আৰু হিৰণ দোকানীৰ ঘৰৰ মানুহবোৰহে অহা নাই। খাবৰও
সময় হ’ল। ৰাইজে পাত-পটুৱা আগত ল'ই শাৰী শাৰীকই
বহিছে। সুদীপে দিগেনক ল’ই অলপ আগতে এফালে ওলাই
গ’ইছিল। ৰাইজে তেওঁলোকক আপেক্ষা কৰিয়েই বহি আছে।
তেওঁলোক আহিলেই খোৱা আৰম্ভ কৰিব। তিনিজনমান
ডেকা ল'ৰা অহাৰ উমান পাই ৰাইজে সুদীপহঁত অহা বুলি
বাটৰফালে চালে। কিন্তু সুদীপহঁতৰ সলনি দেখিলে কমল,
ৰমেন আৰু তিলকহে আহিছে। এই তিনজনেই সুদীপক
টঙনিওৱা কথাটো মনত পৰাত ৰাইজ জঁকি উঠিল। এনেতে
হঠাত সুদীপ আহি ওলাল। কমলক দেখি সুদীপে দুহাতেৰে
সাৱটি ধৰিলে। কমলৰ চকুলোৰে সুদীপৰ পিঠিখন তিতি গ’ল৷
বিজুলী-বাতিৰ পোহৰত উজলি উঠা ঠাইখিনিত নাহৰ- কলি গাঁৱৰ সকলো লোক এইদৰে একেলগ হ'ই খাবল'ই বহাৰ পৰ্থম সুযোগ পাইছে। সুদীপৰ আশা সফল হ'ল। কমলহঁতকো শাৰীত বহুৱাই ল'ইছে। এটা দুখ কিন্তু সুদীপৰ ৰ’ই গ'ল, বাৰে বাৰে অনুৰোধ কৰি অহাৰ পাচতো গাঁওবুঢ়া, ভদো, জয়বাপু আৰু হিৰণ দোকানীৰ ঘৰৰ কোনো নাহিল। সোণতৰাল’ই চিৰিঙ্, চিৰিঙ্ক’ই সুদীপৰ মনত পৰিল। সুদীপে ভাবিলে—গাঁওখনত এইবাৰ তাৰ কাম শেষ হ'ল। এতিয়া সেৱক-সেৱিকা দলেই কামবোৰ তদাৰক কৰিব পাৰিব।
ৰাইজ ভোজনৰ বাবে সাজু হ'ল। সুদীপে ৰাইজক সেৱা জনাই ক'লে,-‘ৰাইজ, আজি আমাৰ পৰম ভাইগৰ কথা। ৰাইজৰ বল যে হাজাৰ হাতীৰ বল—সেই কথা বুজিবল’ই আৰু কাৰো বাকী নাই। ৰাইজৰ মাজত মিলা-পিৰ্তি থাকিলেহে এইদৰে গাঁৱৰ বুকুত সফলতাৰ পদুম ফুলে। জানি বা নাজানি ৰাইজৰ ওচৰত আমি অলেখ দোষ কৰিছোঁ।