু সৰু ল'ৰা-ছোৱালীবোৰে আলিবাটৰ মাজত হাই-গুদু খেলিছে। কিছুমানে বা টাংগুটি, বিৰিন গুটিও খেলিছে। সিহঁতে পাৰ হই যোৱা সুদীপহঁতৰ পিনে চাই খনতেক ৰই ফুচ্ ফুচাই কথা পাতিছে। এইদৰে ধূলিয়ে-মাকতিয়ে একাকাৰ হই গা-ঢালি খেল খেলোতেই সুদীপহঁতৰো শইশৱ-কইশোৰৰ বহুতো দিন বাগৰি গইছিল। উলাহত নাচি উঠা সুদীপৰ মনটো হঠাতে জঁয় পৰি গ'ল।

 দিগেনে কই গ'ল, “জান সুদীপ, গাঁৱৰ সৰহভাগ ল’ৰা- ছোৱালীয়ে এইদৰেই উমলি দিন কটায়। কেৱল পাঁচ নে ছজন ল'ৰাই চটাই গাঁৱৰ পঢ়াশালিলই যায়। আজিলইকে ইয়াত এখন পাঠশালা নহ'ল।

গাঁওৰ সৰহভাগ ল'ৰা-ছোৱালীয়ে এইদৰেই ওমলি দিন কটাই
গাঁওৰ সৰহভাগ ল'ৰা-ছোৱালীয়ে এইদৰেই ওমলি দিন কটাই

 হঠাতে উজুটি খাই পৰিব খোজা সুদীপে কথমপিহে নিজক নপৰাকই ৰাখিব পাৰিলে। বাট-পথবোৰো বেয়া হ'ল। কোনো মেৰামতি নাই। বাটৰ মাজে মাজে ডাঙৰ একোটা গাঁত। ভকতপাৰাৰ কাষৰ এছোৱা পথ নায়েই। বানপানীয়ে ছিঙিলে। জাবৰ-জোথৰৰ দমবোৰ বাটৰ দাঁতিত। গোবৰ[ ১২ ]

বোৰো য'তে ত’তে পেলাইছে। এইবোৰৰ দুৰ্‌গন্‌ধ আহি নাকত লাগে।

 বিপৰীত ফালৰ পৰা অহা জুৰমনে সুদীপক দেখি মাত লগালে, ‘বোপাই, অথনিয়েই পালাহি নেকি। বহুত দিনৰ মূৰকত দেখিলোঁ। বা-বাতৰি কোৱাচোন।’

 সুদীপে চুমুকই বা-বতৰা দি সুধিলে-‘জুৰমন কাই, গাঁওখনৰ দেখোন চিৰি-বিধি একো চকুত নপৰে।’

 হুমুনিয়াহ এটা কাঢ়ি জুৰমনে ক'লে, ' দুদিন থাকা বোপাই, নিজ চকুৰে সকলো দেখিবা। বানটোৱে আমাক মহটিয়াই গ'ল। সৰহভাগৰ ঘৰতে দুবেলা দুমুঠি খাবলই নাই। আমি আৰু লেলাট্‌, ভুন্‌জিহে জীয়াই আছোঁ৷—পিছে, তুমি দুই চাৰিদিন আছা নহয়? গধূলিলই বাৰু দেখা হ’ম। কথাও আছে তোমাৰ লগত।’

 জুৰমন গ'ল যদিও তেওঁৰ কথাবোৰ শেলৰ দৰে সুদীপৰ বুকুত লাগিল। দিগেনে ক'লে, “ঠিকেই কইছে জুৰমন কাই- টিয়ে। গাঁওখনৰ দশা বৰ বেয়া হ'ল। কিবা নাটনিৰ দিনহে আহিল।’

 ভকতপাৰাৰ ওচৰ পাই দুয়ো থমকি ৰ’ল। অতুল, ৰজনীয়ে জাল আৰু মাছৰ পাচি লই ঘৰৰ পিনে অগিবাঢ়িছে। দিগেনে মাত লগালে, ‘সেয়া অতুল আৰু ৰজনীকাই নোহো- ৱানে?' দুয়োৱে উভতি চাই হাঁহিলে। নিশাটো মাছ মাৰি ঘৰলই উভতিছে।

 ‘কিবা মাছ-পুঠি পালানে ককাইটিহ’ত?’ সুদীপে অলপ হাঁহি চিঞৰিয়ে সুধিলে। ‘অ’ সেইটি সুদীপ নহয়নে? কেতিয়া আহিলি? অতুলেও চিঞৰিয়ে কই কই ওচৰ চাপিল। 'ক’ত আৰু মাছ-পুঠি পাবি। দেশখনত কিবা আকাল লাগিল। বিল- পুখুৰীৰ পৰাও মাছ-পূঠি পলাই পত্ৰং দিলে।’ অতুলে কোৱা কথাখিনি ৰজনীয়ে 'হু’ বুলি শলাগি বিড়িডালত দীঘলীয়াকই হোপা এটা মাৰি পেলাই দিলে। [ ১৩ ]

 ভকতপাৰা পাৰ হই দুইজনে নছিৰত্‌হঁতৰ গাঁৱত সোমাল। চেলিমে জাকই এখন বই আছিল। দুয়োকো সন্‌মুখত দেখি মাত লগালে, “বোপাইহঁত পুৱাতে এইফালেনো কি মন কৰি আহিলা?

 “তোমালোকক চাবলইকে আহিলোঁ’—সুদীপে মিচিকিয়াই উত্তৰ দিলে। ‘কিনো চাবা বোপা! অল্‌লাৰ ৰহমতত নমৰি কোনোমতে বাছি আছোঁ'—চেলিমে কথাখিনি কই জীয়েক ৰেহেনাক দুটা মুঢ়া আনিবলই পাচিলে৷

 তিনিও নানান দুখ-সুখৰ কথা পাতিলে। গাঁওখনৰ কথা। অভাৱ-অনাটনত জুৰুলা হোৱা গাঁওবাসীৰ ছবিয়ে সুদীপৰ ৰঙিয়াল মনটোক আঁউসীৰ আন্ধাৰৰ দৰে ঢাকি ধৰিলে।

 সুদীপহঁতক দেখি কেইটামান নাঙঠ-পিঙঠ ল'ৰা-ছোৱালী দ’উৰি আহি ওচৰতে ৰই থাকিল। মলিয়ন শাৰী এখন গাত মেৰিয়াই লোৱা ৰেহেনাই লাজ লাজকই দেউতাকৰ কাষত থিয় দি থাকিল। সুদীপে ভাবিলে, এই ল'ৰা-ছোৱালীবোৰৰ পিন্‌ধিবলই কাপোৰ নাই। ৰেহেনাৰ হয়তো সলাবলই আন [ ১৪ ] এখন শাৰী নাই। যাৰ খাবলই খুদকণৰ সম্‌বল নাই, সেই সকলে কাপোৰৰ কথা ভাবে কেনেকই?

 একোটা গোমা মন লই দিগেন অৰুি সুদীপে পুনৰ বনিয়াপাৰা, হীৰাপাৰাৰ মাজেৰে গাঁৱলই উলটিল। গিৰি নোহোৱা ফাপৰে ধৰা কুকুৰৰ দৰে চেহেৰাৰ এসোপামান ল'ৰা-ছোৱালীয়ে বাটত খেলিছে, দউৰিছে, কাজিয়া কৰিছে। গাত মাথো এডুখৰিকই কাপোৰ মেৰিয়াই লোৱা, বুকুৰ কামি- হাড় গণিব পৰা এইবোৰ ল'ৰা-ছোৱালীয়েইতো দেশৰ ভবিষ্যত। গাঁৱৰ আশাৰ বনতি॥ অজানিতে সুদীপৰ চকুৰ কোণ দুটা সেমেকি উঠিল।

 দিগেন বিদায় দি এমুঠি খাই পাটীত পৰি পৰি সুদীপে ভাবিলে—এনেবোৰ নিছলা গাঁৱৰ লোকেইতো দেশৰ আগ কলিজা। ভাৰতবৰষত এনে কিমান গাঁও আছে—কিমান মানুহ আছে যিসকলে পোহৰ দেখা নাই। চিৰকাল আন্‌ধাৰত তিল্‌তিল্‌‌কই জীৱন শেষ কৰিছে। বাপতিসাহোন মাটি ডৰাক লয়েই ভৱিষ্যতৰ সপোন ৰচা মানুহবোৰে পেট ভৰাই খাবলই নাপায়। কথাবোৰ ভাবি থাকোতে সুদীপৰ টোপনি আহিল। নিশাৰ ভাগৰবোৰে হেঁচি ধৰিলে। মুনি-চুনি পৰতহে সাৰ পাই দেখিলে গৰখীয়াবোৰে পথাৰৰ গৰু- গাইবোৰ লই উভতিছে। গাঁৱৰ বাটৰ ধূলিবোৰ উৰিছে। নামঘৰৰ ডবাত কোব পৰিল। হাত দুখন যোৰ কৰি সুদীপে মূৰটো দোঁৱালে। তাহানি পঢ়াৰ মেজৰ কাষত আঁৰি থোৱা মহাত্মা গান্ধীৰ ছবিখনলই বাৰে বাৰে সুদীপৰ মনত পৰিল। এইজন মানুহে গাঁৱৰ কথা ভাবিছিল। কইছিল —গাঁৱৰ উন্‌নতি হ'লেহে দেশৰ উন্‌নতি হব। সুদীপে আকাশলই চালে—সাঁজ তৰাটো ট ট কই আকাশত জিলিকি

উঠিছে। [ ১৫ ]

॥দুই॥

 নিশাটো কোনোমতে পাৰ কৰি পুৱাতে সুদীপে মণি পণ্‌ডিতৰ ঘৰলই খোজ ল'লে। নাহৰকলি গাঁৱৰ পৰা দুমাইল নিলগৰ চোমতলা গাঁৱত তেওঁৰ ঘৰ। চটাই গাঁৱৰ পাঠ- শালাৰ পণ্‌ডিত। সুদীপক তেওঁ বৰ চেনেহ কৰিছিল। তেওঁৰ এখন পুৰণিকলীয়া চাইকেল আছে। চলালে কেৰ্‌কেৰাই উঠে। চাইকেলৰ এই শৱদ শুনিলেই সকলোৱে বুজি পায় পণ্‌ডিত আহিছে। সুদীপহঁতৰ কিছুমান সহপাঠীয়ে সেই কাৰণে তেঁওৰ কেৰ্‌কেৰীয়া পণ্‌ডিত বুলিয়েই নামাকৰণ কৰিছিল। কিন্তু কোনোদিনে সুদীপে পণ্‌ডি‌তক অৱমাননা কৰা নাছিল। আনতকই অলপ বেছিহে সমীহ কৰি চলিছিল। পঢ়াতো বেয়া নাছিল বাবেই নেকি পণডিতে সুদীপক অলপ বেলেগ চকুৰে চাইছিল। মৰমেৰে মাত কথা দিছিল। চহৰলই যোৱাৰ আগতে মাত লগাবলই অহাৰ কথা মনত পৰাত সুদীপৰ মনটো মুকলি মুকলি লাগিল। সেইদিনা পণ্‌ডি‌তে তাক শিৰত হাত ফুৰাই আশীৰবাদ দি এসাজ ভাত খুৱাই বিদায় দিছিল। তেওঁ কৈছিল–সততা আৰু সাধনাৰ অবিহনে জীৱনত সফলতা লাভ কৰিব নোৱাৰি।

 দূৰইৰ পৰাই সুদীপে দেখিলে পণ্‌ডিতে বাৰীত কিবা খুচৰি আছে। বোধহয় সণ্‌মুখৰ বাৰীখনত কিবা শাক-পাচলিৰ খেতি কৰিছে। মানুহজন বৰ কামিলা। অবাবত সময় নকটায় কেতিয়াও। হঠাতে তেওঁ সুদীপক দেখি অলপ আচৰিতে হ’ল। ভিতৰত বহিবলই কই নিজে হাত-মুখ ধুবলই গ’ল। পণ্‌ডিতৰ জীয়েক পমিলীয়ে সুদীপক চ'ৰাঘৰত বহিবলই দি মাকক বতৰা দিবলই ভিতৰলই গ'ল।

 পণ্‌ডিতক সেৱা এটা জনাই সুদীপে পৰীক্ষাৰ ফলাফলটো জনালে। কশল বাতৰি সোধাৰ পাছত পণ্‌ডিতে সুদীপৰ [ ১৬ ]

চাকৰি-বাকৰিৰ বিষয়ে জানিবলই বিচাৰিলে। সুদীপে ক'লে- ‘ছাৰ, আপুনি জানেই মই সৰুৰে পৰাই কেনেকই হাড়ক মাটি কৰি, তেজক পানী কৰি পঢ়িব লগাত পৰিছিলোঁ। আপুনিয়েই মোক দুটা এটা ঘৰুৱা শিক্ষকৰ কাম যোগাৰ কৰি দিছিল। পিতাৰ মাটি কেইডৰাও মোৰ লগতে শেষ হ'ল। পঢ়া-শুনা শেষ কৰি ভাল চাকৰি এটাকে কৰিম বুলি ভাবিছিলোঁ। বিচাৰিলে হয়তো চাকৰি এটা পোৱাও যাব। কিন্‌তু ছাৰ,— কথাখিনি কই সুদীপে খন্তেক থমকি ৰ'ল। পমিলীয়ে দুয়োৰে আগত চাহ দুবাটি আৰু জলপান থই খোৱাৰ কথা ক'লে। লোটা এটাত হাত-মুখ ধুবলই পানী আৰু কাষত এখন গামোচাও যতনাই দি গ'ল।

 জলপান খাই থকাৰ লগে লগে সুদীপে পুনৰ ক'লে— ‘মই ভাবিছোঁ অকল মই ডাঙৰ হ'লেই নহব। গাঁৱৰ বহুতো ল'ৰা-ছোৱালীয়ে পঢ়ি-শুনি নগৰ-চহৰৰ পৰা আহিব নোখোজে। চাকৰি আৰু টকা-পইচাৰ মাজত পাহৰি যায় নিজৰ গাঁও- খনৰ কথা। গাঁৱৰ বতাহ, গাঁৱৰ ধূলি-বালিক ঘিণায়। অথচ ছাৰ, সেই গাঁৱৰে শইচ খাই, বতাহ লই, ধূলি-বালিত উমলিয়েইতো সিহঁত এদিন ডাঙৰ হইছিল। মোক যেন মনৰ ভিতৰৰ পৰা কোনোবাই কইছে—“সুদীপ, তুমি গাঁৱলই উভতি বলা। তোমাৰ গাঁৱৰ মানুহবোৰৰ দুখ-দূৰদশালই এবাৰ চকু মেলি চোৱা। সিহঁতৰ মাজত পোহৰ বিলোৱা।' কথাখিনি একে উশাহতে কই সুদীপে ভাবিলে তাৰ কথাবোৰ কিজানি বৰ আবেগিক হই পৰিছে। অথচ সেইবোৰ যে তাৰ পৰাণৰেই কথা৷

 পণ্‌ডিতৰ মুখৰফালে চোৱাত তেওঁ ক'লে, ‘বোপাই, তুমি বৰ সজ কথা ভাবিছা। আমাৰ গাঁৱৰ ডেকাবোৰে যদি নিজে পোহৰ পাই গিয়ান লভি নিজৰ কথাই কেৱল ভাবি থাকে, তেনেহ’লে দেশখনৰ উন্‌নতি হব কেনেকই বাৰু? তোমাৰ [ ১৭ ] কথাবোৰ মই ভাল পাইছোঁ। এতিয়া পিছে কি কৰিবলইনো মন মেলিছা?

 চাহৰ বাটিত সোহা এটা মাৰি সুদীপে কলে—“ছাৰ, মই ভাবিছোঁ-পোনতে আমাৰ গাঁৱত শিক্ষাৰ পোহৰ বিলাব লাগিব। যেতিয়ালই আমাৰ ল'ৰা-ছোৱালীবোৰে গিয়ান নাপায় তেতিয়ালইকে তেওঁলোকে নিজকে বুজি নাপায়। সিহতক গিয়ান দিব লাগিব। লগতে আমাৰ বুঢ়া-মেথাবোৰেও অলপ অচৰপ আখৰ পঢ়িব পৰা হ'ব লাগিব। তেতিয়াহে তেওঁ- লোকৰ চকু মুকলি হ'ব। দেশৰ দহৰ বাতৰি জানিব পাৰিব। নিজৰ ঠাইখিনিক অগিবঢ়াই নিব পাৰিব।' পণ্‌ডিতে সুদীপৰ কথাখিনি শলাগি ক'লে,-“চোৱা বোপাই, আজিকোপতি তোমালোকৰ গাঁৱত এখন পঢ়াশালি নহ'ল। পোনতে তাৰহে কিবা এটা কৰিব লাগে। ভালেমান দিন মই তোমালোকৰ গাঁৱৰ মানুহক কথাটো কাণ চোৱাইছিলোঁ। সকলোৱে শলাগে। কিন্তু কামত কোনো আগ নাবাঢ়ে!’

 পণ্‌ডিতৰ কথাখিনিয়ে সুদীপৰ মনত ৰেখাপাত কৰিলে। তেওঁ ঠিকেই কইছে—গাঁৱত এটা পঢ়শালি লাগে। দিনত ল'ৰা-ছোৱালীবোৰে পঢ়িব আৰু গধূলি বয়সীয়ালসকলে। আজিয়েই গাঁওবুঢ়া আৰু গাঁৱৰ মুখীয়াল লোকসকলৰ লগত কথাটো আলোচনা কৰিব বুলি সুদীপে মনতে থিৰ কৰিলে।

 গাঁওখনৰ অভাৱ-অনাটন কেনেকই আঁতৰাব পাৰে তাৰও আলোচনা কৰি শেষত সুদীপে পণ্‌ডিতক গধূলিলই নাহৰকলি গাঁৱলই এবাৰ আহিবলই অনুৰোধ জনালে। পণ্‌ডিতেও সুদীপৰ হেঁপাহক নেওচা নিদি সন্মতি জনালে।

 পণ্‌ডিতৰ ঘৰৰ পৰা ওলাই আহি সুদীপৰ মনটো বৰ ভাল লাগিল। গাঁওখনৰ কাৰণে কৰিব খোজা কামৰ বাবে এজন গুৰুৰ আশীৰবাদ আৰু উদ্‌গনি পালে। তেওঁৱেই পথও দেখুৱাই দিলে।পোনতে গাঁৱত এখন পঢ়াশালি [ ১৮ ] পাতিব লাগিব। তাৰ পাছতহে এটা এটা কই আনবোৰ কাম কৰিব লাগিব।

 নাহৰকলি গাঁৱলই সুদীপে বেগাই খোজ ললে। গাঁও- বুঢ়াকে আদি কৰি আটাইকেইজন মুখীয়াললোককে লগ ধৰিব লাগিব। দিগেন, টিকেনহঁতক কথাখিনি ভাঙি-পাতি কব লাগিব। আজি গধুলিলই কমলা বায়নৰ আগাচোতালতে মেলৰ পাতনি মেলিব লাগিব। ঠাইখিনি সোঁমাজত হোৱা বাবে ৰাইজ গোট খাবৰ সুবিধা হ'ব। তাতে বায়নো এনে- বোৰ কামত গা-উঠা মানুহ। সকলোৱে সমীহো কৰে।

 পদুম-পুখুৰীৰ পাৰেৰে এইবোৰকে ভাবি ভাবি আহি থাকোতে জেতুকী পেহীয়ে লগ পাই সুদীপক কুশল বাতৰি সুধিলে। পদুম পুখুৰীৰ পাৰটো বৰ লেতেৰা হই পৰিছে— পেহীৰ লগত কথা পাতোতে সুদীপে মন কৰিলে। এটা ঘাটৰ পৰা গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে খোৱা পানী তোলে। আন- পিনে তাতে গা-ও তিয়ায়। অলপ দূৰইৰ শিলচটাত কাপোৰ ধোৱে যদিও কাপোৰ ধোৱা মলিয়ন পানীবোৰো আহি পুখুৰীতে পৰেহি। অথচ এই পানীয়েই গোটেই গাঁওখনে খোৱা-বোৱা, বন্ধা-বঢ়া সকলো কামতে লগায়। সেই কাৰণেইতো কাৰো চেহেৰাৰ চিৰি-বিধি নাই। বেমাৰৰো শেষ নাই। এই পুখুৰীৰ পানী থাবলই সুদীপৰ কিবা ঘিণ লাগি গ'ল।

 গাঁওবুঢ়াৰ ঘৰলই খোজ ল'লে সুদীপে। দূৰইৰ পৰাই সুদীপক দেখি সোণতৰা উলাহেৰে নঙলামুখলই ওলাই আহিল। অভিমানৰ সুৰত ক'লে,-“তুমি কালিয়েই আহি আমাৰ ঘৰলই আহিবলই এতিয়াহে সময় পালানে? বাটলই চাওঁতে চকু বিষাল। ক’তনো মহলা মাৰি আছিলাগই? সোণতৰাৰ অভিমান ভৰা ফুখখনলই চাই হাঁহি হাঁহি সুদীপে ক'লে—‘ক’তনো মহলা মৰা দেখিলি? চোম্‌তলা গাঁৱৰ মণি পণ্‌ডিতৰ ঘৰলই গইছিলোঁ। তাৰ পৰাই এয়া আহি আছোঁ।’ [ ১৯ ]

এৰাতো! বাটকুৰি বাই ইমান দূৰলই যাবতো পাৰিবাই!! পণ্‌ডিতৰ ৰূপহী জীয়েক পমিলী বোলা জনী আছে নহয়! আমাৰ এইফালে আহিবলইনো সময় হব ক'ৰ পৰা তোমাৰ?' হাঁহি হাঁহি সোণতৰাৰ ঠেঁহ পতা চুপতিবোৰ শুনি থাকিবলই বেয়া লগা নাছিল যদিও নিজৰ জৰুৰী কামৰ তালিকাখন মনত পৰাত লৰালৰিকই সুদীপে ক'লে,-“এতিয়া পিছে তই মোক তহঁতৰ ঘৰত সোমাবলই দিবি নে নঙলামুখৰ পৰাই বিদায় দিবি?”

