মিচিকিয়াই কথাখিনি শলাগি দিগেনে সুধিলে-‘পিছে,
কিমানলইনো পঢ়িলি?’
‘অনাৰচ লই বি-এ পাছ কৰিলোঁ। প্ৰথম বিভাগেই পালোঁ।’ সুদীপে উত্তৰত ক'লে।
‘পাবি, পাবি। তোক মণি পণ্ডিতে তাহানিতে জানো কোৱা নাছিল-সুদীপৰ বুধি বৰ ভাল, ঈচৰে কৰিলে এদিন বৰ মানুহ হব। মনত পৰেনে?’—দিগেনৰ কথাখিনি শুনি সুদীপৰ মনটোৱে দূৰ অতীতলই উৰা মাৰিলে।
চাৰি মাইলমান আঁতৰত থকা চটাই গাঁৱৰ পঢ়াশালিলই পঢ়িবলই যোৱাৰ কথা। দিগন-টিকেনহঁতে পঢ়িবলই এৰাৰ পাছতো অকলে অকলে গই পঢ়া-শুনা কৰা। কি যেন এটা সপোনে সুদীপক খুলি খুলি খাইছিল। বৰ মানুহ হোৱাৰ সপোনে সুদীপক লই গইছিল নাহৰকলি গাঁৱৰ পৰা চহৰৰ বুকুলই। ঘৰুৱা শিক্ষকতা কৰি, বাতৰি কাগজত এটা সাধাৰণ কাম কৰি পৰথম বিভাগত অনাৰচ লই বি-এ পাছ কৰা সুদীপেই গাঁওখনৰ পৰথম ডেকা।
সুদীপ কিছুসময় নিমাত হই থকাত দিগেনে সুধিলে- ‘কি ভাবি আছ অ’। এতিয়া পিছে চাকৰি-বাকৰি কি কৰাৰ মন? তই হাকিম-মুনছিফ্, কিবা এটা হ’লে গাঁওখনৰে সুনাম এটা হয়। উন্নতিও হয়।’
দিগেনৰ কথাখিনি শুনি সুদীপৰ হুমুনিয়াহ এটা ওলাই আহিল। লাহে লাহে কবলই ধৰিলে, ‘তই ঠিকেই কইছ— দিগেন, এদিন ভাবিছিলোঁ পঢ়ি-শুনি বৰ মানুহ হ’ম। নগৰ চহৰত চাকৰি কৰিম। পিতাইহঁতৰ সুখ হব। কিন্তু কি জান, আজি কেইমাহমানৰ পৰা মনটোৱে গাঁৱলই উৰা মাৰিছে। এইখন গাঁৱে—নাহৰকলিয়ে, দৰি নইয়ে যেন বাৰে বাৰে হাত বাউল দি মোক মাতিছে। আঘোণা কাইটি, মেথো ককা, কেনা, নেউলা, কলীয়া, ইৰ্ছাদ, অহেদ আলী সকলোৰে`