পৃষ্ঠা:ৰ’দ জিলমিল.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰ’দ জিলমিল


 ভকতপাৰা পাৰ হই দুইজনে নছিৰত্‌হঁতৰ গাঁৱত সোমাল। চেলিমে জাকই এখন বই আছিল। দুয়োকো সন্‌মুখত দেখি মাত লগালে, “বোপাইহঁত পুৱাতে এইফালেনো কি মন কৰি আহিলা?

 “তোমালোকক চাবলইকে আহিলোঁ’—সুদীপে মিচিকিয়াই উত্তৰ দিলে। ‘কিনো চাবা বোপা! অল্‌লাৰ ৰহমতত নমৰি কোনোমতে বাছি আছোঁ'—চেলিমে কথাখিনি কই জীয়েক ৰেহেনাক দুটা মুঢ়া আনিবলই পাচিলে৷

 তিনিও নানান দুখ-সুখৰ কথা পাতিলে। গাঁওখনৰ কথা। অভাৱ-অনাটনত জুৰুলা হোৱা গাঁওবাসীৰ ছবিয়ে সুদীপৰ ৰঙিয়াল মনটোক আঁউসীৰ আন্ধাৰৰ দৰে ঢাকি ধৰিলে।

 সুদীপহঁতক দেখি কেইটামান নাঙঠ-পিঙঠ ল'ৰা-ছোৱালী দ’উৰি আহি ওচৰতে ৰই থাকিল। মলিয়ন শাৰী এখন গাত মেৰিয়াই লোৱা ৰেহেনাই লাজ লাজকই দেউতাকৰ কাষত থিয় দি থাকিল। সুদীপে ভাবিলে, এই ল'ৰা-ছোৱালীবোৰৰ পিন্‌ধিবলই কাপোৰ নাই। ৰেহেনাৰ হয়তো সলাবলই আন