কৰা ডাক্তৰ এজনো দুজন সহায়ক লই আহি নাহৰকলি
গাঁও পালেহি। এতিয়া আৰু গৰু-ম'হৰ বেমাৰত হাবাথুৰি
খাব নালাগে।
পশু-চিকিত্সক জনে কেইবাদিনো বায়নৰ আগ-চোতালৰ মেললই গই ৰাইজক বুজাইছে—কেনেকই হাঁহ-কুকুৰা পুহিব লাগে। কি দৰে গৰু-গাইৰ যতন ল'ব লাগে। ৰাইজে বৰ মনোযোগেৰে কথাবোৰ শুনিছে। পশু-ডাক্তৰৰ উপদেশ অনুসৰি ঘৰে ঘৰে হাঁহ-কুকুৰা পুহিছে। গৰু-গাইৰ ভালদৰে যতন লইছে। উন্নত গৰুৰ সঁচেৰে গাই-গৰুবোৰৰ পৰ্জনন কৰাইছে। তেওঁৰ কথামতে বাকৰিত ঘাঁহৰো খেতি কৰা হইছে।
এতিয়া নাহৰকলিৰ ৰাইজে গাখীৰ-কণীৰ সোৱাদৰ পৰা বন্চিত হব নালাগে। এতিয়া গাঁওখন ধানে-মাহে, গাখীৰ- মাছ-কণীৰে নদন-বদন। সুদীপে মন কৰিলে ল'ৰা-ছোৱালী- বোৰৰ চেহেৰা আৰু বৰণ দিনে দিনে সলনি হই আহিছে। বৰ পুখুৰীত মেলি দিয়া মাছৰ পোনাবোৰ ডাঙৰ হ'ই খদম্- দমাবল’ই আৰম্ভ কৰিছে। সৱল সুঠাম ল’ৰা-ছোৱালীবোৰে ৰঙতে জপিয়াই কিৰিলিয়াইছে।
সুদীপৰ নিৰ্দেশত সেৱক-সেৱিকা দলে গাঁওখনত নানান ধৰণৰ কাম কৰি নাহৰকলিৰ চেহেৰাই সলনি কৰি দিলে। হিৰণ দোকানীৰ দোকানৰ আগত বহি তাচ খেলা ডেকা কেইজনৰ এইবোৰ দেখি এতিয়াহে চকু গজিল। কমলৰ কথা শুনি সেৱক দলত যোগ নিদিয়া বাবে এতিয়া সিহঁতৰ মনত বৰ খেদ হ'ল। এতিয়া যোগ দিবলই যাবলইও লাজ পালে। ডেকা-গাভৰুবোৰ অনবৰতে কামত মগন হই থকা দেখি সিহঁতৰ নিজকে বৰ অলায়ক যেন লগা হ’ল। বুকু ডাঠি থিয় দিব নোৱাৰি চুচুক্চামাক্ কৰি থকা হ'ল। অহুকাণে পহুকাণে এইবোৰ কথা সুদীপৰ কাণত পৰাত