গাওঁবুঢ়াৰ পৰা জোৰেৰে বাধা পালে যদিও সুদীপে সেও নামানিলে। ফুল আনিব খুজিলে কাঁইটে ফুটিবই। সুদীপে মেলত তপত ভাষাৰেই সজোৰে ক'লে—‘গাঁওখনৰ ভাল কৰিবলই হ'লে আপোনপেটা ভাৱ এৰি সমূহৰ মঙ্গলৰ বাবে চাবই লাগিব। গাঁৱৰ পথাৰত ধান-মাহ হ'ব, ঘেঁহু হ'ব, ৰবি খেতিৰ শইচ হ'ব। সেইবোৰ তো গাঁৱৰ মানুহেই পাব। সমবায় হ'লে কোনেও লঘোণে থাকিব লগা নহ'ব। সকলোৱে সমানে ভাগ পাব।
সুদীপৰ কথাত ৰাইজে উজান দিলে। দহৰ নাও বামেৰেও যায়। সেৱক দলে গাঁৱৰ পতিত মাটি দখল কৰি কিছু বন্ধকীৰ মাটিতো জোৰকইয়ে টেৰেক্টৰ চলাই দিলে। টেৰেক্টৰৰ ঘৰ্ ঘৰ্ শৱদ গাঁওখনত ৰজন জনাই গ'ল। কিৰিষি বিষয়াই পঠিওৱা শইচৰ বীজ, সাৰ পথাৰত সিঁচি
দিয়া হ’ল। বৰষুণৰ পানীয়ে শইচবোৰক জগাই তুলিলে। চাওঁতে চাওঁতে লহ্পহক’ই পথাৰত শইচ বাঢ়ি আহিল। সমূহীয়া ভাবে কৰা কাৰণে দুখক দুখ যেনেই নালাগিল। ভবাতক'ইও সৰহ শইচে পথাৰ ওপচাই পেলালে। ৰাইজৰ মাজত ন-উছাহৰ ঢল বাগৰিল।
গাঁওবুঢ়া, ভদো, হিৰণ দোকানী আৰু জয়বাপুৱে অনেক বুধি-কউশল কৰিও বন্ধকীৰ মাটি নিজৰ দখলত ৰাখিব