সুদীপৰ ভাল লাগিল। গাঁওবুঢ়াই সুদীপৰ আঁচনিত বৰ
ওজৰ-আপত্তি কৰা নাই। কমলা বায়নৰ ঘৰলই গই সুদীপে
সকলো বিবৰি ক'লে। বায়নে ৰঙেৰে মত দিলে।
বাটত দিগেনক লগ পাই তাৰ লগতে সুদীপে টিকেন, জুৰমনহঁতক লগ পাবলই গ'ল। কলীয়া, নেউলা, কেনা, ইৰ্ছাদহঁতলইও বাতৰিটো পঠিওৱা হ'ল। সকলো গধূলি মেললই আহক তাতে সকলো কথা আলচ কৰিব পৰা হ'ব।
গধূলি এজন দুজনকই লোক আহি কমলা বায়নৰ আগ- চোতালত গোট খালেহি। মণি পণ্ডিতৰ চাইকেলখনৰ মাতো যথাসময়ত বায়নৰ চোতালত মাৰ গ'ল। গাঁওবুঢ়া আহি পোৱাৰ লগে লগে আলোচনাৰ পাতনি মেলা হ'ল। সুদীপে ভাষণ দিয়াৰ দৰে থিয় হই ক'লে—“ৰাইজ, নাহৰকলি গাঁও আমাৰ সকলোৰে মৰমৰ। এই গাঁৱৰ উন্নতিৰ বিষয়ে আলচ কৰিবলই আপোনালোকে আমাৰ কথাত সঁহাৰি জনাই আহি ইয়াত গোট খোৱাত পৰম হৰষিত হইছোঁ৷ ল'ৰাৰ কথা বুলি হেলা নকৰি কামটো উচিত বিবেচনা কৰাত আমি নিজেই ধইন মানিছোঁ৷ ৰাইজ, আমাৰ গাঁও এই যুগতো বহুত পিছ পৰি আছে। গতিকে ইয়াক আগবঢ়াই নিয়াৰ যতন কৰা আমাৰ সকলোৰে উচিত কাম হ'ব।' কথাখিনি কই সুদীপে ৰাইজৰ ফালে চালে। দেখিলে সকলোৱে সুদীপৰ কথা মন দি শুনিছে৷