 কথাখিনি শুনিহে সোণতৰাই নিজেই লাজ পালে। কিযে আৰু তাই! নওঁলামুখতে মুখচুপতি মাৰি আছে অথচ ভিতৰলই আহিবলই কোৱা নাই। অলপ কোমল সুৰত ক'লে- ‘আহাঁ ককাইদেউ, ভিতৰলইকে আহাঁ৷’ উলাহতে সোণতৰাই পখিলাৰ দৰে উৰি ভিতৰ পালেগই।


[ ২০ ]

হৰি গাঁওবুঢ়াই গুৰ-গুৰি টানি বহি থকা ঠাইখিনিইকে সুদীপক সোণতৰাই লই গ'ল। সেৱা এটা জনাই সুদীপে কুশল বাতৰি ল'লে।

গাঁওবুঢ়াই গুৰগুৰিৰ পৰা মূৰ তুলি এখন হাত সুদীপৰ পিঠিত বুলাই কাষতে বহুৱাই ল'লে। চেনেহ ভৰা চাৱনিৰে তেওঁ সুদীপলই চালে। ল'ৰাটো বেছ শকত-ডাঙৰ হ'ল। উজ্জ্বল চকু দুটাৰে নিৰীহ মুখখন একেদৰেই আছে। ভালে- মান পঢ়া-শুনা কৰি গিয়ান লভি গাঁওখনৰ মুখ উজলাইছে। সুদীপক লই গাঁওবুঢ়াই আন এটা কথাও ভাবিছে। পিছে বতৰ চাই কঠিয়া পাৰিব জনা গাঁওবুঢ়াই এতিয়াও সেইকথা ক’তো বেকত কৰা নাই। মনৰ ভাৱ মনতে ৰাখি সুদীপৰ ভালেমান বা-বাতৰি ল'লে। সুদীপে চাকৰি নকৰোঁ বোলাতহে তেওঁ বৰ বিষম পালে। তথাপি ভাবিলে ডেকা বয়সত ডাঙৰ ডাঙৰ কথা কয়েই। টান পালে বয়সত আপুনি ৰাম বুলিব।

 সোণতৰাই পানী এঘটি আৰু গামোছা এখন সুদীপৰ কাষত থই জা-জলপানৰ কাঁহীখন অনিবলই গ'ল।

 সুদীপে অহাৰ কাৰণ জনাই ক'লে—‘বৰ পিতাই, আমাৰ গাঁওখনৰ দেখোন কিবা চিৰি-বিধি নোহোৱা হ'ল। মই আজি মণি পণ্‌ডিতৰ লগত আলোচনা কৰি আহিছোঁ।—আমাৰ গাঁৱত এখন পঢ়াশালি লাগে। গিয়ানৰ পোহৰ নাপালে জীবন অসাৰ। চকু থাকিও কণা।’ জলপানখিনি চোবাই চোবাই গাঁওবুঢ়াই নানান কথা ক'লে। গাঁৱৰ বছৰি হোৱা বানপানীৰ কথা, ৰাইজৰ অভাৱ-অনাটনৰ কথা। পাঠশালা এখন পাতিবলই তেওঁৰো মন নোযোৱা নহয় কিন্‌তু তাৰবাবে টকা-সিকা ভৰিব কোনে? ৰাইজৰ খোৱাৰে টনা-আজোৰা, পঢ়া-শুনাৰ কথা শুনে কোনে? তথাপিও সুদীপৰ কথাত হয়ভৰ দি গধূলি লই কমলা বায়নৰ চোতালত পাতিব খোজা মেললই আহিবলই কথা দিলে। [ ২১ ] সুদীপৰ ভাল লাগিল। গাঁওবুঢ়াই সুদীপৰ আঁচনিত বৰ ওজৰ-আপত্‌তি কৰা নাই। কমলা বায়নৰ ঘৰলই গই সুদীপে সকলো বিবৰি ক'লে। বায়নে ৰঙেৰে মত দিলে।

 বাটত দিগেনক লগ পাই তাৰ লগতে সুদীপে টিকেন, জুৰমনহঁতক লগ পাবলই গ'ল। কলীয়া, নেউলা, কেনা, ইৰ্‌ছাদহঁতলইও বাতৰিটো পঠিওৱা হ'ল। সকলো গধূলি মেললই আহক তাতে সকলো কথা আলচ কৰিব পৰা হ'ব।

 গধূলি এজন দুজনকই লোক আহি কমলা বায়নৰ আগ- চোতালত গোট খালেহি। মণি পণ্‌ডিতৰ চাইকেলখনৰ মাতো যথাসময়ত বায়নৰ চোতালত মাৰ গ'ল। গাঁওবুঢ়া আহি পোৱাৰ লগে লগে আলোচনাৰ পাতনি মেলা হ'ল। সুদীপে ভাষণ দিয়াৰ দৰে থিয় হই ক'লে—“ৰাইজ, নাহৰকলি গাঁও আমাৰ সকলোৰে মৰমৰ। এই গাঁৱৰ উন্‌নতিৰ বিষয়ে আলচ কৰিবলই আপোনালোকে আমাৰ কথাত সঁহাৰি জনাই আহি ইয়াত গোট খোৱাত পৰম হৰষিত হইছোঁ৷ ল'ৰাৰ কথা বুলি হেলা নকৰি কামটো উচিত বিবেচনা কৰাত আমি নিজেই ধইন মানিছোঁ৷ ৰাইজ, আমাৰ গাঁও এই যুগতো বহুত পিছ পৰি আছে। গতিকে ইয়াক আগবঢ়াই নিয়াৰ যতন কৰা আমাৰ সকলোৰে উচিত কাম হ'ব।' কথাখিনি কই সুদীপে ৰাইজৰ ফালে চালে। দেখিলে সকলোৱে সুদীপৰ কথা মন দি শুনিছে৷

[ ২২ ]

 সুদীপে কই গ'ল—“ৰাইজ, আজি জগতখন আগৰ দৰে হই থকা নাই। বিগ্‌গানৰ বলত বহুতো আগবাঢ়িছে। জোনত মানুহে ভৰি দিছে। খেতি-বাতিৰ কাৰণে নতুন নতুন পদ্ধতি ওলাইছে। পথাৰত পানী নহ'লেও মানুহে পানী বোৱাই খেতি কৰিছে। কম সময়তে হোৱা নতুন ধৰণৰ বীজ উলিয়াইছে। আনকি বানপানীও ৰোধ কৰিছে।...... '

 ‘উ-ৱা, বানপানীকো ভেটিব পাৰেনে?' আচৰিত হোৱা টকউৰ মাতটো ডাঙৰকইয়ে ওলাল। ‘ৰবাছোন্‌ ৰ’বা জপৰাই মাজতে মাত দি উঠিল, ‘সুদীপ বোপায়ে কিবা জোনৰ কথা ক’লি। ৰাম-হৰি! গোঁসাইৰ গাত মানুহে ভৰি দিয়েনে?”

 হাঁহি হাঁহি ইৰছাদে ক'লে, “হয় চাচা, সুদীপে কথাটো মিছা কোৱা নাই। চহৰলই যাওঁতে ময়ো কথাটো শুনিছিলো। বাতৰি কাকতত ছবিও ওলাইছিল নহয়। তোমালোকেহে গম পোৱা নাই হবলা।’

 ‘এ বোপাই, আদাৰ বেপাৰীয়েনো জাহাজৰ খবৰ কেলেই ৰাখিছো? আমি দুবেলা খোৱাৰ কথা ভাবিব লগা দুখীয়া মানুহ। আমাক খেতিৰ কথাকে কোৱা। পিছে, পানী নহলেনো খেতি হয় ক'ৰ পৰা? কথাতে কয় বোলে—মেঘক দেখি হালক বায়। জানা শইচ তাৰ অধিক পায়। ডাকৰ বচননো ক'ত অথলে যোৱা দেখিছা?’ টিলউৱে গহীনভাৱে কথাখিনি কই ৰাইজৰ ফালে চালে।

 এইবাৰ জুমন থিয় হই গলগলীয়া মাতটোৰে কবলই ধৰিলে—'ৰাইজ, দোষ নধৰিলে এই অভাজনেও দুআষাৰ কওঁ বুলিছোঁ৷ হওঁতে সুদীপ বোপায়ে গাঁওখনৰ বাবে মঙ্‌গল হোৱা কথাই কৈছে। শুনিছোঁ। আমাৰ আহু, শালি-লাহী ধানতকইও কম সময়তে হোৱা কিছুমান নতুন ধান ওলাইছে। সিবেলি মই চহৰলই যাওঁতে বলেন বোপাৰ ঘৰত শুনিছিলোঁ কিবা আই-আৰ, পুছা আৰু কিবা বোলেনে আইজঙ, ধান [ ২৩ ] ওলাইছে। সেইবোৰৰ বিষয়ে যদি কোনোবাই কিবা জানে তাৰ দিহাহে দিব লাগে। নহ'লে বলীয়া বানটোৱে আৰু কাকো ৰেহাই নিদিয়ে। পেটত গাঠি দি আৰু কোনে কিমান দিন থাকিব পাৰে?’

 আঘোণাকাইয়ে মাত লগালে—‘হওঁতে জুৰমনে উচিত কথাকে কইছে। আমাক পেটৰ ভাত মুঠিহে লাগে পোনতে। কোৱাই আছে বোলে আগতে চাউল কঠা, পিচাতহে হৰি কথা।' ‘হয় দেওঁ হে! পেটত খুদকণ এটাও নপৰিলে মুখৰ মাত ওলাব ক’ৰপৰা?'—চেলিমে অঘোণাৰ কথাখিনি শলাগিলে। সুদীপে এইবোৰ আলচেই কৰিবলই বিচাৰিছিল। কথাবোৰ ওলোৱাত ভালেই পালে। পুৰণিকলীয়া নিয়ম এৰি নতুন নিয়মত খেতি কৰিব লাগে। চৰকাৰৰ কিৰিষি বিষয়াসকলৰ লগত যোগাযোগ কৰি নতুন ধানৰ বীজ আনিব লাগিব। শইচবোৰ সোনকালে বঢ়াৰ সাৰো চৰকাৰে দিয়ে। ৰাইজৰ ভালৰ বাবেইতো চৰকাৰে যতন কৰিছে। ৰাইজ আওকণীয়া হ'লে কেনেকই হ’ব?

 কেনা, নেউলা, অহেদ আলী—সকলোৱে একেমুখে ক'লে যে সুদীপ, দিগেন, টিকেন, ইছাদহঁতে চহৰলই গই কিৰিষি বিষয়াক লগ ধৰি বীজ, সাৰ আনিব লাগে। জয় বাপুৱে ভাল তিথি-বাৰ এটা চাই দিবলই গাত ল'লে।

 সুদীপে ক'লে—‘ৰাইজ আৰু এটা কথা। আমি কেৱল ধানখেতি কৰি থাকিলেই নহব। দাইল, মাহ জাতীয় শইচ, তেল জাতীয় শইচৰো খেতি কৰিব লাগিব।’

 হিৰণ দোকানীয়ে কথাখিনি শলাগি ক'লে--“সুদীপে ঠিকেই কইছে। দাইল, মাহ-তেল আদিতো আমি বাহিৰৰ পৰাই আনিব লাগে। গাঁৱতে হ'লে সকলোৰে কম বেচতে পায়।’

 কথাটো ভদোৱে শলাগিলে, 'ইমান দিনে আমি কেৱল ধানখিনিৰেই কথা ভাবি আছিলোঁ। দাইল, মাহৰ বীজও জানো চৰকাৰে নিদিব সুদীপ বোপা?’ [ ২৪ ]  কিয় নিদিব? আমি চহৰলই গ'লে এই বিষয়েও কথা পাতিম। শুনিছো এইবোৰ শইচৰ বীজ কম বেচতে খেতিয়ক সকলক দিব। ভালকই কই-মেলি এনেয়েও আনিব পৰা হ'ব পাৰে।'—সুদীপে সমিধানত ক'লে।

 ‘তেতিয়াহলে বৰ সজ কথা হয়দেও! তেনে এটা সোন- কালে হ'লে আল্‌লাৰ ৰহমতত আমি দুখীয়া নিছলাসকলে তৰিব পাৰোঁ।'—চেলিমে বৰ আশাৰে ক'লে।

 গল খেকৰি এটা মাৰি কমলা বায়নে ক'লে—‘পিছে এটা কথা ৰাইজে মন কৰিছেনে? বৰষুণলই বাট চাওঁতে চাওঁতে দেখোন কেতিয়াবা কোদাল শালোঁতে মাহৰ বতৰো যায়। পথাৰত পানীৰ কিবা এটা কৰিব নোৱাৰিনে? তাতে আক’ সেই আপদীয়া বানটো আছেই নহয়!’

 গাওবুঢ়াইও কথাটোত হয় ভৰ দি ক'লে--যেতিয়ালইকে বানটো ভেটিব নোৱাৰি তেতিয়ালইকে সকলো মিছা। খেতিৰ পানী আৰু বৰষুণৰ পানী টুপিতেহে আশা!

 ‘অ' গাঁওবুঢ়াকাই, তুমি ছাগই গমেই পোৱা নাই। পানী নোহোৱা খেতি পথাৰত পানী যোগান ধৰিবৰ কাৰণে চৰকাৰে বহু টকা-সিকা ভাঙি পানী ঢলাৰ দিহা কৰিছে। জল-সিন্‌ছন্ বুলি কয়। ডাঙৰ ডাঙৰ ন'ইবোৰৰ পৰা পানী আনি শুকান হই থকা খেতি পথাৰলই বোৱাই দিয়া হয়। খৰাঙ্‌ ঠাইবোৰত আক’উ কুঁৱা খান্‌দি, দমকল বহুৱাইও পানী উলিয়াই খেতিত দিয়া হয়’—মণি পণ্‌ডিতে কোৱা সাৰুৱা কথাখিনি ৰাইজে বৰ মনোযোগেৰে শুনিলে।

ৰাইজে ইমান দিনে এইবোৰ কথা জনাই নাছিল। জানিবলই যতনও কৰা নাছিল। সুদীপ আহি এইদৰে আলচৰ মেল বহুৱালে বুলিহে খেতিৰ বিষয়ে ন ন কথা জানিবলই সুযোগ পাইছে। [ ২৫ ] সুদীপে ক'লে—‘আমি কিৰিষি বিষয়াৰ ওচৰলই গই পানী যোগানৰ কথাও পাতিম। বছৰে বছৰে বান আহি শইচৰ হানি কৰি মানুহক হাঁহাকাৰ লগোৱা কথাটোও আৰু সহি থাকিব নোৱাৰি। তাৰো কিবা এটা গতি লগাব। লাগিব।'

 টিকেনে উঠো-নুঠোকই উঠি ক'লে—বাইজে দায় নধৰে যদি মইও এটা কথা সোধো।’ চাৰিওফালৰ পৰা ‘বাৰু, বাৰু বুলি কোৱাত টিকেনে ক'লে—‘ৰাইজে বিচাৰিলে কিৰিষি নিগমৰ পৰা কিবা টেৰেক্‌টৰো দিয়ে বোলে। গাঁৱৰ গৰু- বোৰো বানত পৰি, বেমাৰত পৰি, মৰি-হাজি আইধা হই আহিছে। আমাৰো আক’ সেই লেৰেলা পৰা লৰু, চেৰেলা পৰা গৰুহে! ভাত মুঠিৰ যোগাৰ কৰিব নোৱাৰা মানুহেনো হালৰ গৰু লয় কেনেক’ই? গতিকে কম সময়তে মাটি চহাব পৰা টেৰেক্‌টৰহে ৰাইজে অনাব লাগে।’

 টিকেনৰ কথাখিনি নেউলা, কেনাহঁতে বৰ উত্‌তম বুলিলে। হালৰ গৰু নোহোৱাত আটাইতকই অধিক অসু- বিধা হইছে সিহঁতৰে। টেৰেক্‌টৰখ‌ন হ'লে তেওঁ মাটিখিনি চহাবলই বেছি দিন আনৰ মুখলই চাই বহি নাথাকিলেও হ'ব।

 খেতিৰ বিষয়ে ভালেমান পৰ আলোচনা কৰাৰ পাছত সুদীপে পিচৰ আঁচনিটোলই আহিল। থিয় হই কবলই ধৰিলে, ‘ৰাইজ, পেটৰ ভাত মুঠিৰ দিহা কৰিবৰ কাৰণে ভালেমান পৰ আলচ কৰা হ'ল। এতিয়া চহৰলই গই আমি কি দিহা কৰিব পাৰোঁ চাওঁ। কিন্তু এটা কথা মনত ৰাখিব ৰাইজ, খোৱা মুঠিৰ যোগাৰ হ'লেই গাঁওখনৰ উন্‌নতি নহয়। আমাক গিয়ানৰ পোহৰো লাগে। আজি চাৰিওফালে গিয়ানৰ পোহৰ—অথচ আমাৰ গাঁৱত এটা পঢ়াশালি নহ'ল। ফলত আমাৰ ল'ৰা-ছোৱালীবোৰ গিয়ানৰ পৰা বন্‌চিত [ ২৬ ] হইছে। গিয়ান নহ'লে জীৱন বিফল বুলি মহান্লোক সকলে কই গইছে।’

