সমললৈ যাওক

পৃষ্ঠা:ৰ’দ জিলমিল.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ৰ’দ জিলমিল


চাকৰি-বাকৰিৰ বিষয়ে জানিবলই বিচাৰিলে। সুদীপে ক'লে- ‘ছাৰ, আপুনি জানেই মই সৰুৰে পৰাই কেনেকই হাড়ক মাটি কৰি, তেজক পানী কৰি পঢ়িব লগাত পৰিছিলোঁ। আপুনিয়েই মোক দুটা এটা ঘৰুৱা শিক্ষকৰ কাম যোগাৰ কৰি দিছিল। পিতাৰ মাটি কেইডৰাও মোৰ লগতে শেষ হ'ল। পঢ়া-শুনা শেষ কৰি ভাল চাকৰি এটাকে কৰিম বুলি ভাবিছিলোঁ। বিচাৰিলে হয়তো চাকৰি এটা পোৱাও যাব। কিন্‌তু ছাৰ,— কথাখিনি কই সুদীপে খন্তেক থমকি ৰ'ল। পমিলীয়ে দুয়োৰে আগত চাহ দুবাটি আৰু জলপান থই খোৱাৰ কথা ক'লে। লোটা এটাত হাত-মুখ ধুবলই পানী আৰু কাষত এখন গামোচাও যতনাই দি গ'ল।

 জলপান খাই থকাৰ লগে লগে সুদীপে পুনৰ ক'লে— ‘মই ভাবিছোঁ অকল মই ডাঙৰ হ'লেই নহব। গাঁৱৰ বহুতো ল'ৰা-ছোৱালীয়ে পঢ়ি-শুনি নগৰ-চহৰৰ পৰা আহিব নোখোজে। চাকৰি আৰু টকা-পইচাৰ মাজত পাহৰি যায় নিজৰ গাঁও- খনৰ কথা। গাঁৱৰ বতাহ, গাঁৱৰ ধূলি-বালিক ঘিণায়। অথচ ছাৰ, সেই গাঁৱৰে শইচ খাই, বতাহ লই, ধূলি-বালিত উমলিয়েইতো সিহঁত এদিন ডাঙৰ হইছিল। মোক যেন মনৰ ভিতৰৰ পৰা কোনোবাই কইছে—“সুদীপ, তুমি গাঁৱলই উভতি বলা। তোমাৰ গাঁৱৰ মানুহবোৰৰ দুখ-দূৰদশালই এবাৰ চকু মেলি চোৱা। সিহঁতৰ মাজত পোহৰ বিলোৱা।' কথাখিনি একে উশাহতে কই সুদীপে ভাবিলে তাৰ কথাবোৰ কিজানি বৰ আবেগিক হই পৰিছে। অথচ সেইবোৰ যে তাৰ পৰাণৰেই কথা৷

 পণ্‌ডিতৰ মুখৰফালে চোৱাত তেওঁ ক'লে, ‘বোপাই, তুমি বৰ সজ কথা ভাবিছা। আমাৰ গাঁৱৰ ডেকাবোৰে যদি নিজে পোহৰ পাই গিয়ান লভি নিজৰ কথাই কেৱল ভাবি থাকে, তেনেহ’লে দেশখনৰ উন্‌নতি হব কেনেকই বাৰু? তোমাৰ