বোৰো য'তে ত’তে পেলাইছে। এইবোৰৰ দুৰ্গন্ধ আহি নাকত লাগে।
বিপৰীত ফালৰ পৰা অহা জুৰমনে সুদীপক দেখি মাত লগালে, ‘বোপাই, অথনিয়েই পালাহি নেকি। বহুত দিনৰ মূৰকত দেখিলোঁ। বা-বাতৰি কোৱাচোন।’
সুদীপে চুমুকই বা-বতৰা দি সুধিলে-‘জুৰমন কাই, গাঁওখনৰ দেখোন চিৰি-বিধি একো চকুত নপৰে।’
হুমুনিয়াহ এটা কাঢ়ি জুৰমনে ক'লে, ' দুদিন থাকা বোপাই, নিজ চকুৰে সকলো দেখিবা। বানটোৱে আমাক মহটিয়াই গ'ল। সৰহভাগৰ ঘৰতে দুবেলা দুমুঠি খাবলই নাই। আমি আৰু লেলাট্, ভুন্জিহে জীয়াই আছোঁ৷—পিছে, তুমি দুই চাৰিদিন আছা নহয়? গধূলিলই বাৰু দেখা হ’ম। কথাও আছে তোমাৰ লগত।’
জুৰমন গ'ল যদিও তেওঁৰ কথাবোৰ শেলৰ দৰে সুদীপৰ বুকুত লাগিল। দিগেনে ক'লে, “ঠিকেই কইছে জুৰমন কাই- টিয়ে। গাঁওখনৰ দশা বৰ বেয়া হ'ল। কিবা নাটনিৰ দিনহে আহিল।’
ভকতপাৰাৰ ওচৰ পাই দুয়ো থমকি ৰ’ল। অতুল, ৰজনীয়ে জাল আৰু মাছৰ পাচি লই ঘৰৰ পিনে অগিবাঢ়িছে। দিগেনে মাত লগালে, ‘সেয়া অতুল আৰু ৰজনীকাই নোহো- ৱানে?' দুয়োৱে উভতি চাই হাঁহিলে। নিশাটো মাছ মাৰি ঘৰলই উভতিছে।
‘কিবা মাছ-পুঠি পালানে ককাইটিহ’ত?’ সুদীপে অলপ হাঁহি চিঞৰিয়ে সুধিলে। ‘অ’ সেইটি সুদীপ নহয়নে? কেতিয়া আহিলি? অতুলেও চিঞৰিয়ে কই কই ওচৰ চাপিল। 'ক’ত আৰু মাছ-পুঠি পাবি। দেশখনত কিবা আকাল লাগিল। বিল- পুখুৰীৰ পৰাও মাছ-পূঠি পলাই পত্ৰং দিলে।’ অতুলে কোৱা কথাখিনি ৰজনীয়ে 'হু’ বুলি শলাগি বিড়িডালত দীঘলীয়াকই হোপা এটা মাৰি পেলাই দিলে।