হইছে। গিয়ান নহ'লে জীৱন বিফল বুলি মহান্লোক সকলে
কই গইছে।’
পণ্ডিতে মাত লগালে–‘বোপায়ে ঠিকেই কইছে। পঢ়াশালিল’ই নগলে ল'ৰা-ছোৱালীবোৰে পশুৰ দৰে খাব অৰুি শুবহে জানিব। চিন্তা কৰিবলই শিকিব কেনেক’ই? চিন্তা কৰিব নাজানিলে নিজকে নাজানিব। দেশৰ, দহৰ কথা ভাবিবলই শকতি পাব ক'ত? মই ভালেখিনি যতন কৰিও পঢ়া শিকোৱাৰ আয়োজনকে কৰিব নোৱাৰিলোঁ। এতিয়া সুদীপহঁতে নিজে পঢ়ি-শুনি আনবোৰকো গিয়ানৰ বাট দেখুৱাঁও বুলিছে। বৰ সজ কাম হ’ব। বৰ সজ হ'ব।’ জুৰমনে পণ্ডিতৰ কথাত হয়ভৰ দিলে। আঘোণা দাইটি, মেথো ককা, তিলউৱে হাত চাপৰি বজাই কথাটো সমৰ্থন কৰিলে। ভদোৱে উঠি লাহে লাহে ক'লে,—“ৰাইজ, পঢ়াশালি- খন হ'লে ভালৰে কথা। পিছে, ৰাইজৰ টকা-সিকানো ক'ত? পণ্ডিত ৰাখিবলইও টকাৰে নাটনি। বানপানীয়ে আমাক জুৰুলা কৰিলে। এতিয়াও দুই সইন্ধা চৰুৰ জুই নজলে—পঢ়ি-শুনি আমাৰ দুখীয়াৰ ল'ৰানো ক’ত হাকিম- মুন্ছিপ্ হবগই?' ভদোৰ কথাটোত বিমল, মিলন আৰু ৰতনে জক্জকাই উঠিল। ইমান দিনে বছৰ বছৰ ধৰি গাঁৱৰ বুঢ়া-মেথাবোৰে গাঁওখনত এটা পঢ়াশালি পাতিব নোৱাৰিলে— এতিয়া ডেকা মখাই লগলাগি পাতিব খোজোতেও বিধি পথালি দিব খোজে। এই কথাই কথা নহয়। সদায় আৰু সিহঁত অশিক্ষিত অগিয়ানী হই থাকিব নোৱাৰে। সুদীপৰ কথা সিহঁতৰ ভালদৰে মনত সোমাইছে।
কমলা বায়নৰ গল্গলীয়া মাতটোত কথোপকথনবোৰ তল পৰিল। তেওঁ ক'লে—‘ৰাইজ, পঢ়াশালি হ'বই। সই- দহতে মোৰ বহাৰ এই চ’ৰাঘৰত হওঁক। পাছে পৰে এটা ঘৰ সাজি গজগজীয়া কৰি লব লাগিব। ৰাইজৰ আলই-