 পণ্‌ডিতে মাত লগালে–‘বোপায়ে ঠিকেই কইছে। পঢ়াশালিল’ই নগলে ল'ৰা-ছোৱালীবোৰে পশুৰ দৰে খাব অৰুি শুবহে জানিব। চিন্‌তা কৰিবলই শিকিব কেনেক’ই? চিন্‌তা কৰিব নাজানিলে নিজকে নাজানিব। দেশৰ, দহৰ কথা ভাবিবলই শকতি পাব ক'ত? মই ভালেখিনি যতন কৰিও পঢ়া শিকোৱাৰ আয়োজনকে কৰিব নোৱাৰিলোঁ। এতিয়া সুদীপহঁতে নিজে পঢ়ি-শুনি আনবোৰকো গিয়ানৰ বাট দেখুৱাঁও বুলিছে। বৰ সজ কাম হ’ব। বৰ সজ হ'ব।’ জুৰমনে পণ্‌ডিতৰ কথাত হয়ভৰ দিলে। আঘোণা দাইটি, মেথো ককা, তিলউৱে হাত চাপৰি বজাই কথাটো সমৰ্থন কৰিলে। ভদোৱে উঠি লাহে লাহে ক'লে,—“ৰাইজ, পঢ়াশালি- খন হ'লে ভালৰে কথা। পিছে, ৰাইজৰ টকা-সিকানো ক'ত? পণ্‌ডিত ৰাখিবলইও টকাৰে নাটনি। বানপানীয়ে আমাক জুৰুলা কৰিলে। এতিয়াও দুই সইন্‌ধা চৰুৰ জুই নজলে—পঢ়ি-শুনি আমাৰ দুখীয়াৰ ল'ৰানো ক’ত হাকিম- মুন্‌ছি‌প্‌ হবগই?' ভদোৰ কথাটোত বিমল, মিলন আৰু ৰতনে জক্‌জকাই উঠিল। ইমান দিনে বছৰ বছৰ ধৰি গাঁৱৰ বুঢ়া-মেথাবোৰে গাঁওখনত এটা পঢ়াশালি পাতিব নোৱাৰিলে— এতিয়া ডেকা মখাই লগলাগি পাতিব খোজোতেও বিধি পথালি দিব খোজে। এই কথাই কথা নহয়। সদায় আৰু সিহঁত অশিক্ষিত অগিয়ানী হই থাকিব নোৱাৰে। সুদীপৰ কথা সিহঁতৰ ভালদৰে মনত সোমাইছে।

 কমলা বায়নৰ গল্‌গলীয়া মাতটোত কথোপকথনবোৰ তল পৰিল। তেওঁ ক'লে—‘ৰাইজ, পঢ়াশালি হ'বই। সই- দহতে মোৰ বহাৰ এই চ’ৰাঘৰত হওঁক। পাছে পৰে এটা ঘৰ সাজি গজগজীয়া কৰি লব লাগিব। ৰাইজৰ আলই[ ২৭ ]

আহু-কাল সদায় আছে—থাকিবই। সেইবুলি চাপৰিলে মেঘ নেৰায় নহয়। এটা এটা কই সকলো সমাধান কৰিব লাগিব৷ পিছে পণ্‌ডিত, তুমি জানো নিতউ আহিব পাৰিবা?’ পণ্‌ডিতে সন্‌তোষৰ হাঁহি মাৰি ক'লে—‘হ’ব বাৰু। দিনত সইদহতে সুদীপেই শিকোৱাৰ ভাৰখন লওক৷ গধূলি গধূলি মই পাক একোটা মাৰিম।’

 ‘বৰ উত্‌তম কথা হ’ব'—ৰাইজ ৰঙত অধীৰ হ’ল। সকলোৱে জয় বাপুলই চালে। এতিয়া শুভ খেন এটা চোৱাহে কথা। শৰাই এখন দি নাম এষাৰ গাই পঢ়াশালিখন আৰম্ভ কৰিব লাগে।

 সুদীপে আগতে শিকাই থোৱাৰ দৰে দিগেনে উঠি কবলই ধৰিলে—‘ৰাইজ, অকল জানো ল'ৰা-ছোৱালীয়ে পঢ়িলেই হ'ব? আমাৰ বুঢ়া মেথাবোৰেও ক-খ শিকিব লাগে। শিকিব পঢ়িব জনা হলে ভালেমান কথা জানিব পাৰি— নাতি-পুতিহঁতক শিকাব পাৰি। কীৰ্‌তন, দশম পঢ়িব পাৰি আৰু দেখোন তেতিয়া মনটোও ভাল লাগিব।’

 এ, থ, থ, বোপাই, তহঁত সৰু ল'ৰা-ছোৱালী, ডেকা- গাভৰু সোপাই পঢ়ি-শুনি যি পাৰ কৰ—বুঢ়া মেথাবোৰক- নো টানিছ কেলেই? বোলো উদৰ সাত পুৰুষ গল কেঁচা মঙহ খাওঁতেই, এতিয়ানো আমি লেখা-পঢ়া শিকি কি কৰিম? গাঁওবুঢ়াই উচাত্‌ মাৰি কই উঠিল। জপৰা আৰু আঘোণায়ো গাঁওবুঢ়াৰ কথাতে হয়ভৰ দিলে।‘বোলো ৰাইজ, দিগেনে একো বেয়া কথা কোৱা নাই। বুঢ়ী শালিকীয়ে মাত নল'ব পাৰে। পিছে দেশ-কাল সলনি হইছে। ক-খ কেইটা শিকিলে লোকচানতো নহয়েই, উপকাৰহে হয়। এতিয়া চিঠি এখন লিখিবলই পঢ়িবলই দেখোন আনকহে কাকুতি কৰিব লাগে। নিজে জানিলে কিমান সুচল হয়। পৰৰ কথা চৰ্‌চি অবাবত সময় কটোৱাতকই আখৰ কেইটা [ ২৮ ] চিনিলে দুই এখন পুথি-পাজিকে চাব পাৰি, বাতৰি কাগজ- খনকে পঢ়িব পাৰি। তেতিয়া মনটোও ফৰকাল হই থাকে। ৰাইজ, যতন কৰিলে ৰতন পাবই। অসাইধ একো নাই।' পণ্‌ডিতৰ কথাখিনি শুনি চেলিমে মাত লগালে—‘পণ্‌ডিতে বৰ হক কথা কইছে। আখৰ পঢ়িব নজনা কাৰণেই আমি অজলা হই আছোঁ। মাটিৰ দলীলখন পঢ়িব নোৱাৰা কাৰণে সিবেলি পিনু মহৰীয়ে কিবাকিবি লিখি টিপ্‌চহী এটা মোৰ পৰা লই পেচত পেলাই মোৰ দুবিঘা মাটি তেওঁ নিজৰ কৰি ল'লে।’

 জুৰমনে নিশা হই অহাৰ কাৰণে মেল সামৰাৰ চলতে নিজৰ মত বেকত কৰি ক'লে—‘ৰাইজ, এতিয়া অঁহিয়াবাদি কৰি থাকিলে কি হ'ব? দিনৰ ভাগত তেনেহ'লে ল'ৰা- ছোৱালীবোৰেই পঢ়ক। গধূলি গধূলি আমি ডেকা-বুঢ়া সকলোৱে আজিৰ দৰে বায়নৰ আগ চোতালত গোট-পিত খাই ক-খ কেইটা শিকিম। লগতে দুটা নতুন কথাও শুনিম।’

 সুদীপৰ বহুদিনীয়া আশা এটা পূৰণ হোৱাৰ ৰেঙণি দেখা গ'ল। যাওঁতে যাওঁতে সুদীপে ভাবি গ’ল—বায়নৰ চ'ৰা ঘৰতে পঢ়াশালিখন পাতি গাঁৱৰ ল'ৰা-ছোৱালীবোৰক গোট খুৱাই শিকাব লাগিব। দিগেন, টিকেনেও পঢ়োৱাত লাগি-ভাগি দিব পাৰিব। বয়সীয়াল মানুহখিনিকো শিকাই বুজাই ল'ব লাগিব। নিৰক্ষৰ হই থকাটো দেশৰ কাৰণে বৰ লাজৰ কথা। গান্ধীজীয়ে কোৱা কথা এষাৰ সুদীপৰ বাৰে বাৰে মনত পৰিল—আমাৰ দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰিব লাগিব৷ সকলোৱে কাম চলাব পৰাকই লিখিব আৰু পঢ়িব জানিব লাগিব। তেতিয়াহে আমি দেশখনলই পোহৰৰ ন-ঢল

বোৱাই আনিব পাৰিম। [ ২৯ ]

॥ তিনি॥

 দুৰইৰ পৰাই ম'হৰ শিঙৰ পেঁপাৰ মন কেনেবা কৰা সুৰটো শুনি সোণতৰাই ঠিক বুজি পালে সেয়া কলীয়াই হ'ব। লগে লগে সুৰীয়া মাতেৰে গোৱা বন-ঘোষাৰ কলি কেইটা কাণত পৰাত তাইৰ মনটোও থউকি-বাথউ লাগিল—

 বাৰীৰে আম গছ 
তিনি ফেৰেঙীয়া
 তাতে বহি মাতিলে কুলি,
গধূলি বেলিকা  আহিবা লাহৰী
 চালনী অনোগই বুলি॥

 গছবোৰত ন-কুঁহিপাত। গছৰ ডালে ডালে ডেও দি দি নচা চৰাইৰ বিতোপন খেল। মাজে মাজে দুই এজাক পছোৱাই কঢ়িয়াই অনা বিবিধ ফুলৰ সুবাসে মনত পেলাই দিয়ে—এয়া বসন্তৰ আগমনি। সোণতৰাই আকাশলই মূৰ তুলি চালে। সুনীল আকাশখন দেখি তাইৰ মনটোও ফৰ্‌কা‌ল ফৰ্‌কাল। লাগি গ'ল।

 সুদীপ গাঁৱলই অহা তিনি মাহ হই গ'ল। এই কম সময়ৰ ভিতৰতে গাঁওখনৰ ভালেমান সলনি হ'ল। বিশেষকই ল'ৰা- ছোৱালী ডেকা-গাভৰুবোৰ নিজৰ কামত মগন। ল'ৰা- ছোৱালীবোৰে আৰু আগৰ দৰে পুৱাৰেপৰা খেল-ধেমালি হাই-কাজিয়া কৰি নকটায়। ৰাতিপুৱা সকলো আহি বৰ আঁহত জোপাৰ তলত গোট খায়। তাতে টিকেনৰ পৰিচালনাত কছৰত্‌ কৰে। সুদীপে সাধুকথাৰ ছলেৰে নানান জানিব- লগীয়া কথা শিকায়। বাৰীৰ ফল মূলবোৰ ধুই-পখালি খাবলই শিকায়। ল'ৰা-ছোৱালীবোৰৰ চেহেৰাও সলনি হইছে। এতিয়া সিহঁতে গা-পা ধুই চাফ্‌-চিকুণ কাপোৰ পিন্‌ধি থাকে। ভাত পানী খাই দহমান বজাত আক’উ কমলা বায়নৰ চ'ৰা ঘৰৰ [ ৩০ ] পঢ়াশালিলই আহি পঢ়া-শুনা কৰে। সকলোৰে হাতে হাতে ফলি-পুথি। আগৰ দৰে নাকত সেঙু নলই, মুখত তামোল চোবাই আৰু কোনো নাথাকে। সিহঁতৰ মনবোৰো ৰঙিয়াল হই পৰা বাবে দেহবোৰো সৱল হই মৰম লগা একোটা হই পৰিছে। বুঢ়া-মেথাবোৰেও গধূলি আহি বায়নৰ আগচোতালত গোট খায় আৰু তাতে আলাপ-আলোচনাও চলে, পঢ়া-শুনাও শিকে। মণি পণডিতে বৰ যতনেৰে পাঠ দিছে। জুৰমন, ভদো, তিলউ, কলীয়াহঁতে মনপুতি শিকিবলই লইছে। নিৰাশা আৰু লাজৰ ভাব সকলোৰে আঁতৰিল। শিকি-লিখি বৰ অমোদহে পাইছে। সেয়ে মনবোৰো উছাহেৰে ভৰা।

 সোণতৰাই বৰ খৰধৰকই মালতীৰ ঘৰলই আগবাঢ়িল। সুদীপ, দিগেনহঁত দুদিন পাছতে চহৰৰ পৰা উলটি আহিব। সোণতৰাক তেওঁলোকে এটা গধুৰ ভাৰ দি গইছে। জীয়ৰী- বোৱাৰীসকলক লই এটা মহিলা দল গঠন কৰিব লাগে। এয়া সেৱিকা দল হ’ব। ডেকাহঁতৰ সেৱক দলৰ দৰেই। সুদীপে কইছে গাঁৱৰ জীয়ৰী-বোৱাৰীও পিছ পৰি থাকিব নালাগে। থকা ঘৰখন কেনেকই ৰাখিব লাগে, ল'ৰা-ছোৱালীৰ যতন কেনেকই লব লাগে, ৰনধা-বঢ়া কেনেকই চাফ্‌চিকুণ কই আৰু শৰীৰৰ উপকাৰ হোৱাকই ৰান্‌ধিব লাগে আদি কথাবোৰ সকলোৱে জানিব লাগে। সোণতৰাই সেয়ে মালতী, ৰেহেনা, ৰঙিলী, আবিদা, পখিলী, তগৰক লই সোনকালেই মেল এখন পাতি আন আন জীয়ৰী-বোৱাৰীকো গোটাই আলচ কৰি এইবোৰ শিকাব লাগে। যোৱা বহাগত বিয়া হই নতুনকই এইখন গাঁৱৰ বোৱাৰী হই অহা সুৱলাৰ এইবোৰত বৰ মন। জানেও তেওঁ বহুত কথা। ডেকাবোৰৰ সেৱক দলটো দিগেন- টিকেন-হঁতৰ পৰিচালনাত বেছ লায়ক হই উঠিছে। গাঁৱৰ ভিন্‌ ভিন্ কাম আগবঢ়াই নিছে। জীয়ৰী-বোৱাৰীৰ মাজতো সেয়ে তেনেকই আগবাঢ়ি যাবলই উথপ্‌থপ লাগিছে। [ ৩১ ] সোণতৰাৰ ভাবিয়েই ভাল লাগি গ'ল—সুদীপ আহিয়ে- ইতো গোটেই গাঁওখনক বহুদিনীয়া টোপনিৰ পৰা জগাই তুলিলে। ইমানদিনে সকলোৱে নিজৰ কাম, নিজৰ সুখ-দুখ, মান-অভিমান ল'য়েই মগন অছিল। সমূহীয়া কামবোৰৰ কাৰণে কাণ-সাৰেই নাছিল। এতিয়া সুদীপেহে সেই ভেদ ভাঙি দিলে। সকলোৱে নতুন সপোন লই গাঁওখনক অধিক বিতোপন কৰিবলই কঁকালত গামোছা বান্‌ধি লাগি গইছে। দিগেন, ইৰছাদক লই সুদীপ দুবাৰো চহৰৰ পৰা আহিল- গই। খেতিৰ পানী আৰু উন্‌নত বীজৰ কাৰণে কিৰিষি বিষয়াক লগ ধৰিছে। গাঁৱৰ গৰু-ম'হৰ চিকিত্‌সাৰ কাৰণে পশু চিকিত্সালয় এখন পাতিবৰ কাৰণেও সুদীপৰ লৰা- ঢপৰাৰ শেষ নাই।

 মালতী, সুৱলা, আবিদা সকলোকে লই সোণতৰাই মহিলা- মেল পাতি সেৱিকা দল গঠন কৰিলে। পিতাক গাঁওবুঢ়াই পোনতে কথাটো বৰ ভাল পোৱা নাছিল। গাঁৱৰ জীয়ৰী- বোৱাৰীয়েনো কি দেশখন উদ্‌ধাৰ কৰিব! ককায়েক কমলেও সোণতৰা এইবোৰ কামত লগাটোত ওজৰ উলিয়ালে। সোণতৰা হ'লে নাছোৰ-বান্দা। তাই অলৰ-অচৰ মনোভাৱ দেখি পিতা-পুতেক দুয়ো তাপ মাৰিলে। পিছে, সোণতৰাই মন কৰিলে খামখেয়ালি মনৰ ককায়েক কমলে সুদীপৰ সু-কামবোৰ সমূলি ভাল পোৱা নাই। সুদীপৰ লগত দেখা- দেখিকইয়ে মাত-বোল নকৰে। উপলুঙা কৰে বোলে সাতাম- পুৰুষীয়া নীতি-নিয়মত চলি থকা গাঁওখনৰ নো সুদীপহঁতে কি সলনি কৰিবগই? সুদীপে পিচে এইবোৰ তল খোঁচৰা কথা সমূলি আওকাণ কৰি নিজৰ কামত আগবাঢ়ি যায়। সোণতৰাহঁতকো আগবঢ়াই দিয়ে।

 চহৰৰ পৰা ঘূৰি আহি সুদীপে সেৱকদল, সেৱিকাদলৰ সভা এখন পাতিলে। বায়নৰ আগচোতালত পতা মেলৰ [ ৩২ ] আয়োজন দেখি বয়সীয়াল সকলেও আহি যোগ দিলেহি। নাহিল কেৱল কমল আৰু কেইটামান তাৰ ধিতিঙালি কৰি ফুৰা সহচৰ।

 চহৰৰ পৰা সুদীপে কেইবাটাও নতুন বতৰা লই আহিছে। সুদীপে ক'লে—'ৰাইজ, দুটামান শুভ বাতৰি আপোনা- লোকক দিবৰ বাবেই সকলো গোট খাইছো। আমি কিৰিষি বিষয়াক লগ ধৰি গাঁৱৰ আলাই-আথানিৰ কথা ক'লো, বছৰি বানপানীয়ে জুৰুলা কৰা ৰাইজৰ অভাৱ-অনাটনৰ কথাও ক'লো। এতিয়া চৰকাৰৰ ফালৰ পৰা আমাক ৰবি খেতিৰ কাৰণে বিনামূলীয়াকই বীজ দিবলই গাত লইছে। সাৰও দিব বুলি কইছে। টেৰেক্‌ট‌ৰ দুখন অলপ বেয়া হই আছে—ভাল হোৱাৰ পাছত তাৰে এখন আমাৰ গাঁৱেও পাব।’

 টেৰেক্‌টৰৰ কথা শুনি নেউলা, কেনাই ৰঙতে কিৰি- লিয়ায়েই দিলে। হওক তেও মাটি ডৰা চহাব পৰা হ'লেও যহন-তহন। কিমান আৰু লোকৰ হাললই হাত মেলি ৰ'ব।

 গাঁওবুঢ়া, কমলা বায়ন, আঘোণাকাইয়ে সুদীপহঁতৰ কাম শলাগিলে। ইমান দিনে নোপোৱা সা-সুবিধা গাঁওখনে পাব —কম কথানে? ভদোৱে মতি দিলে —‘এৰাতো! আমি খা-খবৰ নলওঁ বুলিহে। চৰকাৰে এনেকই কিমানক সা- সুবিধা দিব লাগিছে! নতুন ধৰণৰ বীজ, সাৰ, পোক-পৰুৱা মৰা দৰৱ পালে আমাৰ গাঁৱত নো ভাল খেতি নোহোৱাৰ কি কাৰণটো আছে?’

