ওলাইছে। সেইবোৰৰ বিষয়ে যদি কোনোবাই কিবা জানে তাৰ দিহাহে দিব লাগে। নহ'লে বলীয়া বানটোৱে আৰু কাকো ৰেহাই নিদিয়ে। পেটত গাঠি দি আৰু কোনে কিমান দিন থাকিব পাৰে?’
আঘোণাকাইয়ে মাত লগালে—‘হওঁতে জুৰমনে উচিত কথাকে কইছে। আমাক পেটৰ ভাত মুঠিহে লাগে পোনতে। কোৱাই আছে বোলে আগতে চাউল কঠা, পিচাতহে হৰি কথা।' ‘হয় দেওঁ হে! পেটত খুদকণ এটাও নপৰিলে মুখৰ মাত ওলাব ক’ৰপৰা?'—চেলিমে অঘোণাৰ কথাখিনি শলাগিলে। সুদীপে এইবোৰ আলচেই কৰিবলই বিচাৰিছিল। কথাবোৰ ওলোৱাত ভালেই পালে। পুৰণিকলীয়া নিয়ম এৰি নতুন নিয়মত খেতি কৰিব লাগে। চৰকাৰৰ কিৰিষি বিষয়াসকলৰ লগত যোগাযোগ কৰি নতুন ধানৰ বীজ আনিব লাগিব। শইচবোৰ সোনকালে বঢ়াৰ সাৰো চৰকাৰে দিয়ে। ৰাইজৰ ভালৰ বাবেইতো চৰকাৰে যতন কৰিছে। ৰাইজ আওকণীয়া হ'লে কেনেকই হ’ব?
কেনা, নেউলা, অহেদ আলী—সকলোৱে একেমুখে ক'লে যে সুদীপ, দিগেন, টিকেন, ইছাদহঁতে চহৰলই গই কিৰিষি বিষয়াক লগ ধৰি বীজ, সাৰ আনিব লাগে। জয় বাপুৱে ভাল তিথি-বাৰ এটা চাই দিবলই গাত ল'লে।
সুদীপে ক'লে—‘ৰাইজ আৰু এটা কথা। আমি কেৱল ধানখেতি কৰি থাকিলেই নহব। দাইল, মাহ জাতীয় শইচ, তেল জাতীয় শইচৰো খেতি কৰিব লাগিব।’
হিৰণ দোকানীয়ে কথাখিনি শলাগি ক'লে--“সুদীপে ঠিকেই কইছে। দাইল, মাহ-তেল আদিতো আমি বাহিৰৰ পৰাই আনিব লাগে। গাঁৱতে হ'লে সকলোৰে কম বেচতে পায়।’
কথাটো ভদোৱে শলাগিলে, 'ইমান দিনে আমি কেৱল ধানখিনিৰেই কথা ভাবি আছিলোঁ। দাইল, মাহৰ বীজও জানো চৰকাৰে নিদিব সুদীপ বোপা?’