পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
ৰ’দ জিলমিল


আহি পথাৰ পাবহি। সেয়ে সেৱক দলৰ ডেকাবোৰে এটা দিন থিক কৰি মথাউৰি বন্‌ধা কামত হাত দিলে। আদহীয়াসকলেও আহি তাত যোগ দিলে। সেৱিকা দলৰ গাভৰুহঁতেও সহযো- গিতা কৰিলে। সুদীপ, দিগেনহঁতে পৰাণ ঢালি কাম কৰিলে। মাউেখে উজালে যে গুৰি পৰুৱাৰো মৰণ নাই—কথাষাৰ সকলোৱে ভালকই কথাই কামে বুজি পালে। ইমান দিনে সকলোৱে ভেটা দিয়াৰ সপোনহে দেখিছিল, সুদীপহঁতে এইবাৰ কামেৰে কৰি দেখুৱালে। এতিয়া বানে পথাৰৰ হানি কৰি ৰাইজক জুৰুলা কৰিব নোৱাৰে।

 গাঁৱৰ ৰাইজে সেৱক দলৰ উছাহ আৰু নিপুণতা দেখি তবধ মানিলে। এই ডেকাবোৰে কাৰো পৰা বিনিময়ত একো নিবিচাৰি কাম কৰি যায়—আপোনমনে। বাট-পথৰ মেৰা- মতিৰ কামত হাত দিলে এইবাৰ। বানপানীৰ ঢলত ভাগি যোৱা ভকতপাৰাৰ পথছোৱা ন-কই সাজি উলিয়ালে। সুদীপ- হঁতৰ দলটোৰ উছাহ দেখি অতুল-ৰজনীৰ দলেও আজৰি পৰত আহি সিহঁতৰ লগত কাম কৰে। চাওঁতে চাওঁতে গাঁৱৰ বাট-পথবোৰ বহল হল। খাল-ডোঙ বিলাক পূৰ হ'ল। বাটৰ কাষত এতিয়া কোনেও জাবৰ- জোথৰ, গোবৰ আদি নেপালায়। ঘৰে ঘৰে ৰাতিপুৱাতে নিজৰ চোতাল-পদূলিৰ লগতে সন্‌মুখৰ আলিবাটৰ পথছোৱাও সাৰি থয়। ল'ৰা-ছোৱালীবোৰেও আৰু ফল-মূলৰ গছবোৰ দলিয়াই-ফৰ্‌মুটিয়াই তহিলঙ্‌ নকৰে। ফলবোৰ কলিতে সৰুৱাব নাপায় আৰু সেইবোৰ খালে অপকাৰহে হয় বোলা সুদীপৰ বুজনিও আটায়ে মানিছে। সেৱিকা দলে ঘৰে ঘৰে গই কথাবোৰ বুজাইছে। চকুও দিছে। থুই-খেকাৰ, কাগজৰ টুকুৰা, ফটা কাপোৰ, কলৰ বাকলি, কুঁহিয়াৰৰ চোবা, তামোলৰ পিক্‌ আদি কোনেও আৰু বাটৰ মাজত নেপেলায়। সেইবোৰৰ বাবে একোডোখৰ ঠাই ঠিক কৰি দিয়া