এখন শাৰী নাই। যাৰ খাবলই খুদকণৰ সম্বল নাই, সেই
সকলে কাপোৰৰ কথা ভাবে কেনেকই?
একোটা গোমা মন লই দিগেন অৰুি সুদীপে পুনৰ বনিয়াপাৰা, হীৰাপাৰাৰ মাজেৰে গাঁৱলই উলটিল। গিৰি নোহোৱা ফাপৰে ধৰা কুকুৰৰ দৰে চেহেৰাৰ এসোপামান ল'ৰা-ছোৱালীয়ে বাটত খেলিছে, দউৰিছে, কাজিয়া কৰিছে। গাত মাথো এডুখৰিকই কাপোৰ মেৰিয়াই লোৱা, বুকুৰ কামি- হাড় গণিব পৰা এইবোৰ ল'ৰা-ছোৱালীয়েইতো দেশৰ ভবিষ্যত। গাঁৱৰ আশাৰ বনতি॥ অজানিতে সুদীপৰ চকুৰ কোণ দুটা সেমেকি উঠিল।
দিগেন বিদায় দি এমুঠি খাই পাটীত পৰি পৰি সুদীপে ভাবিলে—এনেবোৰ নিছলা গাঁৱৰ লোকেইতো দেশৰ আগ কলিজা। ভাৰতবৰষত এনে কিমান গাঁও আছে—কিমান মানুহ আছে যিসকলে পোহৰ দেখা নাই। চিৰকাল আন্ধাৰত তিল্তিল্কই জীৱন শেষ কৰিছে। বাপতিসাহোন মাটি ডৰাক লয়েই ভৱিষ্যতৰ সপোন ৰচা মানুহবোৰে পেট ভৰাই খাবলই নাপায়। কথাবোৰ ভাবি থাকোতে সুদীপৰ টোপনি আহিল। নিশাৰ ভাগৰবোৰে হেঁচি ধৰিলে। মুনি-চুনি পৰতহে সাৰ পাই দেখিলে গৰখীয়াবোৰে পথাৰৰ গৰু- গাইবোৰ লই উভতিছে। গাঁৱৰ বাটৰ ধূলিবোৰ উৰিছে। নামঘৰৰ ডবাত কোব পৰিল। হাত দুখন যোৰ কৰি সুদীপে মূৰটো দোঁৱালে। তাহানি পঢ়াৰ মেজৰ কাষত আঁৰি থোৱা মহাত্মা গান্ধীৰ ছবিখনলই বাৰে বাৰে সুদীপৰ মনত পৰিল। এইজন মানুহে গাঁৱৰ কথা ভাবিছিল। কইছিল —গাঁৱৰ উন্নতি হ'লেহে দেশৰ উন্নতি হব। সুদীপে আকাশলই চালে—সাঁজ তৰাটো ট ট কই আকাশত জিলিকি উঠিছে।