 এইবাৰ দিগেনে উঠি কবলই ধৰিলে—‘ৰাইজ, আৰু এটা ভাল বাতৰি। সুদীপে আমাৰ গাঁৱৰ কথাবোৰ লিখি বাতৰি কাগজত দিছে। সেইবোৰ কথা ওলালে সকলোৱে আমাৰ গাঁৱৰ কথা জানিব পাৰিব।’

 জেতুকী পেহীয়ে মাজতে কই উঠিল—‘বেপায়ে সজ কামেই কৰিছে। দুবেলা দুমুঠিৰ অভাৱত গাঁওখনত কি [ ৩৩ ] আলাই-আথানি হইছে ৰাইজখনে জানিলেহে ভাল। গাঁওখনৰ নামও আটায়ে জানিব।’  ইৰছাদে এমোকোৰা হাঁহি ভৰা মুখেৰে ক'লে—‘ৰাইজ, আমি গাঁৱৰ গৰু-গাই, হাঁহ-কুকুৰাৰ বেমাৰ হ'লে চিকিত্‌সা কৰিবৰ কাৰণে এখন পশু-চিকিত্‌সাল য়ৰ কাৰণেও আবেদন কৰি আহিছোঁ। গাঁৱত এটা ডাকঘৰো লাগে নহয়। সুদীপে সেইবাবে কেইজনমান বিশেষ বিষয়কো লগ ধৰি আহিছে। ডাকঘৰ এটা হ'লে ৰাইজৰ যে কিমান সুবিধা হ’ব। আৰু এটা ভাল খবৰ, গাঁৱলই বাতৰি কাগজ অনোৱাৰো দিহা কৰি অহা হইছে।’

 সভাত গুণ-গুণনি গুনা গ'ল। ডেকহঁতে কম সময়ৰ ভিতৰতে বহুতো কাম সমাধা কৰি আহিল।

 সুদীপ আক’উ এবাৰ থিয় হ’ল। ক'লে—‘আমি কৰি অহা কামখিনি হবলই অলপ দিন লাগিব। আক’উ এবাৰ যাবও লাগিব। এতিয়া আমি সেৱক দলে আন কাম দুই এটাহে কৰিব লাগে।' সোণতৰাই উঠি ক'লে—সেৱক দলৰ লগত এইবাৰৰ পৰা সেৱিকা দলেও লগ হই কাম কৰিব খুজিছোঁ। গতিকে সেৱক দলৰ হই সুদীপ ককাইদেৱে অনুমতি দিব। লাগে।’

 সুদীপে পৰাণভৰা হাঁহিৰে অনুমতি দিলে৷ মনটো তাৰ ভাল লাগি গ'ল। এতিয়া আৰু গাঁৱৰ জীয়ৰী-বোৱাৰী লাজ কৰি ঘৰৰ চুকত সোমাই নাথাকে। অকল ঘৰ চলোৱা, পানী অনাৰ বাহিৰেও আৰু বহুত কিবাকিবি কৰিবলই শিকিছে। গাঁওখন শুৱনী কৰিবলই তেওঁলোকৰ পৰাণতো নতুন উছাহ।

 বায়নৰ চোতালৰ মেলত এই কথাও থিৰ কৰা হ'ল যে পিছদিনাখনৰ পৰাই সেৱক দলে অতুল-ৰজনীহঁতৰ ভকত- পাৰা আৰু চেলিম-নাছিৰতহঁতৰ ইছ লামপাৰাৰ গাঁৱলই গই কামৰ পাতনি মেলিব। [ ৩৪ ]  কথামতে কাম। পুৱাতে সেৱক দলে গই অতুলহঁতৰ ভকতপাৰাত হাজিৰ হ'ল। আগতে গাঁওখনলই আহিছে যদিও এইবাৰ সেৱক দলে এটা এটা কই সৰু-সুৰা সকলো কাম নতুনকই মন কৰিলে। দেখিলে ঘৰবোৰ বৰ থেপা- থেপিকই সজোৱা। খিৰিকীৰ নামত অকণমান জলঙাহে ৰখা হইছে। ফলত ভিতৰত তো পোহৰ নপৰেই, ৰ'দ বতাহো নোসোমায়। জাবৰ-জোথৰৰ দমবোৰ য'তে ত’তে পৰি আছে। পোহনীয়া পশু-পখীবোৰে য'তে ত’তে লেতেৰা কৰিছে। সৰু ল'ৰা-ছোৱালীবোৰেও পিৰালিতে বা কাষৰ চোতালৰ মাজতে ময়লা কৰিছে। ফলত গোটেই পৰিবেশ আৰু বতাহও দূষিত হইছে। দূৰগন্‌ধও আহিছে। যি পুখুৰীৰ পানী খায় তাৰ পাৰতে গাও ধোৱে, কাপোৰো ধোৱে। সুদীপৰ পদুমপুখুৰীৰ পাৰলইও মনত পৰিল।

 সেৱক দল গোট খোৱাত ভকতপাৰাৰ মুনিহ-তিৰোতা সকলো কাষ চাপি আহিল। নাঙঠ-পিঙঠ ল'ৰা-ছোৱালী- বোৰো লৱৰি লৱৰি থিয় হ'লহি। ডেকা-গাভৰুবোৰে অতুল- ৰজনীৰ কথামতে সকলোকে বটগছ জোপাৰ তলৰ ওখ ঘাঁহনি ডৰাত নিয়াৰিকই বহাত সহায় কৰিলে। অতুল-ৰজনী দুয়ো কাষে থাকি সৰু ল'ৰা-ছোৱালী বিলাকক হাই-উৰুমি নকৰি- বলই বাৰে বাৰে সঁকিয়ালে।

 সুদীপে থিয় হই সকলোকে হাতযোৰ কৰি অভিবাদন জনাই ক'লে—'ৰাইজ, আপোনালোক ভকতপাৰাৰ ৰাইজক আজি আমি একেলগে পাই বৰ পুলকিত হইছোঁ। আমাৰ নাহৰকলিৰ দৰে আপোনালোকৰ ভকতপাৰাও সৱাৰে বৰ মৰমৰ গাঁও। আমাৰ গাঁওবোৰক ভগৱানে তেওঁৰ সুকোমল হাতেৰে নই, বিল, গছ-গছনি, পথাৰ-সমাৰেৰে সুন্‌দৰ কৰি দিছেই। কিন্তু আমি নজনাৰ দোষত সেইবোৰক লেতেৰা কৰি পেলাইছো। ফলত গাঁওখন তো অসুন্দৰ হইছেই গাঁৱৰ [ ৩৫ ] মানুহবোৰৰ শৰীৰতো নানা বেমাৰে বাহ লইছে। আমি সময় থাকোঁতেই তাক ৰোধ কৰিব লাগে।’

 নিতাল মাৰি কথাবোৰ শুনি থকা মানুহখিনিৰ মুখবোৰত এবাৰ চকু ফুৰাই সুদীপে আক’উ কই গ'ল—‘বেমাৰ ৰোধ কৰিবলই হ'লে—ঘৰবোৰ চাফ্‌-চিকুণকই ৰাখিব লাগে। জাবৰ-জোথৰবোৰ ঘৰৰ পৰা নিলগত গাঁত এটা কৰি পেলাব লাগে। মানুহ-পশু-পখী কাকোৱেই ঘৰৰ কাষত লেতেৰা কাম কৰিবলই দিব নালাগে। তেতিয়া মহ-মাখি কমিব আৰু বেমাৰৰ পৰাও হাত সাৰিব পাৰিব। তদুপৰি থকা ঘৰটো অলপ আহল-বহল কৰি ৰ'দ-বতাহ সোমাব পৰাকই খিৰিকী- বোৰ কাটিব লাগে। তেতিয়া অসুখ-বিসুখে চল নাপায়। ৰাইজ, বিশেষভাৱে মন কৰিব লেতেৰা পানী খোৱাৰ পৰা ৰোগ বাঢ়ে। গতিকে পানীটুপি উতলাই নিৰ্‌মল কৰি খাব লাগে। যিটো পুখুৰীৰ পানী খোৱা-লোৱাত লগোৱা হয়, সেই পুখুৰীত কেতিয়াও কাপোৰ ধুব বা কাঁহি-বাটি ধুব নালাগে। পহিলাতে আমাক লাগে এটা নিৰোগী দেহা। দেহা থাকিলেহে বেহা।’

 ভকতপাৰৰ নদীয়াল ৰাইজে এই নতুন কথাবোৰ শুনি বৰ ভাল পাইছে। গমি-পিতিও চাইছে। হয়তো, আগতে কোনেও এনেবোৰ কথা কোৱা নাই। সিহঁতে নিজেও গমি চোৱা নাই।

 যিখন গাঁৱলইকে গইছে তাতেই দেখিছে একেই ভাৱে জীয়াতু ভুগি মানুহবোৰ হাড়ে ছলে লাগি জীয়াই আছে। এইবোৰ কথা সুদীপে বুজাই কোৱাৰ পাছত ৰাইজে নতুন জীৱন এটাহে যেন পাইছে। ভকতপাৰা, হীৰাপাৰা, বনিয়াপাৰা আৰু ইছলামপাৰাৰ ৰাইজে সেৱক-সেৱিকা দলৰ সইতে লগ লাগি শিকি লোৱা কথাবোৰ কামত লগালে। ঘৰবাৰী চাফ- চিকুণকই ৰাখিবলই ল'লে। খিৰিকী নথকা ঘৰবোৰত সেৱক দলৰ ডেকাই খিৰিকী কাটি দি বতাহ পোহৰ সোমোৱাৰ সুচল কৰি দিলে। কিছুমান লোকৰ ভগা পঁজা বাৰীৰ বাঁহ[ ৩৬ ] খেৰেৰে নতুনকই সুবিধা কৰি সাজি দিলে। সোণতৰা, ৰেহেনা, মালতী, আবিদাহঁতে ল'ৰা-ছোৱালীৰ যতন লোৱা আৰু খোৱা-বোৱাৰ চাফ্‌-চিকুণতাৰ বিষয়েও নিজে হাত লাগি শিকাই দিলে। গাঁৱৰ জীয়ৰী-বোৱাৰীবোৰেও মন ঢালি কাম শিকিছে আৰু কৰিছেও। চাফ্-চিকুণতাই মনবোৰো শুচি কৰিছে,—ৰঙিয়াল কৰিছে, সবল কৰিছে।

 মলিয়ন পানীৰ পৰা যে বেমাৰ বাঢ়ে এইকথা এতিয়া গোটেই কেইখন গাঁৱৰ ৰাইজে ভালদৰে বুজিছে। পানীত থকা বীজাণুৱে যে কেঁচুৱাবোৰ পঁয়া লগা কৰে, ল’ৰা-ছোৱালী- বোৰৰ পেট ফুলাই অভঁজা কৰি চিৰি-বিধি নোহোৱা কৰে, সেই কথা বুজি ঘৰতে পানী নিৰ্‌মল কৰাৰ উপায় কৰি লইছে। চাৰিটা মাটিৰ কলহ লই পানী নিৰ্‌মল কৰা বুধিটো এতিয়া সকলোৱে শিকিছে। বাঁহৰে চাৰিটা ফেৰেঙনি কৰি ইটোৰ ওপৰত সিটোকই চাৰিটা কলহ থোৱা হয়। পৰথম তিনিটা কলহৰ তলিত ফুটা কৰি তলত খৰিকা ভৰাই দিয়া হয়। মাজৰ দুটা কলহৰ এটাত এঙাৰ আৰু আনটোত বালি দিয়ে। একেবাৰে তলৰটোৰ মুখত এখন কাপোৰ বান্‌ধি দিয়া হয়। ওপৰৰ কলহটোত পানী ঢালি দিলে নিজৰি নিজৰি নিৰ্‌মল পানী তলৰ কলহটোত জমা হয়। সেই পানী খাই সকলোৱে উপকাৰ পাইছে। কিছুমানে খোৱা পানীখিনি তপত কৰিও খবলই লইছে। সোণতৰাহঁতে শিকোৱা মতে খোৱা বস্‌তুবোৰ সকলোৱে ঢাকি থবলই লইছে। মাখিয়ে কণী পৰা কমাত অসুখ-বিসুখৰ লেখও কমিছে।

 আগতে গাঁৱৰ ৰাইজে জাবৰ-জোথৰবোৰ য'তে ত’তে পেলাই মহ-মাখিৰ লেখ বঢ়াই বেমাৰৰ বীজাণুও বঢ়াইছিল। এতিয়া আৰু তেনে নকৰে। এতিয়া সকলোৱে বাৰীৰ চুকত এটা ডাঙৰ গাঁত কৰি তাতে পেলাই কল-মাৰলিৰ ঢাকনিৰে ঢাকি থই আহে। কাউৰী-কুকুৰেও এতিয়া অ'ৰ পৰা ত’লই, [ ৩৭ ] টানি নি পেলাই লেতেৰা কৰিব নোৱাৰে। তাত মাজে মাজে ছাই আৰু ফেনাইল ছটিয়াই দিয়ে। পূৰ হ'লে সেইটো গাঁত পুতি থই নতুন গাঁত খান্‌দি লয়।

 গাঁৱৰ মানুহে য’তে ত’তে বাহিৰ ফুৰিবলই যোৱাটো বন্ধ হ’ল। সুদীপহঁতে শিকাই ফুৰিছে যে য’তে ত’তে ময়লা থাকিলে সেইবোৰে হাইজা, গৰহণী, পেলুৰ বেমাৰ আদি বঢ়ায়। পথাৰত ময়লাবোৰ থাকিলে পানীত উঠি যেনিয়ে-তেনিয়ে যায়। এই ময়লাবোৰৰ পৰা ওলাই হাঁকোটা পেলু, ফিটা পেলু, ঘূৰণীয়া কিৰিমি, যক্‌ৰিত পেলুৰ কণীবোৰ ঘাঁহ-বনত লাগি থাকে। সেইবোৰ নিৰোগী মানুহৰ ভৰিৰ তলুৱাৰে সোমাই পেট পায় আৰু নানান ৰোগত জীয়াতু ভোগায়। সেই কাৰণে এতিয়া গাঁৱৰ ৰাইজ বৰ সাৱধান। নিজৰ ঘৰৰ পাছফালৰ বাৰীৰ এচুকত গাঁত কৰি শউচ কৰা ঘৰ সাজি লইছে।

 মলিয়ন কাপোৰ-কানিৰ পৰাও যে বেমাৰ বাঢ়ে সেইকথা সেৱিকা দলৰ সোণতৰাহঁতে ৰাইজক বুজাই ফুৰিছে। কম খৰচতে খাৰণি পানীৰে বা উতলা চ'ড়া পানীৰে কাপোৰ ধুই পিন্‌ধিবলই সকলোৰে মাজত হেঁপাহ জাগিছে। শেতেলীৰ কাপোৰবোৰো ৰ'দাই লবলই ঘৰৰ গিৰিহঁতনী সকলে এতিয়া নাপাহৰে। নিজৰ শৰীৰটোৰ যতন লবলইও সকলোৱে মন- কাণ কৰা হইছে। নাহৰকলি গাঁৱৰ দৰে এতিয়া ভকতপাৰা, হীৰাপাৰা, বনিয়াপাৰা, ইছলামপাৰাৰ ল'ৰা-ছোৱালীবোৰেও ৰাতি পুৱাতে উঠি বাৰীৰ দাঁতোনেৰে দাঁত ঘঁহে। কছৰত্‌ কৰে। অলপ ডাঙৰ হোৱা বোৰে পঢ়াশালিলই যাবলই লইছে। ফলি-পুথি লোৱাৰে পৰা শিকাৰ মন সিহঁতৰো বাঢ়িছে।

 সেৱক দলে বাকী গাঁওবিলাকতো নানান উছাহ যোগাই নাহৰকলিলই উলটি আহিল। এতিয়া সেইবোৰ গাঁৱতো ডেকা-গাভৰুসকলে নিজৰ নিজৰ গাঁৱৰ চাৰিও চুকলই চকু দি গাঁওখন সজীৱ আৰু সুন্দৰ কৰি তুলিছে। [ ৩৮ ]

নাহৰকলি গাঁৱত সেৱক দলে ৰাইজৰ পৰা খেৰ-বাঁহ গোটাই আনি মতি ককাৰ ঘৰৰ কাষৰ মুকলি ঠাইখিনিতে পঢ়াশালিৰ বাবে ঘৰ এটা সাজি উলিয়ালে। এতিয়া তাত নাহৰকলি গাঁৱৰ ল'ৰা-ছোৱালীবোৰৰ উপৰিও দাঁতি-পাজৰৰ ল'ৰা-ছোৱালীবোৰে ফলি-পুথি লই আহি নিয়মিত ভাবে পঢ়া-শুনা কৰে।

 সেৱক দলে নাহৰকলি গাঁৱৰ পদুম পুখুৰীৰ পাৰৰ চাৰিও কাষে জেওৰাৰে বেৰি অহা যোৱা কৰা বাটটোত এখন

জপনা দি দিলে। দাঁতিৰ গছবোৰ কাটি পেলোৱা হ'ল, যাতে গছৰ পাতবোৰ পুখুৰীত পৰি গেলি নাযায়। পুখুৰীৰ পানীত এতিয়া বেছ ৰ’দ পৰে। পুখুৰীৰ পাৰটো চিকুণাই বিধে বিধে চম্পা, তগৰ, গোলাপ, খৰিকাজাই ৰুই দিয়া হ'ল। এতিয়া পুখুৰীৰ পাৰত খন্‌তেক জিৰালেও সুবাসিত বতাহে মনটো নচুৱাই যায়। চহৰৰ পৰা অনাই পটাচ, ফিটকিৰি আদিও কেবাবাৰো পুখুৰীত দিয়া হ'ল। পানীবোৰ নিৰ্‌মল হই পৰিল। কোনেও ইয়াত গা-পা তো নোধোৱেই, হাত-মুখও নোধোৱে। ফলত বেমাৰ-আজাৰ সমূলি নোহোৱাই হ'ল। দেহ-মন সকলোৰে ফৰকাল হই থকা হ'ল।

 সুদীপ এতিয়া চাৰিওফালে টাকুৰি ঘূৰাদি ঘৰি ফুৰিব লাগে। কেইদিনমানৰ পৰা সুদীপৰ এটা চিন্‌তা হইছে— [ ৩৯ ] হিৰণ দোকানীৰ দোকানৰ আগত বহি এতিয়াও কিছুমান ডেকাই তাছ খেলিয়েই সময় কটায়। সুদীপে ভাবিলে কেনেকই সিহঁতক কামত লগাই সিহঁতৰ সময়খিনি, শকতিখিনি সজ কামত লগাই তাছ খেলৰ পৰা বিৰত কৰিব পাৰি। কাম নাথাকিলে মানুহৰ মন বিমৰিষ হয় আৰু মনত কু-ভাবৰ উদয় হয়। শকতিৰো অপচয় হয়। সিহঁতে সেৱক দলতো যোগ দিয়া নাই। সুদীপহঁতে যে কিবা নতুন কাম কৰিব পাৰিব সিহঁতে ভাবিবই নোৱাৰে। বিশেষকই কমলৰ অনুগত কেইটাই।

 বিনোদ মিচ্‌তীৰিৰ কথাটোৱেও সুদীপক বিমোৰত পেলাইছে৷ মানুহটোৱে ৰাতি নিচা কৰি আহি ঘইণীয়েকক বৰ মাৰ-ধৰ কৰে। নিচা কৰিবলই টকা পালে হ’লে সাত খুন্ মাফ্‌। ঘইণীয়েক বিমলাই কেবাদিনো আহি সুদীপক ধৰিছে কিবা এটা কৰি দিবলই। তাইৰ বেচেৰী ঘৰ কৰি থকাই অসহনি হই পৰিছে। বিনোদৰ লগত পৰি গাঁৱৰ ছয় সাতজন ডেকাইও নিচা কৰিবলই লইছে। সুদীপে ভাবে ইয়ো সমাজৰ এটা ৰোগেই।

 সুদীপে ঘৰৰ পিৰালীত বহি এইবোৰ কথা ভাবি থাকোতেই হঠাতে সোণতৰা সোমাই আহিল। সুদীপে সোণতৰালই চালে—সেৱিকা দলৰ মুখীয়াল সোণতৰাই বৰ উত্‌সাহেৰে গাঁওখনৰ হাঁহি ফুলাবৰ যতন কৰিছে।

 ‘ইমান আমন জিমনকই বহি আছা কিয় ককাইদেউ? চহৰৰ কথা মনত পৰিছে নেকি? তাত কাৰোবাক এৰি আহিলা নেকি?'—সোণতৰাই ধেমালি কৰি সুধিলে।

 ‘ধেত্, আঁকৰীজনী, কি যে কথাবোৰ কৱ...'বুলি কই সুদীপে সোণতৰাৰ চকুযুৰিলই চালে। বহুদিন শুই থকা গাঁও এখনক টোপনিৰ পৰা জগাই, নতুনকই সজাই পৰাই তুলি তাত সফলতাৰ ফুল ফুলোৱাৰ শকতি যেন সোণতৰাৰ চকু- যুৰিতে আছে। সোণতৰালই চাই থাকোতে সুদীপৰ দুই ওঁঠৰ মাজত এডাল হাঁহিৰ ৰেখা খেলি গ'ল। [ ৪০ ]

