পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ৰ’দ জিলমিল


 কথামতে কাম। পুৱাতে সেৱক দলে গই অতুলহঁতৰ ভকতপাৰাত হাজিৰ হ'ল। আগতে গাঁওখনলই আহিছে যদিও এইবাৰ সেৱক দলে এটা এটা কই সৰু-সুৰা সকলো কাম নতুনকই মন কৰিলে। দেখিলে ঘৰবোৰ বৰ থেপা- থেপিকই সজোৱা। খিৰিকীৰ নামত অকণমান জলঙাহে ৰখা হইছে। ফলত ভিতৰত তো পোহৰ নপৰেই, ৰ'দ বতাহো নোসোমায়। জাবৰ-জোথৰৰ দমবোৰ য'তে ত’তে পৰি আছে। পোহনীয়া পশু-পখীবোৰে য'তে ত’তে লেতেৰা কৰিছে। সৰু ল'ৰা-ছোৱালীবোৰেও পিৰালিতে বা কাষৰ চোতালৰ মাজতে ময়লা কৰিছে। ফলত গোটেই পৰিবেশ আৰু বতাহও দূষিত হইছে। দূৰগন্‌ধও আহিছে। যি পুখুৰীৰ পানী খায় তাৰ পাৰতে গাও ধোৱে, কাপোৰো ধোৱে। সুদীপৰ পদুমপুখুৰীৰ পাৰলইও মনত পৰিল।

 সেৱক দল গোট খোৱাত ভকতপাৰাৰ মুনিহ-তিৰোতা সকলো কাষ চাপি আহিল। নাঙঠ-পিঙঠ ল'ৰা-ছোৱালী- বোৰো লৱৰি লৱৰি থিয় হ'লহি। ডেকা-গাভৰুবোৰে অতুল- ৰজনীৰ কথামতে সকলোকে বটগছ জোপাৰ তলৰ ওখ ঘাঁহনি ডৰাত নিয়াৰিকই বহাত সহায় কৰিলে। অতুল-ৰজনী দুয়ো কাষে থাকি সৰু ল'ৰা-ছোৱালী বিলাকক হাই-উৰুমি নকৰি- বলই বাৰে বাৰে সঁকিয়ালে।

 সুদীপে থিয় হই সকলোকে হাতযোৰ কৰি অভিবাদন জনাই ক'লে—'ৰাইজ, আপোনালোক ভকতপাৰাৰ ৰাইজক আজি আমি একেলগে পাই বৰ পুলকিত হইছোঁ। আমাৰ নাহৰকলিৰ দৰে আপোনালোকৰ ভকতপাৰাও সৱাৰে বৰ মৰমৰ গাঁও। আমাৰ গাঁওবোৰক ভগৱানে তেওঁৰ সুকোমল হাতেৰে নই, বিল, গছ-গছনি, পথাৰ-সমাৰেৰে সুন্‌দৰ কৰি দিছেই। কিন্তু আমি নজনাৰ দোষত সেইবোৰক লেতেৰা কৰি পেলাইছো। ফলত গাঁওখন তো অসুন্দৰ হইছেই গাঁৱৰ