চিনিলে দুই এখন পুথি-পাজিকে চাব পাৰি, বাতৰি কাগজ-
খনকে পঢ়িব পাৰি। তেতিয়া মনটোও ফৰকাল হই থাকে।
ৰাইজ, যতন কৰিলে ৰতন পাবই। অসাইধ একো নাই।'
পণ্ডিতৰ কথাখিনি শুনি চেলিমে মাত লগালে—‘পণ্ডিতে
বৰ হক কথা কইছে। আখৰ পঢ়িব নজনা কাৰণেই আমি
অজলা হই আছোঁ। মাটিৰ দলীলখন পঢ়িব নোৱাৰা কাৰণে
সিবেলি পিনু মহৰীয়ে কিবাকিবি লিখি টিপ্চহী এটা মোৰ
পৰা লই পেচত পেলাই মোৰ দুবিঘা মাটি তেওঁ নিজৰ
কৰি ল'লে।’
জুৰমনে নিশা হই অহাৰ কাৰণে মেল সামৰাৰ চলতে নিজৰ মত বেকত কৰি ক'লে—‘ৰাইজ, এতিয়া অঁহিয়াবাদি কৰি থাকিলে কি হ'ব? দিনৰ ভাগত তেনেহ'লে ল'ৰা- ছোৱালীবোৰেই পঢ়ক। গধূলি গধূলি আমি ডেকা-বুঢ়া সকলোৱে আজিৰ দৰে বায়নৰ আগ চোতালত গোট-পিত খাই ক-খ কেইটা শিকিম। লগতে দুটা নতুন কথাও শুনিম।’
সুদীপৰ বহুদিনীয়া আশা এটা পূৰণ হোৱাৰ ৰেঙণি দেখা গ'ল। যাওঁতে যাওঁতে সুদীপে ভাবি গ’ল—বায়নৰ চ'ৰা ঘৰতে পঢ়াশালিখন পাতি গাঁৱৰ ল'ৰা-ছোৱালীবোৰক গোট খুৱাই শিকাব লাগিব। দিগেন, টিকেনেও পঢ়োৱাত লাগি-ভাগি দিব পাৰিব। বয়সীয়াল মানুহখিনিকো শিকাই বুজাই ল'ব লাগিব। নিৰক্ষৰ হই থকাটো দেশৰ কাৰণে বৰ লাজৰ কথা। গান্ধীজীয়ে কোৱা কথা এষাৰ সুদীপৰ বাৰে বাৰে মনত পৰিল—আমাৰ দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰিব লাগিব৷ সকলোৱে কাম চলাব পৰাকই লিখিব আৰু পঢ়িব জানিব লাগিব। তেতিয়াহে আমি দেশখনলই পোহৰৰ ন-ঢল বোৱাই আনিব পাৰিম।