পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ৰ’দ জিলমিল


গতিকে এমুঠি খোৱাৰ বাবেই হাহাকাৰ কৰিব লাগিব। সেয়ে ৰাইজ জোৰ পুৰি হাত পালেহি। সময় থাকোঁতেই পৰিয়াল সীমিত কৰিব লাগে। আজিকালি বহুত নিয়ম ওলাইছে। মইতো আছোঁৱেই ৰাইজৰ মাজত। ঠিক জানিব সৰু পৰিয়াল, সুখী পৰিয়াল। এটা বা দুটা থকাই ভাল। তেতিয়াহে ভালদৰে যতন কৰি সকলোকে লায়কৰ কৰি মানুহ কৰিব পাৰিব।’

 বিনয় ডাক্‌তৰৰ উপদেশখিনি ৰাইজৰ মনত লাগিল। বিবাহিত মুনিহ-তিৰুতা বেছি ভাগেই জনম-ৰোধৰ আঁচনিত যোগদান কৰিলে। ইমান দিনে ভগৱানৰ হাতত থকা বুলি ভবা কথাবোৰ আচলতে যে মানুহৰ নিজৰ হাততেই আছে— ডাক্‌তৰে ক'লতহে সকলোৰে গিয়ান হল।

ডাক্‌তৰৰ সহায়ত পৰিয়াল-পৰিক্ লপনাৰ কামটো সহজে হই উঠাত সুদীপৰ ভাল লাগিল। এটা জটিল কাম তেওঁৰ সহজতে সমাধা হ’ল—সুদীপে ভাবিলে।

এটা কামে আন এটা কামৰ বাট মুকলি কৰে। গাঁও- খনৰ বাবে শইচৰ বীজ, সাৰ, টেৰেক্‌টৰ আহি পালে সঁচা