পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ৰ’দ জিলমিল


 সুদীপে ক'লে—‘ৰাইজ, আমাৰ মাজত আজি বিনয় ডাক্‌তৰক পাই আমি নিজকে ধইন্‌ মানিছোঁ। আমাৰ অপায়ৰ বেলিকা তেখেতেই ভগৱানৰ দূত যেন হই আমাক ভীষণ বিপদৰ পৰা উধাৰিলে। এতিয়া তেখেতৰ চিৰি মুখৰ দুষাৰি মান কথা আপোনালোকে শুনক।’ সুদীপে কথাখিনি কই বিনয়ৰ কঁকালত এহাতেৰে সাৱটি ধৰি অকণমান আগবঢ়াই দি নিজে ৰাইজৰ লগত বহি ল'লে।

 ডাক্‌তৰে ক’লে—‘ৰাইজ, নাহৰকলিলই আহি মোৰ এনেকুৱা লাগিছে যেন মোৰ ইমান দিনৰ সপোনৰ আদৰশ গাঁওখন এইখনেই। এতিয়া মোৰ চহৰলই ঘূৰি গই কাম কৰাৰ মন অকণো নাই। সুদীপহঁতৰ দৰে ডেকাহঁতে মোৰ মন-চকু মুকলি কৰি দিছে। ৰাইজৰ মৰমৰ বান্- ধোনে মোক ইয়াতে থাকি ৰাইজৰ সেৱা কৰিবলই উদ্‌- গণি দিছে। আপোনালোকে বিচাৰিলে মই আপোনালোকৰ মাজতে থাকি...' বিনয় ডাক্‌তৰে কথাষাৰ শেষ কৰি- বলইয়ে নাপালে। জাউৰি জাউৰি হাত চাপৰি আৰু চিঞৰ শুনা গ'ল—‘আপোনাক আমাৰ মাজত লাগে। আপুনি থাকি- বই লাগিব।' হাই-উৰুমি শাঁত পৰিলত গাঁওবুঢ়াৰ মাত গুনা গ’ল—‘বৰ সজ হব বিনয় বোপাই। আমি ৰাইজখনে আশীষ জনাইছো, তোমাৰ কুশল হওঁক।’

 ডাক্‌তৰে মূৰ দোঁৱাই আশীষ ল'লে। তাৰ পিচত হাঁহি হাঁহি কলে—‘ৰাইজ বেয়া নাপায় যদি মই এটা বিশেষ কথা কব খুজিছোঁ। মইও আপোনালোকৰ মাজৰে এজন। আপোনা- লোকে জানে মাটি নাবাঢ়ে। যিখিনি মাটি আছে তাতে শইচৰ খেতি কৰিব লাগিব। গোটেই গাঁওখনৰ গোটেই কেইটা পৰি- য়ালে তাৰেই পেট পৰবতাব লাগিব। যদি আমাৰ ঘৰে ঘৰে পৰিয়ালৰ পৰিমাণ বাঢ়ি যায় তেনেহ'লে খাবলই-পিন্ ধিবলই জুৰিব কৰ পৰানো? গতিকে আমি জনমৰ হাৰ কমাব লাগিব।’