পৃষ্ঠা:ৰ’দ জিলমিল.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ৰ’দ জিলমিল


এৰাতো! বাটকুৰি বাই ইমান দূৰলই যাবতো পাৰিবাই!! পণ্‌ডিতৰ ৰূপহী জীয়েক পমিলী বোলা জনী আছে নহয়! আমাৰ এইফালে আহিবলইনো সময় হব ক'ৰ পৰা তোমাৰ?' হাঁহি হাঁহি সোণতৰাৰ ঠেঁহ পতা চুপতিবোৰ শুনি থাকিবলই বেয়া লগা নাছিল যদিও নিজৰ জৰুৰী কামৰ তালিকাখন মনত পৰাত লৰালৰিকই সুদীপে ক'লে,-“এতিয়া পিছে তই মোক তহঁতৰ ঘৰত সোমাবলই দিবি নে নঙলামুখৰ পৰাই বিদায় দিবি?”

 কথাখিনি শুনিহে সোণতৰাই নিজেই লাজ পালে। কিযে আৰু তাই! নওঁলামুখতে মুখচুপতি মাৰি আছে অথচ ভিতৰলই আহিবলই কোৱা নাই। অলপ কোমল সুৰত ক'লে- ‘আহাঁ ককাইদেউ, ভিতৰলইকে আহাঁ৷’ উলাহতে সোণতৰাই পখিলাৰ দৰে উৰি ভিতৰ পালেগই।