উপযোগী হই পৰে। আজিকালি এটা সৰু জলাশয়ত কণী
পাৰিবৰ সময় হোৱা মাছ আনি ৰখা হয়। কণী পৰাৰ পাছত
পোনা হোৱালই কিছুদিন ৰখা হয়। পোনাবোৰ ডাঙৰ হ'লে
পুখুৰী বা বিলত মেলি দিয়ে। এনে কৰিলে কণীবোৰ বা
পোনাবোৰৰ হানি-বিঘিনি নঘটে। সুদীপে ভাবিলে মীন
বিভাগৰ সহায় লই উন্নত নিয়মেৰে মাছৰ খেতি কৰিব
পৰা হ'ব। এই সমূহীয়া পুখুৰীৰ পৰা সকলোৱে মাছ খাব
পাৰিব। পাল পাতি সকলোৱে ধানৰ তুঁহ, চাউলৰ মল আদি
পুখুৰীত দিব।
সুদীপহঁতৰ নগৰলই যোৱাৰ সু-ফল দেখা গ'ল। এদিন জীপগাড়ী এখনৰ পৰা নাহৰকলি গাঁৱত কেইবাজনো বিষয়া নামিল। সুদীপ, দীগেনহঁতৰ স'তে সেৱক দলৰ ডেকাহঁতে তেওঁলোকক আগবঢ়াই আনিলে। সোণতৰাই সেৱিকা দলৰ কেইজনীমানক গোটাই আনি অতিথি সকলৰ সেৱা-সত্কাৰ কৰিলে। বিষয়াসকলে গাঁওখনৰ চাফ্-চিকুণতা দেখি অবাক হ'ল। তেওঁলোকে খেতি পথাৰ, বৰ পুখুৰী, নইৰ পাৰৰ মথাউৰী, আলি-পদূলি চাই চাই পৰম সন্তোষ লভিলে। পদুম পুখুৰীৰ পাৰত ৰ'ই গাঁওখনৰ ৰূপ চাই মুগ্ধ হ'ল। সেৱিকসকলৰ গুণ- বখনিলে। গাঁৱৰ বুঢ়া, আদহীয়া আনকি সৰু ল'ৰা-ছোৱালী বিলাকৰ সুন্দৰ সৰল আচৰণত অভিভূত হই গ'ল।
বিষয়া সকলে গাঁওখন চাই যোৱাৰ দুদিন পিচতে এখন লৰীত গাওখনৰ বাবে শইচৰ বীজ, সাৰ, পোক- পৰুৱাৰ দৰব আহি পালেহি। অলপ দিনৰ পিচত টেৰে- ক্টৰ এখনো আহি পালেহি। গাঁওখনত উলহ মালহ লাগি পৰিল।
সেৱক দলে একেলগে বহি বীজ-সাৰ আদি বিতৰণৰ বাবে আলচ কৰি থাকোতে হঠাতে তিলউৱে হেপাই-