কিয় নিদিব? আমি চহৰলই গ'লে এই বিষয়েও কথা পাতিম। শুনিছো এইবোৰ শইচৰ বীজ কম বেচতে খেতিয়ক সকলক দিব। ভালকই কই-মেলি এনেয়েও আনিব পৰা হ'ব পাৰে।'—সুদীপে সমিধানত ক'লে।
‘তেতিয়াহলে বৰ সজ কথা হয়দেও! তেনে এটা সোন- কালে হ'লে আল্লাৰ ৰহমতত আমি দুখীয়া নিছলাসকলে তৰিব পাৰোঁ।'—চেলিমে বৰ আশাৰে ক'লে।
গল খেকৰি এটা মাৰি কমলা বায়নে ক'লে—‘পিছে এটা কথা ৰাইজে মন কৰিছেনে? বৰষুণলই বাট চাওঁতে চাওঁতে দেখোন কেতিয়াবা কোদাল শালোঁতে মাহৰ বতৰো যায়। পথাৰত পানীৰ কিবা এটা কৰিব নোৱাৰিনে? তাতে আক’ সেই আপদীয়া বানটো আছেই নহয়!’
গাওবুঢ়াইও কথাটোত হয় ভৰ দি ক'লে--যেতিয়ালইকে বানটো ভেটিব নোৱাৰি তেতিয়ালইকে সকলো মিছা। খেতিৰ পানী আৰু বৰষুণৰ পানী টুপিতেহে আশা!
‘অ' গাঁওবুঢ়াকাই, তুমি ছাগই গমেই পোৱা নাই। পানী নোহোৱা খেতি পথাৰত পানী যোগান ধৰিবৰ কাৰণে চৰকাৰে বহু টকা-সিকা ভাঙি পানী ঢলাৰ দিহা কৰিছে। জল-সিন্ছন্ বুলি কয়। ডাঙৰ ডাঙৰ ন'ইবোৰৰ পৰা পানী আনি শুকান হই থকা খেতি পথাৰলই বোৱাই দিয়া হয়। খৰাঙ্ ঠাইবোৰত আক’উ কুঁৱা খান্দি, দমকল বহুৱাইও পানী উলিয়াই খেতিত দিয়া হয়’—মণি পণ্ডিতে কোৱা সাৰুৱা কথাখিনি ৰাইজে বৰ মনোযোগেৰে শুনিলে।
ৰাইজে ইমান দিনে এইবোৰ কথা জনাই নাছিল। জানিবলই যতনও কৰা নাছিল। সুদীপ আহি এইদৰে আলচৰ মেল বহুৱালে বুলিহে খেতিৰ বিষয়ে ন ন কথা জানিবলই সুযোগ পাইছে।