পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰ’দ জিলমিল


 “ইস! কিমান ভাল পাইছোঁ!! তুমি আজি তিনি বছৰৰ মূৰত আহিছা। ইমান দিন চহৰত কি কৰি আছিলা? বহুত পঢ়িলা নহয়? একে উশাহতে পখিলীয়ে সুধিলে।

 ‘আমাৰ তোমালই সদায় মনত পৰে। তোমাৰ কথা কিমান পাতো আমি, তুমিহে ছাগে পাহৰি গইছিলা’—ৰঙিলীয়ে অভিমান ভৰা হাঁহিৰে ক'লে।

 ‘বাঃ এই কেইবছৰতে দেখিছোঁ তহঁত বেছ ডাঙৰ হলি। টপ্ টপ্ কই কথাও কবলই শিকিছ। সুদীপে হাঁহি সোণতৰালই চালে।

 লাজৰ ফাকুগুৰিৰে মুখখন বোলাই লই সোণতৰাই কোনোমতে সুধিলে—“ভালে আছা নহয় দীপ ককাইদেউ!”

 ‘অঁ ভালেই। তহঁতৰ আটাইৰে ভাল নে? পখিলী, তই গই দিগেনক পঠিয়াই দিবি দেই? এতিয়া বহছোন তহঁত। ‘এতিয়া নবহোঁ—পিচত আহিম” বুলি কই কেউজনী সাউতকই গুছি গ'ল।

 সুদীপ আকউ জুমৰ মাজত সোমাই পৰিল। অঘোণা- কাইয়ে ল'ৰা-ছোৱালীবোৰলই চাই ক'লে—“সুদীপছোন গাঁৱৰে ল'ৰা। আহিছে যেতিয়া দুই চাৰিদিন থাকিব নহয়! তহঁতে এইদৰে চালি ধৰি থাকিলে কেনেকই হয়? যা, যা বোপাই, কাপোৰ-কানি সলাই হাত-মুখ ধুই ল। বাকীবোৰেও কথাখিনি শলাগি দিহা দিহি উঠিল।

 সুদীপৰ মনটো আজি কিবা ফৰকাল ফৰকাল লাগিছে। চহৰৰ বতাহতকই যেন এই গাঁৱৰ বতাহ বেছি মুকলি। গাঁৱৰ ধূলিত উমলি ডাঙৰ হোৱা, ইয়াৰ বতাহ-পানী পোৱা, সেউজত শুই সোণালী সপোন দেখা সুদীপৰ মনটোৱে গাঁও- খনৰ বিষয়ে সবিশেষ জানিবলই উচ্ পিচাই উঠিল। বাতৰি কাগজত পঢ়িবলই পায়-চৰকাৰে গাঁওবোৰৰ উন্নতিৰ কাৰণে বছৰে বছৰে বহুতো টকা-সিকা ভাঙে, নতুন নতুন আঁচনি