॥ চাৰি॥
দিনবোৰ বাগৰি গই থাকে। নাহৰকলি গাঁৱত সেৱক- সেৱিকা দলৰ কামও বাঢ়ে। সুদীপ, দিগেনহঁতে কেইবাবাৰো চহৰলই গই চৰকাৰৰ ভিন্ ভিন্ বিষয়াসকলক লগ ধৰি গাঁৱৰ বাবে অতি লাগতিয়াল চাহিদাবোৰৰ কথা বিৱৰি কইছে। চাহিদাবোৰ পূৰণ হওঁতে সময় লাগিছে যদিও সেৱক-সেৱিকা দলে নিজৰ কামৰ পৰা বিৰত হোৱা নাই। গাঁওখনৰ সকলো কামতে সিহঁতে মন দিছে। অভাৱ-অনাটন দূৰ কৰিবলই নেৰা-নেপেৰা যতন কৰিছে। সফলো হইছে।
কমলা বায়নৰ তাগ-চোতালত গধূলি গোট খোৱা ৰাইজে এতিয়া বাতৰি কাকতৰ খবৰবোৰ শুনে। মণি পণ্ডিতে খবৰবোৰ সকলোৱে শুনাকই ডাঙৰকই পঢ়ি দিয়ে। দেশখনৰ বা-বাতৰিবোৰ শুনি, ন-কই আখৰ শিকা বয়সীয়াল লোক- সকলে নিজে জোটাই জোটাই বাতৰি কাগজখন পঢ়িবলই যতন কৰি বুজি পাইছে কিয় সুদীপে আখৰ শিকাৰ কথা কইছিল। এনেয়েনো কয় নে বোলে ‘মন কৰিলেই ছন'।
সেৱক দলে থিৰ কৰিলে যে বাৰিষাৰ আগে আগে দ’বি নইৰ পাৰত মথাউৰিটো বান্ধিব নোৱাৰিলে বাৰিষাৰ বানে