॥ চাৰি॥

 দিনবোৰ বাগৰি গই থাকে। নাহৰকলি গাঁৱত সেৱক- সেৱিকা দলৰ কামও বাঢ়ে। সুদীপ, দিগেনহঁতে কেইবাবাৰো চহৰলই গই চৰকাৰৰ ভিন্‌ ভিন্ বিষয়াসকলক লগ ধৰি গাঁৱৰ বাবে অতি লাগতিয়াল চাহিদাবোৰৰ কথা বিৱৰি কইছে। চাহিদাবোৰ পূৰণ হওঁতে সময় লাগিছে যদিও সেৱক-সেৱিকা দলে নিজৰ কামৰ পৰা বিৰত হোৱা নাই। গাঁওখনৰ সকলো কামতে সিহঁতে মন দিছে। অভাৱ-অনাটন দূৰ কৰিবলই নেৰা-নেপেৰা যতন কৰিছে। সফলো হইছে।

 কমলা বায়নৰ তাগ-চোতালত গধূলি গোট খোৱা ৰাইজে এতিয়া বাতৰি কাকতৰ খবৰবোৰ শুনে। মণি পণ্‌ডিতে খবৰবোৰ সকলোৱে শুনাকই ডাঙৰকই পঢ়ি দিয়ে। দেশখনৰ বা-বাতৰিবোৰ শুনি, ন-কই আখৰ শিকা বয়সীয়াল লোক- সকলে নিজে জোটাই জোটাই বাতৰি কাগজখন পঢ়িবলই যতন কৰি বুজি পাইছে কিয় সুদীপে আখৰ শিকাৰ কথা কইছিল। এনেয়েনো কয় নে বোলে ‘মন কৰিলেই ছন'।

 সেৱক দলে থিৰ কৰিলে যে বাৰিষাৰ আগে আগে দ’বি নইৰ পাৰত মথাউৰিটো বান্‌ধিব নোৱাৰিলে বাৰিষাৰ বানে

[ ৪১ ]

আহি পথাৰ পাবহি। সেয়ে সেৱক দলৰ ডেকাবোৰে এটা দিন থিক কৰি মথাউৰি বন্‌ধা কামত হাত দিলে। আদহীয়াসকলেও আহি তাত যোগ দিলে। সেৱিকা দলৰ গাভৰুহঁতেও সহযো- গিতা কৰিলে। সুদীপ, দিগেনহঁতে পৰাণ ঢালি কাম কৰিলে। মাউেখে উজালে যে গুৰি পৰুৱাৰো মৰণ নাই—কথাষাৰ সকলোৱে ভালকই কথাই কামে বুজি পালে। ইমান দিনে সকলোৱে ভেটা দিয়াৰ সপোনহে দেখিছিল, সুদীপহঁতে এইবাৰ কামেৰে কৰি দেখুৱালে। এতিয়া বানে পথাৰৰ হানি কৰি ৰাইজক জুৰুলা কৰিব নোৱাৰে।

 গাঁৱৰ ৰাইজে সেৱক দলৰ উছাহ আৰু নিপুণতা দেখি তবধ মানিলে। এই ডেকাবোৰে কাৰো পৰা বিনিময়ত একো নিবিচাৰি কাম কৰি যায়—আপোনমনে। বাট-পথৰ মেৰা- মতিৰ কামত হাত দিলে এইবাৰ। বানপানীৰ ঢলত ভাগি যোৱা ভকতপাৰাৰ পথছোৱা ন-কই সাজি উলিয়ালে। সুদীপ- হঁতৰ দলটোৰ উছাহ দেখি অতুল-ৰজনীৰ দলেও আজৰি পৰত আহি সিহঁতৰ লগত কাম কৰে। চাওঁতে চাওঁতে গাঁৱৰ বাট-পথবোৰ বহল হল। খাল-ডোঙ বিলাক পূৰ হ'ল। বাটৰ কাষত এতিয়া কোনেও জাবৰ- জোথৰ, গোবৰ আদি নেপালায়। ঘৰে ঘৰে ৰাতিপুৱাতে নিজৰ চোতাল-পদূলিৰ লগতে সন্‌মুখৰ আলিবাটৰ পথছোৱাও সাৰি থয়। ল'ৰা-ছোৱালীবোৰেও আৰু ফল-মূলৰ গছবোৰ দলিয়াই-ফৰ্‌মুটিয়াই তহিলঙ্‌ নকৰে। ফলবোৰ কলিতে সৰুৱাব নাপায় আৰু সেইবোৰ খালে অপকাৰহে হয় বোলা সুদীপৰ বুজনিও আটায়ে মানিছে। সেৱিকা দলে ঘৰে ঘৰে গই কথাবোৰ বুজাইছে। চকুও দিছে। থুই-খেকাৰ, কাগজৰ টুকুৰা, ফটা কাপোৰ, কলৰ বাকলি, কুঁহিয়াৰৰ চোবা, তামোলৰ পিক্‌ আদি কোনেও আৰু বাটৰ মাজত নেপেলায়। সেইবোৰৰ বাবে একোডোখৰ ঠাই ঠিক কৰি দিয়া [ ৪২ ] হইছে। গোবৰ পৰি থাকিলে কাষৰ ঘৰৰ লোকে আঁতৰাই পেলায়। চাফ্‌-চিকুণতাৰ বাবে বাট-পথবোৰ চালে চকুৰোৱা হই পৰিছে।

 গাঁওখনৰ পূবে বৰ পিতনি এডোখৰ আছে। সুদীপৰ মনত এটা বুধি খেলালে। পিতনিখন অঁতাই-পিতাই অলপ দ-কই খান্‌দি পাৰ বান্‌ধি দিলে দেখোন সুন্‌দৰ পুখুৰী এটা হই পৰিব। তাতে মাছ-পুঠি পুহিব পৰা হ'ব। সুদীপে কথাটো এদিন সেৱক দলৰ মেলত উলিয়ালে। সকলোৱে সুদীপৰ বুধিক বৰকই শলাগিলে। হয়োতো! ইমান বছৰে পিতনি- খন এনেকই পৰি আছে—সকলোৱে বাক্-দ’তৰ সাধুৰে সেইখন এৰা ঠাই কৰি থইছে। সেইখিনিতে যে এটা ধুনীয়া পুখুৰী হ'ব পাৰে, মাছ-পুঠি পুহিব পাৰে,—কাৰো ভাবেই হোৱা নাছিল। এইবোৰ হ'লেতো ঠাইখিনি শুৱনি হোৱাৰ উপৰিও মাছ-পুঠিৰ অভাৱ আঁতৰিব। অতুল-ৰজনীহঁতে বৰ ভাল পালে। সিহঁতে ইমান খাটি খাটি, মাছ-পুঠি একণ নাপায়। গাঁৱৰ মানুহৰ আৰু চৰা দাম দি কিনি খোৱাও নহয়। শুভ কাম সোনকালেই হ’ব লাগে বুলি সকলোৱে মত দিলে।

 বৰ পিতনিখন চাফ্‌ কৰিবলই গাঁৱৰ ৰাইজ ঢাক দি আহিল। সেৱক দলৰ আগত ভকতপাৰা, ধনিয়াপাৰাৰ বহুতো ৰাইজ আহি চকুৰ পলকতে পিতনিখন চাফা কৰি পেলালে। ডেকাবোৰে বহল আৰু দ-কই খানি মাটিবোৰ বামলই তুলি দিলে। চাৰিওটা পাৰ ওখ হই বৰ পিতনিখন সুন্‌দৰ বৰ পুখুৰী হই পৰিল। আহল-বহল দ পুখুৰীটোত পানী তলিত থাকিলেও বৰষুণৰ পানীৰে পূৰ হ'লে তাত মাছৰ পোনা মেলি দিব পৰা হ'ব! সুদীপে শুনিছিল—মীন বিভাগে হেনো মাছৰ পোনা দিয়ে। বেজী দি উন্‌নত জাতৰ মাছ পৰ্‌জনন্‌ কৰায়। ফলত সেই মাছবোৰ সোনকালে ডাঙৰ হয় আৰু খাবৰ [ ৪৩ ] উপযোগী হই পৰে। আজিকালি এটা সৰু জলাশয়ত কণী পাৰিবৰ সময় হোৱা মাছ আনি ৰখা হয়। কণী পৰাৰ পাছত পোনা হোৱালই কিছুদিন ৰখা হয়। পোনাবোৰ ডাঙৰ হ'লে পুখুৰী বা বিলত মেলি দিয়ে। এনে কৰিলে কণীবোৰ বা পোনাবোৰৰ হানি-বিঘিনি নঘটে। সুদীপে ভাবিলে মীন বিভাগৰ সহায় লই উন্‌নত নিয়মেৰে মাছৰ খেতি কৰিব পৰা হ'ব। এই সমূহীয়া পুখুৰীৰ পৰা সকলোৱে মাছ খাব পাৰিব। পাল পাতি সকলোৱে ধানৰ তুঁহ, চাউলৰ মল আদি পুখুৰীত দিব।

 সুদীপহঁতৰ নগৰলই যোৱাৰ সু-ফল দেখা গ'ল। এদিন জীপগাড়ী এখনৰ পৰা নাহৰকলি গাঁৱত কেইবাজনো বিষয়া নামিল। সুদীপ, দীগেনহঁতৰ স'তে সেৱক দলৰ ডেকাহঁতে তেওঁলোকক আগবঢ়াই আনিলে। সোণতৰাই সেৱিকা দলৰ কেইজনীমানক গোটাই আনি অতিথি সকলৰ সেৱা-সত্‌কাৰ কৰিলে। বিষয়াসকলে গাঁওখনৰ চাফ্‌-চিকুণতা দেখি অবাক হ'ল। তেওঁলোকে খেতি পথাৰ, বৰ পুখুৰী, নইৰ পাৰৰ মথাউৰী, আলি-পদূলি চাই চাই পৰম সন্‌তোষ লভিলে। পদুম পুখুৰীৰ পাৰত ৰ'ই গাঁওখনৰ ৰূপ চাই মুগ্‌ধ হ'ল। সেৱিকসকলৰ গুণ- বখনিলে। গাঁৱৰ বুঢ়া, আদহীয়া আনকি সৰু ল'ৰা-ছোৱালী বিলাকৰ সুন্‌দৰ সৰল আচৰণত অভিভূত হই গ'ল।

 বিষয়া সকলে গাঁওখন চাই যোৱাৰ দুদিন পিচতে এখন লৰীত গাওখনৰ বাবে শইচৰ বীজ, সাৰ, পোক- পৰুৱাৰ দৰব আহি পালেহি। অলপ দিনৰ পিচত টেৰে- ক্‌টৰ এখনো আহি পালেহি। গাঁওখনত উলহ মালহ লাগি পৰিল।

 সেৱক দলে একেলগে বহি বীজ-সাৰ আদি বিতৰণৰ বাবে আলচ কৰি থাকোতে হঠাতে তিলউৱে হেপাই[ ৪৪ ] ফোপাই আহি ক'লেহি—‘কথা এটা হ'ল নহয় বোপাইহঁত। বোলে আইৰ ঘৰলই যাম দুয়ো হাতেৰে খাম, বিধাতাই বোলে মইও পাছে পাছে যাম। ইমানখন চাফ্‌ চিকুণতাৰে সাৱধান হোৱাতোচোন ভকতপাৰাত মহামাৰী হাইজা নে কিবা সোমাল। তেজহাগনি হই আৰু বতিয়াই ৰাতিৰ ভিতৰতে দুটা ফুঁকলীয়া ল'ৰা মাৰিলেই হেৰ'। মই আক’ সেইফালৰে আহোঁতে হুৱা-দুৱাখন শুনি কথাটোৰ তত্‌ লই আহিলোঁ। অতুল-ৰজনীহঁতে উধাতু খাই ফুৰিছে। তহঁতক খবৰ এটা দিবলই মোকে পাই কই পঠালে।’

 সেইদিনা আৰু মেল সিমানতে ভাগিল। ডেকাসকল উঠি ততাতয়াকই ভকতপাৰাৰ ফাললই খোজ ল'লে। বাটত সুদীপে কই গলঃ সময়খিনি বৰ বেয়া। পানী, মাছ-গাখীৰৰ পৰা এনেবোৰ ৰোগ বিয়পে। তেওঁলোক গই পায়েই ৰোগ নিবাৰণৰ উপায়বোৰ বুজাই দিব লাগিব যাতে বেছিকই বিয়পিবলই নাপায়। কাষৰ গাঁও কেইখনৰ লগত বস্‌তু-বাহানি অনা-নিয়া কৰা বন্‌ধ কৰি দিব লাগিব। ইফালে জয় বাপুৱে জনাজনি কৰি ফুৰিছে বোলে গাঁওখনত অপদেৱতা সোমাইছে। সোমাইছে যেতিয়া সক লোকে ধাঁহি-মুহি নিব। ৰাজহুৱাকই পূজা এভাগহে আগবঢ়াব লাগে। আন একোৱে বোলে এই ৰোগ ৰোধ কৰিব নোৱাৰে।

 নাহৰকলিলই ঘূৰি আহি জয়বাপুৰ কথাবোৰ শুনি সুদীপৰ হাঁহি উঠিল। জয়বাপুৰ দৰে পুৰণিকলীয়া মিছা ধৰম ভাবত ভয়াতুৰ মানুহে পূজা-সেৱা কৰিয়েই এনে বিয়পা ৰোগ ভাল কৰিব খোজে। ডেকা কেইজনক ভকত- পাৰাতেই অকল নহয় নাহৰকলি আদি কাষৰীয়া গোটেই গাঁওকেইখনতে মাছ-গাখীৰ বন্‌ধ কৰিছে নে নাই চকু দিবলই কই সুদীপ বেগাবেগিকই নগৰলই গ'ল। ডাক্‌তৰ এজন নহ'লেই নহ'ব। যেনে তেনে অনিব লাগিব। [ ৪৫ ] সুদীপৰ লগত পিছদিনা ডাক্‌তৰ এজন আহিল৷ সুদীপৰে সমনীয়া। নামটো বিনয়। বাটে বাটে সুদীপে ডাক্‌- তৰক ৰোগৰ সকলো বিৱৰণ দিয়েই আহিছে। আহি পায়েই তেওঁ সেৱকদলৰ সহায়ত ৰোগীবোৰক এজন এজন কই চিকিত্‌সা কৰিবলই ল'লে। দৰব-পাতি দিলে। নিৰোগী- বোৰকো পৰতিষেধক ছিতা, বেজী দিয়ালে। তেওঁ মোনাতে লাগতিয়াল সকলো দৰব আৰু যন্‌তৰ পাতি ভৰাই আনি- ছিলেই। ডাক্‌তৰৰ অশেষ যতন আৰু দুখ কৰি কৰা কামৰ ফলত লাহে লাহে ৰোগ নিৰাময় হবলই ধৰিলে। ডেকা ডাক্‌তৰ বিনয়ে ইমান আপোন মনে নিজকে বিলাই দি কৰা ঘতন দেখি সদউ গাঁওবাসীৰ তেওঁলই বৰ মৰম আৰু চৰধা হ'ল। ডাক্‌তৰৰো সেৱক দলৰ সেৱা আৰু কাম দেখি অবাক হোৱাৰ লগতে বৰ ভালও লাগিল। এইবোৰহে আদৰ্‌শ গাঁৱৰ আদৰ্‌শ মানুহ। ডাক্‌তৰৰ যহতে গাঁওখনে আপদীয়া বেমাৰটোৰ পৰা সাৰিল। জয়- বাপুৰ অপদেবতা কেনিবা পলাল। পূজাভাগৰ আয়োজন নকৰাত আৰু তেওঁৰ কথাও কাণ নিদিয়াত জয়বাপুৱে হ'লে মনে মনে বৰ বেজাৰ পালে।

 এই সময়তে সেৱক দলে আলচ কৰিলে, গাঁওখনত থকাকই ডাক্‌তৰ এজন নহ'লে নহয়। কেতিয়া কি ৰোগে দেখা দিয়ে তাৰতো ঠিক নাই। বাৰে বাৰে ৰাতি বিয়লি ইমান দূৰৰ চহৰৰ পৰা ডাক্ তৰ অনিবলই যোৱা ধেমালিৰ কথানে? বিনয় ডাক্‌তৰৰ দৰে মৰমিয়াল ডাক্‌তৰ এজন লাগে। সকলোৱে একমুখে জনালে। সুদীপে মোনাত সা-সৰন্‌জাম ভৰাই যাবলই ওলোৱা বিনয়ক এবাৰ কথাটো অনুৰোধ কৰি চালে। বিনয় ডাক্‌তৰ একেবাৰতে মান্‌তি হই গ'ল। তেওঁৰো বোলে গাঁওখন আৰু সুদীপহঁতক বৰ ভাল লাগিছে। নতুন কই ডাক্‌তৰ হই ওলাইছে। এনে[ ৪৬ ] কুৱা গাঁও গঢ়াৰ সপোন বেলে তেওঁৰো আছিল। সাতে পাঁচে সুদীপে ঠিক কৰিলে গাঁৱত এখন চিকিত্‌সালয়ৰ দিহা কৰিব, তাত বিনয় ডাক্‌তৰ থাকিব৷ কথাটোত সকলোৰে ৰঙ পালে।

 গাঁওখনৰ পৰিবেশে ডাক্‌ তৰক বৰ মুগ্‌ধ কৰিছে। অপলক চাৱনিৰে তেওঁ চাৰিও ফালে চাইছে। সোণতৰা- হঁতৰ সেৱিকা দলটোৱে কৰা মহিলা আৰু শিশু কইলাণৰ কামবোৰ দেখি তেওঁ তবধ মানিছে। সুদীপৰ আদৰশই বিনয়কো ভবাই তুলিছে আমাৰ বিশাল ভাৰত- বৰষখনৰ গাঁওবোৰৰ বাবে সকলো ধৰণৰ লোকৰে কৰিব লগা কাম আছে। গাঁৱৰ লোক সকলৰ শৰীৰ নিৰোগী হ'লেহে দেশখন আগবাঢ়িব পাৰিব। গাঁও বোৰতহে খেতি কৰিব পৰাকই মাটি থাকে, য'ত বিবিধ শইচ হয়, সোণালী ধান হয়, সেউজীয়া শাক-পাচলি হয়। কিন্‌তু এটা কথাই ডাক্‌তৰক চিন্‌তিত কৰি তুলিছে। তেওঁ মন কৰিছে। ঘৰে ঘৰে ল'ৰা-ছোৱালীৰ পৰিমাণ সৰহ। সেয়ে সকলোকে সমান ভাবে যতন ল’ব নোৱাৰে। পঢ়া-শিকাব নোৱাৰে। আজিৰ শিশু কাইলই দেশৰ নাগৰিক হ'ব৷ সেয়ে যদি ভালদৰে যতন ল'ব নোৱাৰে সেইবোৰ শিশু নিৰোগী হ’ব কেনেকই? পঢ়া-শুনা কৰি গিয়ানী হ’ব কেনেকই? যদি হ’ব নোৱাৰে, দেশৰ অনাগত দিনবোৰ কি হ'ব গই? বিনয় ডাক্‌তৰে ভাবি গ'ল। পৰিয়াল সৰু কৰিব নোৱাৰিলে সকলো মিছা।

 সেৱক দলৰ সহায়ত বায়নৰ আগ চোতালত আক’উ ৰাইজ গোট খালে। সেৱিকা দলৰ সহায়ত জীয়ৰী সকলকো অনা হইছে। বিনয় ডাক্‌‌তৰ সুদীপৰ কাষতে থিয় দি আছে। সকলোৱে বিনয় ডাক্‌তৰলই চেনেহ আৰু শলাগৰ চকুৰে চাই আছে। তেৱেঁইহে আপদীয়া মহামাৰীৰ গৰাহৰ পৰা ৰাইজখনক বচালে। [ ৪৭ ]  সুদীপে ক'লে—‘ৰাইজ, আমাৰ মাজত আজি বিনয় ডাক্‌তৰক পাই আমি নিজকে ধইন্‌ মানিছোঁ। আমাৰ অপায়ৰ বেলিকা তেখেতেই ভগৱানৰ দূত যেন হই আমাক ভীষণ বিপদৰ পৰা উধাৰিলে। এতিয়া তেখেতৰ চিৰি মুখৰ দুষাৰি মান কথা আপোনালোকে শুনক।’ সুদীপে কথাখিনি কই বিনয়ৰ কঁকালত এহাতেৰে সাৱটি ধৰি অকণমান আগবঢ়াই দি নিজে ৰাইজৰ লগত বহি ল'লে।

 ডাক্‌তৰে ক’লে—‘ৰাইজ, নাহৰকলিলই আহি মোৰ এনেকুৱা লাগিছে যেন মোৰ ইমান দিনৰ সপোনৰ আদৰশ গাঁওখন এইখনেই। এতিয়া মোৰ চহৰলই ঘূৰি গই কাম কৰাৰ মন অকণো নাই। সুদীপহঁতৰ দৰে ডেকাহঁতে মোৰ মন-চকু মুকলি কৰি দিছে। ৰাইজৰ মৰমৰ বান্- ধোনে মোক ইয়াতে থাকি ৰাইজৰ সেৱা কৰিবলই উদ্‌- গণি দিছে। আপোনালোকে বিচাৰিলে মই আপোনালোকৰ মাজতে থাকি...' বিনয় ডাক্‌তৰে কথাষাৰ শেষ কৰি- বলইয়ে নাপালে। জাউৰি জাউৰি হাত চাপৰি আৰু চিঞৰ শুনা গ'ল—‘আপোনাক আমাৰ মাজত লাগে। আপুনি থাকি- বই লাগিব।' হাই-উৰুমি শাঁত পৰিলত গাঁওবুঢ়াৰ মাত গুনা গ’ল—‘বৰ সজ হব বিনয় বোপাই। আমি ৰাইজখনে আশীষ জনাইছো, তোমাৰ কুশল হওঁক।’

 ডাক্‌তৰে মূৰ দোঁৱাই আশীষ ল'লে। তাৰ পিচত হাঁহি হাঁহি কলে—‘ৰাইজ বেয়া নাপায় যদি মই এটা বিশেষ কথা কব খুজিছোঁ। মইও আপোনালোকৰ মাজৰে এজন। আপোনা- লোকে জানে মাটি নাবাঢ়ে। যিখিনি মাটি আছে তাতে শইচৰ খেতি কৰিব লাগিব। গোটেই গাঁওখনৰ গোটেই কেইটা পৰি- য়ালে তাৰেই পেট পৰবতাব লাগিব। যদি আমাৰ ঘৰে ঘৰে পৰিয়ালৰ পৰিমাণ বাঢ়ি যায় তেনেহ'লে খাবলই-পিন্ ধিবলই জুৰিব কৰ পৰানো? গতিকে আমি জনমৰ হাৰ কমাব লাগিব।’ [ ৪৮ ]  চেলিমে টপৰাই মাত লগালে—‘কিন্‌তু বোপাই, আল্‌লাৰ ওপৰত কাৰ হাত আছে? খোদাৰ ৰহমততেই আমি ল'ৰা-ছোৱালী পাওঁ। তাক বাধা দিলে গুনাহ নহ'ব নে?’

