পৃষ্ঠা:ৰ’দ জিলমিল.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰ’দ জিলমিল



বানপানীয়ে সকলো শইচ মহটিয়াই গ'ল। বহু ঠাইত নতুন কঠিয়া পাৰিছে। গৰু-গাইবোৰ তেতিয়া পথাৰত। ঠায়ে ঠায়ে সৰু সৰু ল'ৰা-ছোৱালীবোৰে আলিবাটৰ মাজত হাই-গুদু খেলিছে। কিছুমানে বা টাংগুটি, বিৰিন গুটিও খেলিছে। সিহঁতে পাৰ হই যোৱা সুদীপহঁতৰ পিনে চাই খনতেক ৰই ফুচ্ ফুচাই কথা পাতিছে। এইদৰে ধূলিয়ে-মাকতিয়ে একাকাৰ হই গা-ঢালি খেল খেলোতেই সুদীপহঁতৰো শইশৱ-কইশোৰৰ বহুতো দিন বাগৰি গইছিল। উলাহত নাচি উঠা সুদীপৰ মনটো হঠাতে জঁয় পৰি গ'ল।

 দিগেনে কই গ'ল, “জান সুদীপ, গাঁৱৰ সৰহভাগ ল’ৰা- ছোৱালীয়ে এইদৰেই উমলি দিন কটায়। কেৱল পাঁচ নে ছজন ল'ৰাই চটাই গাঁৱৰ পঢ়াশালিলই যায়। আজিলইকে ইয়াত এখন পাঠশালা নহ'ল।

গাঁওৰ সৰহভাগ ল'ৰা-ছোৱালীয়ে এইদৰেই ওমলি দিন কটাই
গাঁওৰ সৰহভাগ ল'ৰা-ছোৱালীয়ে এইদৰেই ওমলি দিন কটাই

 হঠাতে উজুটি খাই পৰিব খোজা সুদীপে কথমপিহে নিজক নপৰাকই ৰাখিব পাৰিলে। বাট-পথবোৰো বেয়া হ'ল। কোনো মেৰামতি নাই। বাটৰ মাজে মাজে ডাঙৰ একোটা গাঁত। ভকতপাৰাৰ কাষৰ এছোৱা পথ নায়েই। বানপানীয়ে ছিঙিলে। জাবৰ-জোথৰৰ দমবোৰ বাটৰ দাঁতিত। গোবৰ-