পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ৰ’দ জিলমিল


হইছে। গোবৰ পৰি থাকিলে কাষৰ ঘৰৰ লোকে আঁতৰাই পেলায়। চাফ্‌-চিকুণতাৰ বাবে বাট-পথবোৰ চালে চকুৰোৱা হই পৰিছে।

 গাঁওখনৰ পূবে বৰ পিতনি এডোখৰ আছে। সুদীপৰ মনত এটা বুধি খেলালে। পিতনিখন অঁতাই-পিতাই অলপ দ-কই খান্‌দি পাৰ বান্‌ধি দিলে দেখোন সুন্‌দৰ পুখুৰী এটা হই পৰিব। তাতে মাছ-পুঠি পুহিব পৰা হ'ব। সুদীপে কথাটো এদিন সেৱক দলৰ মেলত উলিয়ালে। সকলোৱে সুদীপৰ বুধিক বৰকই শলাগিলে। হয়োতো! ইমান বছৰে পিতনি- খন এনেকই পৰি আছে—সকলোৱে বাক্-দ’তৰ সাধুৰে সেইখন এৰা ঠাই কৰি থইছে। সেইখিনিতে যে এটা ধুনীয়া পুখুৰী হ'ব পাৰে, মাছ-পুঠি পুহিব পাৰে,—কাৰো ভাবেই হোৱা নাছিল। এইবোৰ হ'লেতো ঠাইখিনি শুৱনি হোৱাৰ উপৰিও মাছ-পুঠিৰ অভাৱ আঁতৰিব। অতুল-ৰজনীহঁতে বৰ ভাল পালে। সিহঁতে ইমান খাটি খাটি, মাছ-পুঠি একণ নাপায়। গাঁৱৰ মানুহৰ আৰু চৰা দাম দি কিনি খোৱাও নহয়। শুভ কাম সোনকালেই হ’ব লাগে বুলি সকলোৱে মত দিলে।

 বৰ পিতনিখন চাফ্‌ কৰিবলই গাঁৱৰ ৰাইজ ঢাক দি আহিল। সেৱক দলৰ আগত ভকতপাৰা, ধনিয়াপাৰাৰ বহুতো ৰাইজ আহি চকুৰ পলকতে পিতনিখন চাফা কৰি পেলালে। ডেকাবোৰে বহল আৰু দ-কই খানি মাটিবোৰ বামলই তুলি দিলে। চাৰিওটা পাৰ ওখ হই বৰ পিতনিখন সুন্‌দৰ বৰ পুখুৰী হই পৰিল। আহল-বহল দ পুখুৰীটোত পানী তলিত থাকিলেও বৰষুণৰ পানীৰে পূৰ হ'লে তাত মাছৰ পোনা মেলি দিব পৰা হ'ব! সুদীপে শুনিছিল—মীন বিভাগে হেনো মাছৰ পোনা দিয়ে। বেজী দি উন্‌নত জাতৰ মাছ পৰ্‌জনন্‌ কৰায়। ফলত সেই মাছবোৰ সোনকালে ডাঙৰ হয় আৰু খাবৰ