কথাবোৰ মই ভাল পাইছোঁ। এতিয়া পিছে কি কৰিবলইনো
মন মেলিছা?
চাহৰ বাটিত সোহা এটা মাৰি সুদীপে কলে—“ছাৰ, মই ভাবিছোঁ-পোনতে আমাৰ গাঁৱত শিক্ষাৰ পোহৰ বিলাব লাগিব। যেতিয়ালই আমাৰ ল'ৰা-ছোৱালীবোৰে গিয়ান নাপায় তেতিয়ালইকে তেওঁলোকে নিজকে বুজি নাপায়। সিহতক গিয়ান দিব লাগিব। লগতে আমাৰ বুঢ়া-মেথাবোৰেও অলপ অচৰপ আখৰ পঢ়িব পৰা হ'ব লাগিব। তেতিয়াহে তেওঁ- লোকৰ চকু মুকলি হ'ব। দেশৰ দহৰ বাতৰি জানিব পাৰিব। নিজৰ ঠাইখিনিক অগিবঢ়াই নিব পাৰিব।' পণ্ডিতে সুদীপৰ কথাখিনি শলাগি ক'লে,-“চোৱা বোপাই, আজিকোপতি তোমালোকৰ গাঁৱত এখন পঢ়াশালি নহ'ল। পোনতে তাৰহে কিবা এটা কৰিব লাগে। ভালেমান দিন মই তোমালোকৰ গাঁৱৰ মানুহক কথাটো কাণ চোৱাইছিলোঁ। সকলোৱে শলাগে। কিন্তু কামত কোনো আগ নাবাঢ়ে!’
পণ্ডিতৰ কথাখিনিয়ে সুদীপৰ মনত ৰেখাপাত কৰিলে। তেওঁ ঠিকেই কইছে—গাঁৱত এটা পঢ়শালি লাগে। দিনত ল'ৰা-ছোৱালীবোৰে পঢ়িব আৰু গধূলি বয়সীয়ালসকলে। আজিয়েই গাঁওবুঢ়া আৰু গাঁৱৰ মুখীয়াল লোকসকলৰ লগত কথাটো আলোচনা কৰিব বুলি সুদীপে মনতে থিৰ কৰিলে।
গাঁওখনৰ অভাৱ-অনাটন কেনেকই আঁতৰাব পাৰে তাৰও আলোচনা কৰি শেষত সুদীপে পণ্ডিতক গধূলিলই নাহৰকলি গাঁৱলই এবাৰ আহিবলই অনুৰোধ জনালে। পণ্ডিতেও সুদীপৰ হেঁপাহক নেওচা নিদি সন্মতি জনালে।
পণ্ডিতৰ ঘৰৰ পৰা ওলাই আহি সুদীপৰ মনটো বৰ ভাল লাগিল। গাঁওখনৰ কাৰণে কৰিব খোজা কামৰ বাবে এজন গুৰুৰ আশীৰবাদ আৰু উদ্গনি পালে। তেওঁৱেই পথও দেখুৱাই দিলে।পোনতে গাঁৱত এখন পঢ়াশালি