পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥পাঁচ॥

 পথাৰত লখিমীয়ে হাঁহিছে। নাহৰকলি গাঁৱৰ ৰাইজে জীৱনত ইমান পথাৰ ভৰা শইচ দেখা নাছিল। বছৰে বছৰে বলীয়া বানটোৱে আহি জুৰুলা কৰা গাঁওবাসীয়ে এইবাৰ শান্‌তিৰে উশাহ ল'লে। পথাৰত লহ্‌-পহ্‌ কই বাঢ়ি অহা এই ধান এতিয়া এজন দুজনৰ নহয়। সকলোৰে নিজৰ। এয়া সমবায়ৰ খেতি। সকলোৱে সমান ভাগ পাব। মূৰৰ ঘাম মাঠিত পেলাই কৰা খেতিৰ ধান এতিয়া আৰু মাটিৰ গৰাকীৰ ভড়ালত থবগই নালাগে। ডাঙৰীৰ পৰিমাণো সৰহ। দহ নখে খামুচিও পেট ভৰাব নোৱাৰা বহুতৰে মনত সেয়ে অপাৰ উলাহ।

 খেতি উঠাৰ পাচত এতিয়া আৰু পথাৰ ছন্‌ পৰি নাথাকে। ৰাইজে তাত ৰবি খেতি কৰিব। সুদীপে গাঁৱৰে চাৰিজন খেতিয়কক সেই খেতিৰ নতুন পদ্‌ধতিৰ বিষয়ে জানিবলই চহৰৰ কিৰিষি পঢ়াশালিলই পঠিয়াইছে।

 সুদীপে অলপ গাটো টঙাই উঠাৰ পাছৰে পৰা পুনৰ কামত লাগিছে। ঘটনাটো ঘটোৱাত কোন কোন আছিল সবিশেষ জানে যদিও সুদীপে মনত কাৰো বাবে লেখমানো কপটতা ৰখা নাই। উদাৰ ভাবে সেইবোৰ কথা পাহৰি গই গাঁওখনৰ উন্‌নতিতেই মাথো নিজক সঁপি দিছে।

 সেৱক-দলৰ যতনত নাহৰকলি গাঁৱত চিকিত্‌সালয় এখন হ’ল। বিনয় ডাক্‌তৰৰ কাৰণে ডেকাহঁতে এটা ধুনীয়া পঁজা সাজি উলিয়ালে। ডাক্ তৰে পঁজাটোৰ আৰু চিকিত্‌সালয়ৰ চউহদত ধুনীয়া ফুলনি এখন কৰিলে। গোটেই ঠাইখিনিয়েই মনোৰম হই উঠিল।

 পশু-চিকিত্‌সালয় পতাৰ কাৰণেও সেৱক দলে এটা ঘৰ সাজি উলিয়ালে। অলপ দিনৰ পাচত গৰু-ম'হৰ চিকিত্‌সা