নাই। গাঁৱৰ ৰাইজেই কৰিছে—মই নিমিত্ ত মাথোন।
আপুনি মোক ভুল বুজিছিল বুলিহে মই দুখ পাই আছিলোঁ।
এতিয়া আৰু মোৰ একো দুখ নাই। মই হাঁহি হাঁহি মোৰ
কামত আগবাঢ়ি যাম। গাঁৱৰ এই সমিল-মিল ভাব যিমান
দিনলই থাকিব সিমান দিনলই গাঁৱত হাঁহিৰ ফুল ফুলিয়েই
থাকিব।' কইয়েই সুদীপে গাঁওবুঢ়াৰ ভৰি চুই সেৱা এটা
কৰি খোজ আগবঢ়াব খুজিলে। মহান সুদীপক কি কব
কমল আৰু দেউতাকে ভাবিয়েই নাপালে।
খোজ দিওঁতেই সন্ মুখৰ পৰা জয়বাপুই আহি সুদীপক অগিভেটি ধৰি শিৰত ফুল-তুলসী দিলে। কঁপালত চন্ দনৰ ফোঁট এটা দি আঙুলি কেইটা থুপ খুৱাই সুদীপৰ গালত লগাই আনি নিজৰ ওঠত লগাই টপকই চুমা এটা খালে। ভদো আৰু হিৰণ দোকানীয়ে হেহোঁ নেহোঁ কৰি সুদীপৰ কাষত ৰ'ল। সুদীপৰ হাতত ধৰোঁতে—হিৰণ দোকানীৰ দুটোপাল তপত চকুলো সৰি পৰিল। সুদীপে চকুলই চাওঁতে ভদো-হিৰণ দুয়ো অকণমান হাঁহিব খুজিলে যদিও তিতা চকুৰ পতাৰে দুয়োকো কন্ দাৰ দৰেহে দেখিলে। আচ- লতে কান্ দিছিলেই।
এখোজ আগবাঢ়ি সুদীপে অক’উ থমকি ৰ’ই গোটেই বোৰ মানুহল’ই এবাৰ হেপাঁহেৰে চকু ফুৰাই চালে। তাৰ পিচত গাঁওবুঢ়ালই চাই ক'লে—“বৰপিতাই, এটা কথা কওঁ। পাৰিলে অহা বহাগতে তৰাৰ বিয়াখন বিনয় ডাকতৰৰ লগতে পাতি দিব।••• মই ডাক্ তৰক ক’ইছো।’
গাঁওবুঢ়াই কিবা এটা কবলই মুখ মেলতেই সুদীপে খোজ আগবঢ়াই দিলে। সকলো মানুহ গাঁৱৰ সীমালইকে আগবাঢ়ি আহিল। নিয়ৰত সেমেকা দুবৰি বনৰ ওপৰেৰে সুদীপ আগবাঢ়িল। লগে লগে সেমেকা চকুৰ পতাৰে দুকাষে আগবাঢ়িল দিগেন আৰু ইৰ্ ছাদ। সিহঁতৰ হাতৰ মুঠিত