 বাকীবোৰ নিমাতে ৰ'ল যদিও মেথো ককা আৰু ভদোৱে চেলিমৰ কথাটোত হয়ভৰ দি ক'লে—‘জনম মৰণ ভগৱানৰ ইচ্‌ছা‌ত হে! আমি সামাইন মনুইষ হই তাত কি হকা বধা কৰিব পাৰোঁ?’

 এইবাৰ সুদীপেই উঠি ক'লে—'ৰাইজ, আল্‌লা বা ভগৱানৰ দোহাই দি আমি সোপা সোপে ল'ৰা-ছোৱালী জনম দিব পাৰো। সিহঁতক খুৱাব তো লাগিব! লেখা- পঢ়া শিকাই মানুহ কৰিবতো লাগিব। যাৰ দুসাজ খাবলইয়ে টনাটনি তেওঁলোকে নো ইমানবোৰ ল'ৰা-ছোৱালীৰ যতন কেনেকই লব? জনম ৰোধ কৰিলে পাপ নালাগে। গুনাহ নহয়। জনম দিয়াৰ পাছত ভোকাতুৰ শিশুক খুৱাব- পিন্‌ধাব নোৱাৰিলে, লেখা-পঢ়া শিকাই মানুহ কৰিব নোৱাৰিলেহে পাপ লাগিব। দেশখনৰ কথাও ভাবি চাবৰ হ’ল। সেয়ে চৰকাৰে কৰা পৰিয়াল পৰিকল্‌পনাত আমি আমাৰ নিজৰ ভালৰ বাবেই সঁহাৰি জনাব লাগিব। শিয়ালৰ জাক্ জাক্ সিঙহৰ এটা। এয়ে ভাল নহয়’ জানো ৰাইজ? গতিকে ডাক্‌তৰে সজ কথাকেই কইছে— মন্‌দি শুনক।’ সুদীপ বহিল।

 ৰাইজৰ মাজৰ গুণ্‌গুণনি খিনিও এইবাৰ নাইকিয়া হ'ল। সকলোৱে নিৰৱে চকু তুলি ডাক্‌তৰলই চাই ৰ'ল।

 ডাক্‌তৰে পুনৰ ক'লে—‘সুদীপে ঠিকেই কইছে ৰাইজ, আমাৰ দেশখনত দিনে দিনে মানুহ বাঢ়ি যাব লাগিছে। এতিয়া সত্‌তৰ কোটিৰ ওচৰা-ওচৰি মানুহ। মানুহ বাঢ়ি থাকিলেও মাটি নাবাঢ়ে। মাটি নাবাঢ়ে বাবে শইচও নাবাঢ়ে। [ ৪৯ ]

গতিকে এমুঠি খোৱাৰ বাবেই হাহাকাৰ কৰিব লাগিব। সেয়ে ৰাইজ জোৰ পুৰি হাত পালেহি। সময় থাকোঁতেই পৰিয়াল সীমিত কৰিব লাগে। আজিকালি বহুত নিয়ম ওলাইছে। মইতো আছোঁৱেই ৰাইজৰ মাজত। ঠিক জানিব সৰু পৰিয়াল, সুখী পৰিয়াল। এটা বা দুটা থকাই ভাল। তেতিয়াহে ভালদৰে যতন কৰি সকলোকে লায়কৰ কৰি মানুহ কৰিব পাৰিব।’

 বিনয় ডাক্‌তৰৰ উপদেশখিনি ৰাইজৰ মনত লাগিল। বিবাহিত মুনিহ-তিৰুতা বেছি ভাগেই জনম-ৰোধৰ আঁচনিত যোগদান কৰিলে। ইমান দিনে ভগৱানৰ হাতত থকা বুলি ভবা কথাবোৰ আচলতে যে মানুহৰ নিজৰ হাততেই আছে— ডাক্‌তৰে ক'লতহে সকলোৰে গিয়ান হল।

ডাক্‌তৰৰ সহায়ত পৰিয়াল-পৰিক্ লপনাৰ কামটো সহজে হই উঠাত সুদীপৰ ভাল লাগিল। এটা জটিল কাম তেওঁৰ সহজতে সমাধা হ’ল—সুদীপে ভাবিলে।

এটা কামে আন এটা কামৰ বাট মুকলি কৰে। গাঁও- খনৰ বাবে শইচৰ বীজ, সাৰ, টেৰেক্‌টৰ আহি পালে সঁচা [ ৫০ ] কিন্‌তু বিতৰণৰ দিহা এটা কৰিবৰ কাৰণে সুদীপে কেইবা- দিনো ভাবিছে। এটা নতুন কথা সুদীপৰ মনত খেলিছে— সমবায় পদ্‌ধতিত খেতি কৰা। ইয়াৰ কাৰণে সমূহীয়া মাটি লাগে। সৰহ মাটি হলে টেৰেক্‌টৰেৰে চহাবলই সুচল হয়। গাঁওখনত কিছুমানৰ মাটিয়েই নাই। কিছুমানৰ আক’ লগাতক'ই বেছিহে আছে। গাঁওবুঢ়া, ভদো, হিৰণ দোকানী আৰু জয়বাপুৰ মাটি আটাইতকই সৰহ। বন্‌ধকীত দি দি গাঁৱৰ সৰহভাগ লোকেই মাটি হেৰুৱালে। দুই-চাৰি বিঘাকই বহুতৰে আছে যদিও সৰহ ভাগে গাঁওবুঢ়াৰ মাটি- তহে আধি কৰে। সেইবোৰ মানুহে কোনোমতে কড়া মাৰি কড়া খাইহে জীয়াই থাকে। সুদীপে জানে সমবায় খেতিৰ কৰিণে কিবা এটা কৰিব খুজিলে কমলহঁতৰ দলটোৱে বাধা দিব। হিৰণ দোকানী, জয়বাপুহঁতেও বা কি কয়! পিচে, চাপৰিলে মেঘ নেৰায়। সেৱক দলে সদউ গঁয়া ৰাইজৰ হকে ইয়াৰ চয়-নিচয় এটা কৰিব লাগিব।

 সেৱক দলৰ আলোচনাত থিৰ কৰা হ'ল যে—বন্‌ধকীত যোৱা মাটিবোৰ গাঁওবুঢ়া, হিৰণ দোকানীহঁতে এৰি দিয়ক। তাতে ৰাইজে সমূহীয়া ভাবে খেতি কৰিব। সেয়া সমূহৰ হ'ব। গোটেই গাঁওখনই এটা পৰিয়ালৰ নিচিনাকই সমিল- মিলেৰে চলিছে। গতিকে লঘোণে থাকিব লগা হোৱা মাটিহীন সকলেও সমূহীয়া খেতিৰ সমানে ভাগ পাব। কিন্তু হিতে বিপৰীতহে হ’ল গই। গাঁওবুঢ়া, হিৰণ দোকানী, ভদো, জয়- বাপুৱে দেখা দেখিকই বিৰোধ কৰিলে। আনুৰোধ কৰিবলই যোৱা সেৱক দলক গালি-শপনি পাৰি খেদি দিলে। কমলে এটা চেলু পালে। এই ছেগতে সি সুদীপহঁতৰ ব'ইৰীতা আচৰণ কৰাত লাগিল। সোণতৰাক ওলোৱা সোমোৱাত বাধা দিয়া কমলক এইবাৰ দেউতাক গাঁওবুঢ়াইও একো নক'লে। ফলত সোণতৰা ঘৰতে বন্দী হই থাকিব লগা হ'ল। [ ৫১ ]

গাওঁবুঢ়াৰ পৰা জোৰেৰে বাধা পালে যদিও সুদীপে সেও নামানিলে। ফুল আনিব খুজিলে কাঁইটে ফুটিবই। সুদীপে মেলত তপত ভাষাৰেই সজোৰে ক'লে—‘গাঁওখনৰ ভাল কৰিবলই হ'লে আপোনপেটা ভাৱ এৰি সমূহৰ মঙ্‌গলৰ বাবে চাবই লাগিব। গাঁৱৰ পথাৰত ধান-মাহ হ'ব, ঘেঁহু হ'ব, ৰবি খেতিৰ শইচ হ'ব। সেইবোৰ তো গাঁৱৰ মানুহেই পাব। সমবায় হ'লে কোনেও লঘোণে থাকিব লগা নহ'ব। সকলোৱে সমানে ভাগ পাব।

 সুদীপৰ কথাত ৰাইজে উজান দিলে। দহৰ নাও বামেৰেও যায়। সেৱক দলে গাঁৱৰ পতিত মাটি দখল কৰি কিছু বন্‌ধকীৰ মাটিতো জোৰকইয়ে টেৰেক্‌টৰ চলাই দিলে। টেৰেক্‌টৰৰ ঘৰ্‌ ঘৰ্‌ শৱদ গাঁওখনত ৰজন জনাই গ'ল। কিৰিষি বিষয়াই পঠিওৱা শইচৰ বীজ, সাৰ পথাৰত সিঁচি

দিয়া হ’ল। বৰষুণৰ পানীয়ে শইচবোৰক জগাই তুলিলে। চাওঁতে চাওঁতে লহ্‌পহক’ই পথাৰত শইচ বাঢ়ি আহিল। সমূহীয়া ভাবে কৰা কাৰণে দুখক দুখ যেনেই নালাগিল। ভবাতক'ইও সৰহ শইচে পথাৰ ওপচাই পেলালে। ৰাইজৰ মাজত ন-উছাহৰ ঢল বাগৰিল।

 গাঁওবুঢ়া, ভদো, হিৰণ দোকানী আৰু জয়বাপুৱে অনেক বুধি-কউশল কৰিও বন্‌ধকীৰ মাটি নিজৰ দখলত ৰাখিব [ ৫২ ] নোৱাৰিলে। ৰাইজৰ মাটি ৰাইজেই পালে। গাঁওবুঢ়াহঁতৰ খঙ্‌ আটাইতই বেছি হ'ল সুদীপৰ ওপৰত। সিহে আহি গাঁওখনক মতলীয়া কৰি তুলিলে। সাপে কঁকালৰ কোব নাপাহৰাৰ দৰে তেওঁলোকেও লোকচানৰ কথা জীন্‌ নিয়া- বলই টান পালে।

 এদিন গাঁৱৰ এঘৰৰ অসুখত পৰ দি নিশা ঘৰলই ঘূৰি অহা সুদীপক এডোখৰ আন্‌ধাৰ ঠাইত হঠাতে তিনিজনমান মানুহে বেঢ়ি ধৰিলে। সুদীপে তৰ্‌কিব নোৱাৰাতে দুজনে মুখত সোপা দি গবা মাৰি ধৰাৰ লগে লগে আনজনে মূৰত এডাল মোটা টাঙোনেৰে টঙনিয়াই দিলে। মাজ মূৰতে মাৰটো পৰাত সুদীপ বাগৰি পৰিল। মানুহ কেইটাই যধে মধে কোবাই সুদীপক অচেতন কৰি বাটতে পেলাই গ'ল।

 লাহে লাহে চকু মেলি চাই সুদীপ আচৰিত হ'ল। সেৱক দলৰ ডেকাহঁতে কেউকাষে বেৰি ধৰি বহি আছে। ওচৰত বিনয় ডাক্‌তৰে মুখলই একেথৰে চাই আছে। সুদীপে চকু মেলাত আটাইৰে জীউ আহিল। এটা পূৰা দিন অচেতন হই, থকাৰ পাছতহে চকু মেলিছে। মালতীয়ে পানী এচামুচ মুখত দিলে। সুদীপে অনুভৱ কৰিলে মূৰটোত পটি বান্‌ধী থোৱা আছে। গা আৰু মূৰটোত বৰকই বিষ অনুভৱ কৰিলে। হাত-ভৰিবোৰও অৱস লাগিল। কিবা এটা কব খুজি সুদীপে ওঁঠ দুখন লৰালে। বিনয়ে কৰুণ ভাৱে চাই নিজৰ ওঁঠৰ ওপৰত আঙুলি এটা দি মনে মনে থাকিবলই সকিয়ালে। দিগেনে কাষ চাপি মুখখনত মৰমেৰে হাত ফুৰাই দিলে।

 সকলোৱে বুজিলে এয়া কমলহঁতৰেই কাম। সিহঁত দুদিনো ঘৰত নাই। সেৱক দলৰ সকলোৱে মনে মনে খঙত গুমৰি থাকিল। কিন্‌তু সুদীপৰ পৰা অনুমতি নোপোৱা কাৰণে সকলো সহি নিমাতে ৰ'ল। [ ৫৩ ]

সুদীপক নিৰলে থাকিবল’ই দি লাহে লাহে এজন দুজন- ক’ই মানুহবোৰ আঁতৰি গ'ল। কপাহী আইতা আৰু সুদীপৰ মাক কাষতে বহি থাকিল। আইতাই বিচনিখন ল'ই বিচি বিচি সুদীপক পৰাণ ভৰি আশীৰ্‌বাদ দি মুখেৰে ভোৰভোৰাই থাকিল—দহৰ কাৰণে কাম কৰা সুদীপৰ এই দশাহে কৰিলে পাষণ্‌ডহঁতে। মাকৰ চকুৰ পতা কেইটা তেতিয়াও তিতি আছিল। সুদীপৰ চিল্‌মিল্‌কই টোপনি অহা দেখি দুয়ো লাহেকই ভিতৰলই উঠি গ'ল।

 ধুমুহাৰ দৰে কোনোবা সোমাই অহাত সুদীপৰ অৱশ চকুৰ পতা আক’উ মেল খাই গ'ল। আউলী-বাউলী হই সোণতৰা সোমাই আহিছে। পিন্‌ধ নত সাধাৰণ কাপোৰ। চকু দুটা ফুলি আছে। হয়তো কালিৰে পৰা কান্‌দি আছিল।

 সোণতৰা আহি সুদীপৰ কাষতে লাহেকই বহিল। মূৰৰ পাটি বন্‌ধা জখমখিনিলই চালে। তেতিয়াও তেজ বিৰিঙি আছে। লাহে লাহে সুদীপৰ গালে মুখে হাতখন আল্‌ফুলকই ফুৰাই দিলে সোণতৰাই।

 সুদীপে ওঁঠ দুখন লৰাই সেহাই সেহাই কোনোমতে সুধিলে,-‘তৰা! তই কিয় আহিলি? কেনেকই আহিলি?”

