সমললৈ যাওক

পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰ’দ জিলমিল

॥ এক ॥

 কমলা বায়নে শ্যাম ৰাগৰ টানেৰে জোৰা ‘তেজৰে কমলাপতি পৰম্ভত নিন্‌দ। তেৰি চান্‌দ মুখ পেখো উঠৰে গোবিন্দ।' বৰগীতটো যেনিবা গাঁওখনৰ বাবে এটা ঘড়ীহে। পূবে ফেঁহুজালি দিয়াৰ আগেয়ে গাঁৱৰ মাজেৰে এই বৰগীতটো গাই গাই কমলা বায়নে দৰি নইৰ ঘাটলই যায়। এই গীত শুনি গাঁৱৰ জীয়ৰী বোৱাৰীয়ে ঢাৰি পাটী এৰে। হালোৱা- বোৰে হাল ই পথাৰলই যায়। কপাহী, লখিমী আইতাহঁতে ‘ৰাম-হৰি'ৰ নাম লই নাতিনীয়েকহঁতক জগায়। নতুন পুৱা এটাক ওলগ জনাবলই সকলোৱে যেন বায়নৰ এই মধুৰ বৰগীতটোলইকে আশা পালি শেতেলিত পৰি থাকে।

 লাহে লাহে পূবৰ আকাশখন পোহৰ হই আহিবলই ধৰে। চৰাই-চিৰিকতিয়েও নানান মাতেৰে নেদেখাজনলই প্ৰাৰথনা জনায়। ৰিব্‌ ৰিব্‌ কই বলা বতাহ এজাকে পদুম পুখুৰীৰ ঘাটলই পানী আনিবলই যোৱা সোণতৰা, মালতী, পখিলী, ৰঙিলীহঁতৰ আঁচল উৰুৱায়। সিহতৰ হাঁহি মাতবোৰে গোটেই গাঁওখনকে সজীৱ কৰি তোলে। এটা নতুন পুৱাই চাৰিওফালে পোহৰ বিলায়।

 ‘সউখন ছ'ই দিয়া গৰু গাড়ী ৰূপাই দাইটিহঁতৰ ঘৰৰ ফালে অহা নাইনে মালতী?’—সোণতৰাই বেঙা মেলি মনিব পৰালইকে চাই চাই সুধিলে।

 গাড়ীৰ টিলিঙাৰ মাতটো ৰিণি ৰিণি শুনা গ'ল। ‘ইমান ধলপুৱাতে কোন আহিব পাৰে বাৰু।' বুলি কই পখিলীয়ে মালতীৰ মুখলই চালে।