পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ৰ’দ জিলমিল


আকোঁৱালি ধৰিলে। হিৰণ দোকানীৰ দোকানৰ আগত বহি তাচ খেলা ল'ৰা কেইজনে এইবোৰ কাম কৰি বুধিৰ শলাগও পালে। ৰাইজৰ মৰমৰ চাৱনিত সিহঁতে পমি গ’ই সুদীপৰ ওচৰত ঋণী হই ৰ’ল। এতিয়া হিৰণ দোকানীয়ে অকলে অকলে জুপুকা মাৰি বহি থাকে। কেতিয়াবা গ’ই গাঁওবুঢ়া, ভদো আৰু জয়বাপুৰ আগত নিজৰ ভাইগখনক দোষে। গাঁওবুঢ়াহঁতৰও সান্দহ খোৱা বালি তল যোৱা ধৰণৰ।

 সুদীপৰ মনত নতুন নতুন কামৰ ভাব উদয় হয়েই থাকে। আনৰ দুখ সহি থাকিব নোৱাৰা সুদীপে এইবাৰ গাঁৱৰ বাৰী-দুখুনীবোৰৰ কাৰণে সমবায় সমিতিৰ যোগেৰে কেইখনমান তাঁতশাল অনালে। চৰকাৰে বিনামূলীয়াকই দিয়া সূতাও ৰহিমলা, ফিৰোজা, পদ্‌মা আদি মহিলাসকলৰ মাজত বিলাই দিলে। তাঁত ব’ই দুপইচা পোৱাৰ বাট এটা মুকলি হোৱাত আৰু নিজৰো কানি-কাপোৰ কেইখন ব’ই ল’ব পৰা হোৱাত বাৰী-দুখুনীবোৰে সুদীপক হিয়া ভৰি আশীৰ্‌বাদ দিলে। সমবায় সমিতিৰ ৰাহি হোৱা ধনেৰে সেৱক দলে মাছমৰীয়া সকলক, বনিয়া, কুমাৰ, দুখীয়া মুছলমান সকলক সহায় কৰিলে যাতে তেওঁলোকে নিজৰ নিজৰ কামবোৰ সুকলমে চলাই যাব পাৰে। ফলত কুটীৰ শিল্পবোৰো সেৱক-সেৱিকা সকলৰ সহায়ত সজীৱ হই উঠিল। নিজৰ নিজৰ কামত সকলোৱে মনপুতি লাগিল। উত্‌ছাহ বাঢ়িল। এতিয়া গাঁৱৰ লোকসকলে ইমান দিনে লেলাই ধেন্‌দাই কটোৱা জীৱনৰ দুখ পাহৰি গ'ল। চূণৰ চৰুত হাত দি অহাবোৰৰো মুখত হাঁহিৰ ফুল ফুটি উঠিল।

 পথাৰত লখিমীয়ে সোণসেৰিয়া হাঁহিৰে হাঁহিলে। শইচৰ ভৰত দোঁ খাই পৰা গছবোৰে বতাহত হালি-জালি গাঁৱৰ ৰাইজক কাষলই মাতিলে। ৰাইজেও আৰু পলম নকৰি মাউখে লাগি ধান কাটিলে। কাঁচিৰ শৱদ আৰু বিহু