 ‘ককাইদেউ!’ বুলি সোণতৰাই মুখখন সুদীপৰ বুকুত

গুজি দি হুক্‌হুকাই কান্‌দি উঠিল। [ ৫৪ ]

॥পাঁচ॥

 পথাৰত লখিমীয়ে হাঁহিছে। নাহৰকলি গাঁৱৰ ৰাইজে জীৱনত ইমান পথাৰ ভৰা শইচ দেখা নাছিল। বছৰে বছৰে বলীয়া বানটোৱে আহি জুৰুলা কৰা গাঁওবাসীয়ে এইবাৰ শান্‌তিৰে উশাহ ল'লে। পথাৰত লহ্‌-পহ্‌ কই বাঢ়ি অহা এই ধান এতিয়া এজন দুজনৰ নহয়। সকলোৰে নিজৰ। এয়া সমবায়ৰ খেতি। সকলোৱে সমান ভাগ পাব। মূৰৰ ঘাম মাঠিত পেলাই কৰা খেতিৰ ধান এতিয়া আৰু মাটিৰ গৰাকীৰ ভড়ালত থবগই নালাগে। ডাঙৰীৰ পৰিমাণো সৰহ। দহ নখে খামুচিও পেট ভৰাব নোৱাৰা বহুতৰে মনত সেয়ে অপাৰ উলাহ।

 খেতি উঠাৰ পাচত এতিয়া আৰু পথাৰ ছন্‌ পৰি নাথাকে। ৰাইজে তাত ৰবি খেতি কৰিব। সুদীপে গাঁৱৰে চাৰিজন খেতিয়কক সেই খেতিৰ নতুন পদ্‌ধতিৰ বিষয়ে জানিবলই চহৰৰ কিৰিষি পঢ়াশালিলই পঠিয়াইছে।

 সুদীপে অলপ গাটো টঙাই উঠাৰ পাছৰে পৰা পুনৰ কামত লাগিছে। ঘটনাটো ঘটোৱাত কোন কোন আছিল সবিশেষ জানে যদিও সুদীপে মনত কাৰো বাবে লেখমানো কপটতা ৰখা নাই। উদাৰ ভাবে সেইবোৰ কথা পাহৰি গই গাঁওখনৰ উন্‌নতিতেই মাথো নিজক সঁপি দিছে।

 সেৱক-দলৰ যতনত নাহৰকলি গাঁৱত চিকিত্‌সালয় এখন হ’ল। বিনয় ডাক্‌তৰৰ কাৰণে ডেকাহঁতে এটা ধুনীয়া পঁজা সাজি উলিয়ালে। ডাক্ তৰে পঁজাটোৰ আৰু চিকিত্‌সালয়ৰ চউহদত ধুনীয়া ফুলনি এখন কৰিলে। গোটেই ঠাইখিনিয়েই মনোৰম হই উঠিল।

 পশু-চিকিত্‌সালয় পতাৰ কাৰণেও সেৱক দলে এটা ঘৰ সাজি উলিয়ালে। অলপ দিনৰ পাচত গৰু-ম'হৰ চিকিত্‌সা [ ৫৫ ] কৰা ডাক্‌তৰ এজনো দুজন সহায়ক লই আহি নাহৰকলি গাঁও পালেহি। এতিয়া আৰু গৰু-ম'হৰ বেমাৰত হাবাথুৰি খাব নালাগে।

 পশু-চিকিত্‌সক জনে কেইবাদিনো বায়নৰ আগ-চোতালৰ মেললই গই ৰাইজক বুজাইছে—কেনেকই হাঁহ-কুকুৰা পুহিব লাগে। কি দৰে গৰু-গাইৰ যতন ল'ব লাগে। ৰাইজে বৰ মনোযোগেৰে কথাবোৰ শুনিছে। পশু-ডাক্‌তৰৰ উপদেশ অনুসৰি ঘৰে ঘৰে হাঁহ-কুকুৰা পুহিছে। গৰু-গাইৰ ভালদৰে যতন লইছে। উন্‌নত গৰুৰ সঁচেৰে গাই-গৰুবোৰৰ পৰ্‌জনন কৰাইছে। তেওঁৰ কথামতে বাকৰিত ঘাঁহৰো খেতি কৰা হইছে।

 এতিয়া নাহৰকলিৰ ৰাইজে গাখীৰ-কণীৰ সোৱাদৰ পৰা বন্‌চিত হব নালাগে। এতিয়া গাঁওখন ধানে-মাহে, গাখীৰ- মাছ-কণীৰে নদন-বদন। সুদীপে মন কৰিলে ল'ৰা-ছোৱালী- বোৰৰ চেহেৰা আৰু বৰণ দিনে দিনে সলনি হই আহিছে। বৰ পুখুৰীত মেলি দিয়া মাছৰ পোনাবোৰ ডাঙৰ হ'ই খদম্‌- দমাবল’ই আৰম্ভ কৰিছে। সৱল সুঠাম ল’ৰা-ছোৱালীবোৰে ৰঙতে জপিয়াই কিৰিলিয়াইছে।

 সুদীপৰ নিৰ্‌দেশত সেৱক-সেৱিকা দলে গাঁওখনত নানান ধৰণৰ কাম কৰি নাহৰকলিৰ চেহেৰাই সলনি কৰি দিলে। হিৰণ দোকানীৰ দোকানৰ আগত বহি তাচ খেলা ডেকা কেইজনৰ এইবোৰ দেখি এতিয়াহে চকু গজিল। কমলৰ কথা শুনি সেৱক দলত যোগ নিদিয়া বাবে এতিয়া সিহঁতৰ মনত বৰ খেদ হ'ল। এতিয়া যোগ দিবলই যাবলইও লাজ পালে। ডেকা-গাভৰুবোৰ অনবৰতে কামত মগন হই থকা দেখি সিহঁতৰ নিজকে বৰ অলায়ক যেন লগা হ’ল। বুকু ডাঠি থিয় দিব নোৱাৰি চুচুক্‌চামাক্‌ কৰি থকা হ'ল। অহুকাণে পহুকাণে এইবোৰ কথা সুদীপৰ কাণত পৰাত [ ৫৬ ] এদিন সুদীপে নিজেই গ’ই সেই ডেকাসকলক লগ ধৰিলে। সকলো কথা ভাঙি-পাতি সোধাৰ পিচত ডেকাকেইজনে নিজৰ দোষৰ বাবে ক্ষমা বিচাৰিলে। সুদীপে সিহঁতক নিজৰ ভাইৰ দৰে মৰমেৰে সাৱটি ধৰিলে আৰু সেৱক দলত ভৰাই ল'লে। সেই সুবিধাতে সুদীপে তেওঁলোকৰ কেইজনমানে নিচা কৰা কথাটোও উলিয়ালে। আওপথে যোৱা ডেকা কেইজনে লাজত তলমূৰ কৰিলে আৰু কেতিয়াও নিচা নকৰে বুলি শপত খালে। ৰাগীয়াল বস্‌তুৱে কেনেকই শৰীৰটো তিল তিল্‌কই খাই নিয়ে, সাহ-বুধি নোহোৱা কৰে সেইকথা সুদীপেতো ক'লেই, বিনয় ডাক্‌তৰেও এদিন মেলত বুজালে। মেলত বিনোদ মিচ্‌তিৰীয়েও নিচা কৰিবল'ই এৰিব বুলি ৰাইজৰ আগত আঁঠুল’ই শপত খালে। এইদৰে সুদীপে সন্‌ধিৰ বাঁহ বুধিৰে কাটিলে।

 গাঁৱৰ ৰাইজে সমবায় পদ্‌ ধতিত খেতি কৰা কাৰণে হিৰণ দোকানী চিন্‌তাত পৰিল। ইমান দিনে ৰাইজক কণা হাঁহক পতান দি ভুৰুকিওৱাৰ দৰে ভুৰুকাইছিল। এতিয়া গাঁৱৰ ডেকাদলেই নহয়—বুঢ়া-মেথা সকলো সজাগ হ'ল। বাকী খোৱা মানুহবোৰৰ নামত টকাৰ পৰিমাণতো বঢ়াই লিখি থোৱা তো পয়মান হ’ল। সৰহভাগ ৰাইজেই আখৰ চিনি পায়। পঢ়িব জানে। ইফালে বন্‌ধকীৰ মাটিখিনিও হাতৰ পৰা যোৱাত দোকানীৰ তালুৰ চুলি থিয় হই গ'ল। খঙতে তেওঁ গাঁৱৰ ৰাইজক বাকী নিদিয়া হ'ল। বস্‌তুৰ দামো চৰা কৰি দিলে। গাঁৱৰ মানুহ কিছুমানে অথাই সাগৰত পৰি সুদীপক বেঢ়ি ধৰিলে। সেৱক দলৰ মেল বহিল। মেলত থিৰাঙ্‌ কৰা হ'ল যে গাঁৱত সমবায়ৰ ভেটিত এখন সুলভ মূইলৰ দোকান পতা হ’ব। সমবায়ে যি খেতি কৰে সেই সকলোবোৰৰ বিতৰণও এই দোকানৰ যোগেৰে হ'ব। ৰাহি হোৱা ধানখিনিৰে নিতউ লাগিয়েই থকা আন [ ৫৭ ]

আন বস্‌তু আনিব। চৰকাৰে সমবায়ৰ দোকানবোৰকো। কম বেচতে বহু বস্‌তু দিয়ে। আনকি কাপোৰ-কানি, কিতাপ- বহীও দিয়ে। ৰাইজে কথাটো শুনি পাৰ পোৱাদি পালে। সেই মেলতে বায়নক সভাপতি হিচাবে লই ‘নাহৰকলি সমবায় সমিতি’ গঠন কৰাৰ ঠিক হ’ল।

 অলপ দিনৰ পিচতে চৰকাৰৰ লগত যোগাযোগ কৰি, লাগতিয়াল অনুমোদন লই বায়নৰ চ’ৰা ঘৰৰ কোঠা এটাতে সমবায় সমিতিৰ সুলভ মূইলৰ দোকান এখন হ'ল। ৰাইজে এতিয়া কম দামতে খোৱা বস্‌তুৰ উপৰিও কাপোৰ-কানি, কিতাপ-বহী আদি সকলোখিনি লাগতিয়াল বসতু পোৱা হ'ল। ৰাইজৰ একতা আৰু বুধি কউশলৰ আগত হিৰণ দোকানীৰ ফিটাহি ভেচভেচীয়া হই গ'ল।

 সমবায় সমিতিৰ কামফেৰা শেষ কৰাৰ পাচত সেৱক- দলে ডাকঘৰ এটা সজাৰ কামো কৰিব লগাত পৰিল। সুদীপে নিয়াৰিকই সকলো কামৰ আঁত ধৰি গ'ল। আগতে ঠিক কৰি থই অহা মতে এদিন ডাকঘৰৰ কাগজ আদি লই চহৰৰ পৰা দুজন মান মানুহ আহিল। তাৰে এজনে ডাকঘৰ চলাব। দুজন পিয়নৰ বাবে সুদীপে গাঁৱৰে দুজন ল'ৰাক ঠিক কৰি দিলে। সেই কেইজন ল'ৰাই এনেবোৰ কাম কৰি ভাল পায়। ডাকঘৰ চলাবলই লোৱা মানুহ- জনেই পিয়নৰ কাম দিয়া বকুল আৰু মধুক শিকাই মেলি ল'লে। পঢ়া-শুনা শিকিছিল কাৰণে ঠিকনা পঢ়াত সিহঁতৰ অসুবিধা নহ'ল। চাইকেল চলাব জনা বকুলে চটাই গাঁৱৰ পৰা ডাক আনে আৰু মধুৱে গাঁৱত ডাক বিলি কৰে। তেওঁ- লোকৰ দৰমহাৰ টকা চৰকাৰেই দিয়ে। এদিন ডাকত এটা শুভ বাতৰি আহিল সুদীপল’ই। চৰকাৰে নাহৰকলিৰ পাঠ- শালাটো ল'লে। দুজন পণ্ডিতো নিয়োগ কৰিছে। মণি পণ্‌ডিততো থাকিবই। [ ৫৮ ] পথাৰৰ লখিমী চপাবৰ নউ হয় এথোন। ডেৰ মাহমান সময় আৰু লাগিব। সেৱক দলৰ পুথি-ভড়ালত পুথি পঢ়াৰ বাহিৰে বিশেষ কাম হাতত একো নাই। সুদীপে ভাবিলে এই সময়খিনিৰ ভিতৰত কিবা কাম কৰিব পৰা যায় নেকি। দূৰৰ শাৰী শাৰী শিমলু আৰু শাল গছবোৰলই চাই থাকোতে সুদীপৰ এটা বিতোপন কামৰ কথা মনলই আহিল। গধূলি সেৱক দলৰ মেলতে সুদীপে কথাটো উলিয়ালে। গাঁৱৰ ৰাইজক চাহ-ভাত কৰিবলইকেনো কমখিনি খৰি লাগেনে? নিজৰ নিজৰ বাৰীৰ ডাঙৰ ডাঙৰ গছবোৰৰ উপৰিও গাঁৱৰ আশে-পাশে থকা গছবোৰো কাটি কাটি শেষেই হই আহিছে। আন ঠাইৰ পৰা খৰি কিনাৰ শকতিনো আছে কিমানজনৰ? সুদীপে ৰাইজক কথাবোৰ ফাঁহিয়াই বুজালে যে গছ-বন- বোৰ লাহে লাহে শেষ হই অহা কাৰণেহে মাটিৰ সাৰ কমি গ’ইছে, বৰষুণ অনিয়মীয়া হই পৰিছে। তদুপৰি সুদীপে এটা নতুন কথা ক'লে। বায়ুত নানান ধৰণৰ ধূলি-বালি, ধোঁৱা, বিষাক্‌ত গেচ আদি থাকে। সেইবোৰে মানুহৰ শৰীৰৰ ভিত- ৰত সোমাই বেমাৰ বঢ়ায়। কেৱল গছ-গছনিয়েহে সেই গেচ, মলিবোৰ নিজে শুহি লই বতাহ নিৰ্‌মল কৰিব পাৰে। নিৰ্‌মল বতাহে শৰীৰত শকতি যোগায়। সুদীপে আৰু এটা কথা ক'লে যে নইৰ পাৰৰ এঢলীয়া ঠাইত গছ ৰুলে মাটি খহি নাযায়। তেতিয়া দুয়োটা উপকাৰেই হয়। নাহৰকলিৰ ৰাইজে শাল, চেগুন, বনচোম আদি গছ যদি ৰোৱে তেনেহ'লে সময়ত সেইবোৰ ঘৰৰ তক্‌টা, আচবাব আদিতো লগাব পৰা হ'ব আৰু বেচিলে সমবায় সমিতিয়ে ভালেমান টকাও পাব। তেতিয়াওতো ৰাইজৰে উপকাৰ। জুইশলাৰ কাৰণে ৰোৱা গছবোৰেও গাঁওখনলই সম্‌পদ অহাৰ বাট মুকলি কৰিব। ইয়াৰ উপৰিও নিজৰ খৰিৰ কাৰণে গাঁৱৰ মানুহখিনিয়ে এই গছবোৰ পাব। সুদীপৰ এনে সুন্‌দৰ গঠনমূলক চিন্‌তাই [ ৫৯ ] গাঁৱৰ ৰাইজক বৰ উছাহ যোগালে। পিছদিনাৰ পৰাই সকলোৱে দল বান্‌ধি, পাল পাতি বাকৰি মাটি আৰু নইৰ দাঁতিত বিধে বিধে গছ-পুলি ৰুবলই উচল-পাচল কই লাগি গ’ল। যতন আৰু মৰমৰ ছাঁত গছ-পুলিবোৰ ঠন্ ধৰি উঠি দিনে দিনে বাঢ়ি আহি কেউপিনে সেউজৰ পোহাৰ মেলি দিলে এনেকইয়ে সকলোৱে বনানিকৰণৰ অভিযানত ৰঙ্‌মনে সহযোগ কৰিলে।

 ৰাইজৰ কামতে সেৱক-সেৱিকা দলৰ আহৰি নাই। এটাৰ পিচত এটা কাম কৰিয়েই আছে। নিতউ তেওঁলোকৰ নতুন উত্‌সাহ। বনানিকৰণৰ পিচত দুটা নতুন কাম হাতত ল’লে। গাঁওখনলই বিজুলীবাঁতিৰ খুটা অনা আৰু পথাৰলই নলেৰে পানী অনা। দুয়োটাৰে গাঁওখনৰ উন্‌নতিত বিশেষ ভূমিকা আছে। নাহৰকলিত আৰু বহুতো নতুন মুখৰ মানুহ দেখা গ'ল। এই দুটা কামতে চহৰৰ পৰা অহা মানুহ। সুদীপে এই কামবোৰৰ পৰাখিনি গাঁৱৰ ল'ৰাবোৰকে দিবৰ কাৰণে অনুৰোধ কৰিলে। কাম শিকাও হ'ব আৰু জীৱিকাও ওলাব। তেওলোক মান্‌তি হ'ল।

 গোটেই নাহৰকলি গাঁওখনেই যেন উলহৰ মাদলি। সেৱক-দলৰ লগত লগ লাগি ৰাইজে বিজুলীবাঁতিৰ কাৰণে গাঁৱৰ আলিবাটৰ দাঁতিয়ে দাঁতিয়ে খুটাবোৰ পুতিলে। বিজুলী বিভাগৰ লোকেই তাঁৰ টানিলে। ল'ৰাবোৰে তেওঁলোকৰ কাম চাই-সুধি বহুত কথা শিকি ল'লে। আন কিছুমান লোক লগ হই নইৰ পাৰৰ পৰা নলী খান্‌দি পথাৰলই পানী আনিবৰ কাৰণে ডাঙৰ ডাঙৰ নলীবোৰ বহুওৱাৰ কামত লাগিল। ৰাইজৰ হাতত পা-পইচাও পৰিল। বৰুণ দেৱতাক চিন্‌তি কপাল ধিয়াই আৰু বহি থাকিব নালাগিব কাৰণে সুদীপৰ কামৰ বুধি শলাগি বয়সীয়াল সকলে চুলি ছিঙি আশীৰ্‌বাদ দিলে। সমনীয়াবোৰে চেনেহ ভৰা হিয়াৰে সুদীপক [ ৬০ ] আকোঁৱালি ধৰিলে। হিৰণ দোকানীৰ দোকানৰ আগত বহি তাচ খেলা ল'ৰা কেইজনে এইবোৰ কাম কৰি বুধিৰ শলাগও পালে। ৰাইজৰ মৰমৰ চাৱনিত সিহঁতে পমি গ’ই সুদীপৰ ওচৰত ঋণী হই ৰ’ল। এতিয়া হিৰণ দোকানীয়ে অকলে অকলে জুপুকা মাৰি বহি থাকে। কেতিয়াবা গ’ই গাঁওবুঢ়া, ভদো আৰু জয়বাপুৰ আগত নিজৰ ভাইগখনক দোষে। গাঁওবুঢ়াহঁতৰও সান্দহ খোৱা বালি তল যোৱা ধৰণৰ।

 সুদীপৰ মনত নতুন নতুন কামৰ ভাব উদয় হয়েই থাকে। আনৰ দুখ সহি থাকিব নোৱাৰা সুদীপে এইবাৰ গাঁৱৰ বাৰী-দুখুনীবোৰৰ কাৰণে সমবায় সমিতিৰ যোগেৰে কেইখনমান তাঁতশাল অনালে। চৰকাৰে বিনামূলীয়াকই দিয়া সূতাও ৰহিমলা, ফিৰোজা, পদ্‌মা আদি মহিলাসকলৰ মাজত বিলাই দিলে। তাঁত ব’ই দুপইচা পোৱাৰ বাট এটা মুকলি হোৱাত আৰু নিজৰো কানি-কাপোৰ কেইখন ব’ই ল’ব পৰা হোৱাত বাৰী-দুখুনীবোৰে সুদীপক হিয়া ভৰি আশীৰ্‌বাদ দিলে। সমবায় সমিতিৰ ৰাহি হোৱা ধনেৰে সেৱক দলে মাছমৰীয়া সকলক, বনিয়া, কুমাৰ, দুখীয়া মুছলমান সকলক সহায় কৰিলে যাতে তেওঁলোকে নিজৰ নিজৰ কামবোৰ সুকলমে চলাই যাব পাৰে। ফলত কুটীৰ শিল্পবোৰো সেৱক-সেৱিকা সকলৰ সহায়ত সজীৱ হই উঠিল। নিজৰ নিজৰ কামত সকলোৱে মনপুতি লাগিল। উত্‌ছাহ বাঢ়িল। এতিয়া গাঁৱৰ লোকসকলে ইমান দিনে লেলাই ধেন্‌দাই কটোৱা জীৱনৰ দুখ পাহৰি গ'ল। চূণৰ চৰুত হাত দি অহাবোৰৰো মুখত হাঁহিৰ ফুল ফুটি উঠিল।

 পথাৰত লখিমীয়ে সোণসেৰিয়া হাঁহিৰে হাঁহিলে। শইচৰ ভৰত দোঁ খাই পৰা গছবোৰে বতাহত হালি-জালি গাঁৱৰ ৰাইজক কাষলই মাতিলে। ৰাইজেও আৰু পলম নকৰি মাউখে লাগি ধান কাটিলে। কাঁচিৰ শৱদ আৰু বিহু [ ৬১ ] নামৰ সুৰে পথাৰ খল্‌ক লগালে। আপোন পাহৰা কৰা ধানৰ গন্ধ বতাহে বহু দূৰল’ইকে উৰাই ল'ই গ'ল। ইমান ধান আগতে কোনেও দেখা নাছিল। এতিয়া এই ধান ৰাইজে লগাখিনি ল'ই চৰকাৰক বেচিবহে পাৰিব। সেই ধনেৰে আক’ সমবায়ৰ সুলভ মূলীয়া দোকানল'ই হৰেক ৰকমৰ বস্তু আহিব। মুখত এমোকোৰা হাঁহিৰে সকলোৱে কামত লাগি গল।

 বায়নৰ আগচোতালত আজি ৰঙৰ মেলা বহিল। ৰাইজ হিল্‌দল ভাঙি আহিল। ঠিক গধূলি হোৱাৰ লগে লগে বায়নে ভাটিয়ালী ৰাগত বৰগীত এটা জুৰিলে—

কিৰিষি কৰা আলো মনাই—
হৰি চৰণৰ সেৱা পৰম সুখে।
যতন কৰিয়া হৰিৰ নাম সদায় ভাব মুখে॥•••

 বৰগীতটো শুনি সকলোৰে দেহ-মন শাঁত পৰি গ'ল। ৰাইজৰ অনুৰোধত এইবাৰ চেলিমে জিকিৰ এটা গালে—

ৰহমৰ গিৰিহঁত
তুমি আল্‌লা চাহাব ঐ,
যদি কৰা দৰিয়াৰ পাৰ॥ • • • • • •

 চেলিমৰ জিকিৰ শেষ হোৱাৰ পাচতো সুৰটো সকলোৰে কাণত বাজি থাকিল •••৷ খন্‌তেক নিৰৱতাৰ পাচত আঘোণাই ক'লে—'ৰাইজ, এই অভাজনে ভাবি থকা কথা এটা বেকত কৰিব খুজিছোঁ। পৰহিল’ই পূৰণিমাৰ ৰাতি সমূহ ৰাইজে লগে ভাগে ন-খাওঁ বুলিছোঁ—কথাটো কেনে হয়?’

