টানি নি পেলাই লেতেৰা কৰিব নোৱাৰে। তাত মাজে মাজে
ছাই আৰু ফেনাইল ছটিয়াই দিয়ে। পূৰ হ'লে সেইটো গাঁত
পুতি থই নতুন গাঁত খান্দি লয়।
গাঁৱৰ মানুহে য’তে ত’তে বাহিৰ ফুৰিবলই যোৱাটো বন্ধ হ’ল। সুদীপহঁতে শিকাই ফুৰিছে যে য’তে ত’তে ময়লা থাকিলে সেইবোৰে হাইজা, গৰহণী, পেলুৰ বেমাৰ আদি বঢ়ায়। পথাৰত ময়লাবোৰ থাকিলে পানীত উঠি যেনিয়ে-তেনিয়ে যায়। এই ময়লাবোৰৰ পৰা ওলাই হাঁকোটা পেলু, ফিটা পেলু, ঘূৰণীয়া কিৰিমি, যক্ৰিত পেলুৰ কণীবোৰ ঘাঁহ-বনত লাগি থাকে। সেইবোৰ নিৰোগী মানুহৰ ভৰিৰ তলুৱাৰে সোমাই পেট পায় আৰু নানান ৰোগত জীয়াতু ভোগায়। সেই কাৰণে এতিয়া গাঁৱৰ ৰাইজ বৰ সাৱধান। নিজৰ ঘৰৰ পাছফালৰ বাৰীৰ এচুকত গাঁত কৰি শউচ কৰা ঘৰ সাজি লইছে।
মলিয়ন কাপোৰ-কানিৰ পৰাও যে বেমাৰ বাঢ়ে সেইকথা সেৱিকা দলৰ সোণতৰাহঁতে ৰাইজক বুজাই ফুৰিছে। কম খৰচতে খাৰণি পানীৰে বা উতলা চ'ড়া পানীৰে কাপোৰ ধুই পিন্ধিবলই সকলোৰে মাজত হেঁপাহ জাগিছে। শেতেলীৰ কাপোৰবোৰো ৰ'দাই লবলই ঘৰৰ গিৰিহঁতনী সকলে এতিয়া নাপাহৰে। নিজৰ শৰীৰটোৰ যতন লবলইও সকলোৱে মন- কাণ কৰা হইছে। নাহৰকলি গাঁৱৰ দৰে এতিয়া ভকতপাৰা, হীৰাপাৰা, বনিয়াপাৰা, ইছলামপাৰাৰ ল'ৰা-ছোৱালীবোৰেও ৰাতি পুৱাতে উঠি বাৰীৰ দাঁতোনেৰে দাঁত ঘঁহে। কছৰত্ কৰে। অলপ ডাঙৰ হোৱা বোৰে পঢ়াশালিলই যাবলই লইছে। ফলি-পুথি লোৱাৰে পৰা শিকাৰ মন সিহঁতৰো বাঢ়িছে।
সেৱক দলে বাকী গাঁওবিলাকতো নানান উছাহ যোগাই নাহৰকলিলই উলটি আহিল। এতিয়া সেইবোৰ গাঁৱতো ডেকা-গাভৰুসকলে নিজৰ নিজৰ গাঁৱৰ চাৰিও চুকলই চকু দি গাঁওখন সজীৱ আৰু সুন্দৰ কৰি তুলিছে।