 ‘বঢ়িয়াটি হ'ব। তুমি কথাৰ কথা এটা ক'লা হ'লে দেই।’ চাৰিওফালৰ পৰা ৰঙতে হাত চাপৰি বজাই উঠিল। ‘সকলোৱে দেখা-দেখিক’ই ৰঙ্‌মনে এসাজ খাম তাতোক’ই কিবা লাগিছেনে? মনৰ সুখ পৰ্‌কাশ কৰাৰ এয়াহে ছেগ।’ [ ৬২ ] কোনোবা এজনে আনজনক ৰঙেৰে মূৰ দুপিয়াই ক'লে। ভোজৰ কথা শুনি ল'ৰা-ছোৱালীবোৰৰ গাত তত্‌, নোহোৱা হ’ল৷

 নাহৰকলি গাঁৱত বিজুলি-বাতিৰ পোহৰ হ'ল। বাট- পথবোৰ বিজুলীৰ পোহৰে পোহৰাই তুলিলে। আন্‌ধাৰ শেষ হ’ল। পোহৰৰ ন-ঢল নামি আহিল গাঁৱৰ বুকুল’ই। সেই পোহৰে ৰাইজৰ মনবোৰো পোহৰাই তুলিলে।

 পৰম উলাহেৰে গাঁৱৰ ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ী, ল'ৰা- ছোৱালীয়ে ভোজৰ আয়োজন কৰিছে। বৰ আঁহতজোপাৰ কাষৰ মুকলি ঠাইখিনিত ৰভা তৰা হইছে। অতুল-ৰজনী হঁতে বৰ পুখুৰীৰ পৰা দহোটা ডাঙৰ ডাঙৰ ৰউ মাছ তুলি আনিছে। সৰু-সুৰা মাছও ভালেমান আনিছে। ভঁৰালৰ ধান গাভৰুহঁতে মিলি জুলি ঢেকীত বানি, জাৰি, বাচি ঠিক কৰি দিছে। ডেকাহঁতে বাৰীৰ শাক-পাচলি আনি বয়সীয়াল তিৰোতাসকলক কুটা-মেলাত সহায় কৰি দিছে। ল'ৰাবোৰে পাত কাটিছে। খোল সজাই খোল সাজিছে। পটুৱা কৰাই পটুৱা কৰিছে। বিধে বিধে সকলোৱে কৰা কামবোৰ সুদীপ, বিনয় আৰু দিগেনে তদাৰক কৰিছে। ন'ইৰ পাৰত কৰা গছৰে খৰি ডেকাহঁতে কান্‌ধত দাঙি আনি আগদিনাই কুঠাৰেৰে ফালি ৰ'দাই থ'ইছে। সেইবোৰ ভৰ্‌ ভৰ্‌ কই চউকাত জলি উঠিছে। ৰন্‌ধা-বঢ়াৰ সুগন্‌ধ কেউপিনে বিয়পি পৰিছে। বয়সীয়ালসকলে বহি হাঁহি হাঁহি কাম কৰিছে। ডেকাহঁতৰ মুখতো হাঁহি। নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা, পৰৰ ওচৰত কোনো কাৰণত হাত পাতিব নলগা মুকলি হাঁহি। ৰভাৰ খুটা এটাত ধৰি সুদীপে সকলোৰে মুখবোৰ এখন এখন ক’ই চাই গ'ল।

 ভোজল'ই পশু-চিকিত্‌সক, ডাকঘৰৰ বিষয়াজন, পণ্‌ডিত কেইজন—সকলো আহিছে। কেৱল গাঁওবুঢ়া, ভদো, জয়বাপু [ ৬৩ ] আৰু হিৰণ দোকানীৰ ঘৰৰ মানুহবোৰহে অহা নাই। খাবৰও সময় হ’ল। ৰাইজে পাত-পটুৱা আগত ল'ই শাৰী শাৰীকই বহিছে। সুদীপে দিগেনক ল’ই অলপ আগতে এফালে ওলাই গ’ইছিল। ৰাইজে তেওঁলোকক আপেক্ষা কৰিয়েই বহি আছে। তেওঁলোক আহিলেই খোৱা আৰম্‌ভ কৰিব। তিনিজনমান ডেকা ল'ৰা অহাৰ উমান পাই ৰাইজে সুদীপহঁত অহা বুলি বাটৰফালে চালে। কিন্‌তু সুদীপহঁতৰ সলনি দেখিলে কমল, ৰমেন আৰু তিলকহে আহিছে। এই তিনজনেই সুদীপক টঙনিওৱা কথাটো মনত পৰাত ৰাইজ জঁকি উঠিল। এনেতে হঠাত সুদীপ আহি ওলাল। কমলক দেখি সুদীপে দুহাতেৰে সাৱটি ধৰিলে। কমলৰ চকুলোৰে সুদীপৰ পিঠিখন তিতি গ’ল৷

 বিজুলী-বাতিৰ পোহৰত উজলি উঠা ঠাইখিনিত নাহৰ- কলি গাঁৱৰ সকলো লোক এইদৰে একেলগ হ'ই খাবল'ই বহাৰ পৰ্‌থম সুযোগ পাইছে। সুদীপৰ আশা সফল হ'ল। কমলহঁতকো শাৰীত বহুৱাই ল'ইছে। এটা দুখ কিন্‌তু সুদীপৰ ৰ’ই গ'ল, বাৰে বাৰে অনুৰোধ কৰি অহাৰ পাচতো গাঁওবুঢ়া, ভদো, জয়বাপু আৰু হিৰণ দোকানীৰ ঘৰৰ কোনো নাহিল। সোণতৰাল’ই চিৰিঙ্‌, চিৰিঙ্‌ক’‌ই সুদীপৰ মনত পৰিল। সুদীপে ভাবিলে—গাঁওখনত এইবাৰ তাৰ কাম শেষ হ'ল। এতিয়া সেৱক-সেৱিকা দলেই কামবোৰ তদাৰক কৰিব পাৰিব।

 ৰাইজ ভোজনৰ বাবে সাজু হ'ল। সুদীপে ৰাইজক সেৱা জনাই ক'লে,-‘ৰাইজ, আজি আমাৰ পৰম ভাইগৰ কথা। ৰাইজৰ বল যে হাজাৰ হাতীৰ বল—সেই কথা বুজিবল’ই আৰু কাৰো বাকী নাই। ৰাইজৰ মাজত মিলা-পিৰ্‌তি থাকিলেহে এইদৰে গাঁৱৰ বুকুত সফলতাৰ পদুম ফুলে। জানি বা নাজানি ৰাইজৰ ওচৰত আমি অলেখ দোষ কৰিছোঁ। [ ৬৪ ] এতিয়া আমাৰ দায়-দোষ ৰাইজে খেমিবহে লাগে! •••'

মেথো ককাই মাজতে ক'ই উঠিল—‘এঃ কিহৰ দোষ হে? কিহৰ দোষখন কৰিলা আক' তুমি। তুমিয়েই আমাক নাদৰ ভেকুলীক সাগৰ দেখুৱালা। আজি আমি এই পোহৰ, এই শিক্ষা, এই সম্‌পদ কাৰ পৰা পালো—হয় নে? ৰাইজেই কওঁকছোন!'

 সকলোৱে একেলগে মাত দিলে—'সুদীপৰ পৰা।' মিচি- কিয়াই সুদীপে ক'লে—‘তেনেহ'লে ৰাইজ, আপোনালোকৰ আশীষকে শিৰত লই এই ৰঙৰ দিনতে আৰু এটা ৰঙ্‌ কৰা যাওক। এই ৰভাতলীতে আমি টিকেন-পখিলী আৰু ইৰ্‌ছাদ- ৰেহেনাৰ বিয়াখন পাতি দিওঁ। ৰাইজে উৰুলি এজোলোকাৰে দুই হালকে আশীৰ্‌বাদ কৰক।'

 দিগেনে পখিলী-টিকেন আৰু ৰেহেনা-ইৰছাদক মাতি ৰাইজৰ আগল'ই আনিলে। সকলো অবাক হ'ল। এনেক’ইনো বিয়া পাতেনে বাৰু?

 ৰাইজৰ মাজত গুণ্‌গুণনি শুনি সুদীপে ক'লে—'ৰাইজ, টিকেন-পখিলী, ইৰ্‌ছাদ-ৰেহানাৰ মন মিলিছে। দুয়ো দুয়োৰো বাবেই যোইগ। গতিকে পিচত হ'লেও হোৱা, এতিয়া হ’লেও বিয়াখন হোৱা। ৰাইজে ভুল নুবুজিব—ঢোল ডগৰৰ ধুম- ধামৰ বিয়াতক’ই ৰাইজৰ আশীষহে ডাঙৰ। আজিকালি আৰু বিয়া-সবাহত অপৰিমিত খৰচ কৰিব নোৱাৰি। সময়ৰ লগত ঢউতে খৰ মাৰি যাব লাগিব। তেওঁলোকৰ যুটীয়া জীৱনৰ সুখ-শান্‌তি আপোনালোকেও জানো কামনা নকৰে?’

 টিকেন-পখিলী, ইৰ্‌ছাদ-ৰেহানাই লাজতে তলমূৰ কৰি থাকিল। ক'ব নোৱাৰাকইয়ে উৰুলি এজোলোকা আইসকলৰ মুখৰ পৰা ওলাই গোটেইখন মুখৰ কৰি দিলে। ৰাইজে ন- জোৰা দুটিক হিয়া ভৰি আশীৰ্‌বাদ দি পৰম আনন্‌দেৰে ভোজ খালে। [ ৬৫ ]  ভোজ খাই ল'ৰা-ছোৱালীবোৰ, মহিলাবোৰ ঘৰা-ঘৰি গ’ল গই। শেষত সেৱক দলৰ ডেকাবোৰ আৰু দুই-চাৰিজন বয়সীয়াল লোকহে ৰ'ল গই। সুদীপে সকলোৰে আগত নিজৰ মনৰ ভাব উজাৰি দি ক'লে—‘মই আৰু এতিয়া এইখন গাঁও এৰি যাব খুজিছোঁ৷’ সকলোৱে চক্‌ খাই সুদীপৰ মুখল'ই চালে। সুদীপে কই গ'ল—‘এতিয়া সেৱক-সেৱিকা দলেই সকলোপিনে চকু ৰাখিব পাৰিব। ৰাইজে এনক'ই মিলি-জুলি থাকিলে কোনোদিনে আৰু কোনো অভাৱ-অভিযোগ নাথা- কিব। আমি কেৱল নিজৰ গাঁওখনৰ কাম কৰিলেই নহ'ব— ভাৰতবৰষত এনে বহুতো গাঁও আছে। সেইবোৰৰ উন্‌নতিও কৰিব লাগিব।'

 সুদীপৰ কথা শেষ হোৱাত কাঁহ পৰি জীন্‌ যোৱা নিৰৱতা বিৰাজ কৰিলে। কাৰো মুখত মাত নাই। সুদীপক বাদ দি নাহৰকলিকছোন ভাবিবই নোৱাৰি। সকলোৰে মনবোৰ গোমা হই গ'ল। সুদীপক অনুনয় বিনয় কৰি ৰখাবল'ই চেষ্‌টা কৰিও বিফল হ'ল। অৱশেষত গাঁৱৰ ৰাইজে ভাবিলে সুদীপ যাওক—এনেক’ই দেশৰ আন আন গাঁৱতো পোহৰ বিলাওক। নাহৰকলিৰ পৰ্‌তি ধূলি-কণা, আকাশ-বতাহ গছ-গছনি, ন’ই-পুখুৰীৰ মাজত সকলোৱে সুদীপক পাম।

 পিচদিনা পূবে ধলফাঁট দিয়াৰ লগে লগে গাঁৱৰ ৰাইজ আহি সুদীপহঁতৰ পদূলিত গোট খালে। নাহৰকলি এৰি সুদীপ আন গাঁৱল’ই যাব। ইমানবোৰ মানুহ, অথচ ইমান নিজান! কাৰো মুখত মাত নাই। সকলোৰে চকুত চকুলো। বিনয় ডাক্‌তৰে সুদীপৰ পৰা মুখ লুকুৱাই বাৰে বাৰে চকু দুটা মচিছে।

 পদূলিয়েদি সুদীপ আগবাঢ়ি গ'ই আলিবাটত ভৰি দিলে। সুদীপৰ কেউপিনে নাহৰকলি, ভকতপাৰা, ইছলাম পাৰাৰ ৰাইজ। সকলো নিৰৱ। সৰু সৰু ল'ৰা-ছোৱালীবোৰেও [ ৬৬ ] আজি মনে মনে আছে। সিহঁতে সুদীপৰ মুখৰফালে চাই কথাটো বুজিব খুজিছে। হঠাতে কাৰোবাৰ খৰটকীয়া ভৰিৰ শৱদত সকলোৱে পাছল'ই ঘূৰি চালে। সোণতৰা ঢপলিয়াই আহিছে। মানুহবোৰে বাট এৰি দিলে। সুদীপক সাৱটি ধৰি সোণতৰাই জোৰেৰে উচুপি উঠিল। কমলে অবাক হই ভনী- য়েকলই চাই ৰ'ল। সুদীপে তাইৰ মূৰত হাত ফুৰাই লাহে লাহে ক'লে—‘নাকান্‌দিবি তৰা! তহঁতৰ চকুত চকুলো চাব মই নোখোজোঁ। মই চাব খোজোঁ তহঁতৰ চকুত পোৱা আৰু লোৱাৰ হাঁহি। এই হাঁহি চাবৰ কাৰণেই মই ইমান দিন বাট চাই আছিলোঁ। তহঁতে এই হাঁহি শেষ হবল’ই নিদিবিদেই! তৰা, তই এই গাঁৱতেই থাকিব লাগিব। সেৱিকা দলৰ হ'ই ৰাইজক সেৱা কৰিবি। মৰম কৰিবি। চেনেহ যাচিলেছে চেনেহ পায়। মোক হাঁহি বিদায় দেছোন। মই যাবই লাগিব অ’! আন্‌ধাৰত শুই থকা গাঁও ভাৰতত আৰু বহুত আছে। সেইবোৰতো অকণমান পোহৰৰ শিখা জলাবলই তই জানো তোৰ দীপ কাইদেউক যাবল’ই নিদিবি?' শেষল’ই সুদীপৰ মাতটো সেমেকি আহিল।

 কথাখিনি শেষ হওঁতেই ন’উ হওঁতেই গাঁওবুঢ়াই জুমটো ঠেলি গ’ই সুদীপৰ কাষত থিয় দিলে। সোণতৰা দেউতাকৰ কাষলই গ'ল। সকলোৱে অবাক হ’ই গাঁও বুঢ়াৰ মুখলই চাই থাকিল৷ কাৰোফালে নোচোৱাকই গাঁওবুঢ়াই সুদীপক সাৱটি ধৰি ক'লে—‘মোক খেমা কৰিবা বোপাই। আমি অগিয়ানীয়ে সোণ যেন তোমাক হাততে পাইও কাঁচ বুলি দলিয়াই পেলাই- ছিলোঁ। তুমিয়েই আমাৰ গাঁৱত হাঁহিৰ ফুল ফুলালা। আৰু আমি নাদৰ ভেকুলিয়ে আক’উ ...।'

 ‘বৰপিতাই'—কথাখিনি শেষ কৰিবলই নিদি সুদীপে মাজতে ক'লে, ‘তেনেকই নক’ব। মই কাৰো বাবে অকণো ৰোষ ৰখা নাই। মইতো গাঁৱৰ কাৰণে অকলে একো কৰা [ ৬৭ ] নাই। গাঁৱৰ ৰাইজেই কৰিছে—মই নিমিত্ ত মাথোন। আপুনি মোক ভুল বুজিছিল বুলিহে মই দুখ পাই আছিলোঁ। এতিয়া আৰু মোৰ একো দুখ নাই। মই হাঁহি হাঁহি মোৰ কামত আগবাঢ়ি যাম। গাঁৱৰ এই সমিল-মিল ভাব যিমান দিনলই থাকিব সিমান দিনলই গাঁৱত হাঁহিৰ ফুল ফুলিয়েই থাকিব।' কইয়েই সুদীপে গাঁওবুঢ়াৰ ভৰি চুই সেৱা এটা কৰি খোজ আগবঢ়াব খুজিলে। মহান সুদীপক কি কব কমল আৰু দেউতাকে ভাবিয়েই নাপালে।

 খোজ দিওঁতেই সন্ মুখৰ পৰা জয়বাপুই আহি সুদীপক অগিভেটি ধৰি শিৰত ফুল-তুলসী দিলে। কঁপালত চন্ দনৰ ফোঁট এটা দি আঙুলি কেইটা থুপ খুৱাই সুদীপৰ গালত লগাই আনি নিজৰ ওঠত লগাই টপকই চুমা এটা খালে। ভদো আৰু হিৰণ দোকানীয়ে হেহোঁ নেহোঁ কৰি সুদীপৰ কাষত ৰ'ল। সুদীপৰ হাতত ধৰোঁতে—হিৰণ দোকানীৰ দুটোপাল তপত চকুলো সৰি পৰিল। সুদীপে চকুলই চাওঁতে ভদো-হিৰণ দুয়ো অকণমান হাঁহিব খুজিলে যদিও তিতা চকুৰ পতাৰে দুয়োকো কন্ দাৰ দৰেহে দেখিলে। আচ- লতে কান্ দিছিলেই।

 এখোজ আগবাঢ়ি সুদীপে অক’উ থমকি ৰ’ই গোটেই বোৰ মানুহল’ই এবাৰ হেপাঁহেৰে চকু ফুৰাই চালে। তাৰ পিচত গাঁওবুঢ়ালই চাই ক'লে—“বৰপিতাই, এটা কথা কওঁ। পাৰিলে অহা বহাগতে তৰাৰ বিয়াখন বিনয় ডাকতৰৰ লগতে পাতি দিব।••• মই ডাক্ তৰক ক’ইছো।’

 গাঁওবুঢ়াই কিবা এটা কবলই মুখ মেলতেই সুদীপে খোজ আগবঢ়াই দিলে। সকলো মানুহ গাঁৱৰ সীমালইকে আগবাঢ়ি আহিল। নিয়ৰত সেমেকা দুবৰি বনৰ ওপৰেৰে সুদীপ আগবাঢ়িল। লগে লগে সেমেকা চকুৰ পতাৰে দুকাষে আগবাঢ়িল দিগেন আৰু ইৰ্ ছাদ। সিহঁতৰ হাতৰ মুঠিত [ ৬৮ ] সুদীপৰ হাত। লাহে লাহে মানুহবোৰৰ আৰু সুদীপৰ মাজৰ ঠাইখিনি বহল হই গ'ই থাকিল। চকুৰে নেদেখা হোৱালইকে মানুহবোৰে সুদীপলই চাই থাকিল।

 সুদীপৰ চকুত নতুন দীপিতি। এইদৰেই এখন গাঁৱৰ পৰা আন এখন গাঁৱলই সি যাব। আন্ধাৰ গুচাই পোহৰৰ ন-ঢল বোৱাবলই যতন কৰিব। সুদীপে মূৰ তুলি আকাশলই চালে। বেলিটো ওলাই আহিছে। সেউজীয়া গছ-পাতবোৰ ৰ’দ পৰি জিল্‌মিলাই উঠিছে। এজাক শুধ বগা বগলী নাহৰকলি গাঁৱৰ পূব ফাললই উৰি গইছে। সুদীপে ভাবিলে হয়তো বগলীজাক গই নাহৰকলিৰ বৰপুখুৰীৰ পাৰত পৰিব।

—: অন্ত :—


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।